ETV Bharat / international

প্ৰধানমন্ত্ৰী মোদীৰ ৰাছিয়া ভ্ৰমণক লৈ ঈৰ্ষান্বিত নেকি পশ্চিমীয়া দেশসমূহ ? - PM Modi Russia visit

Prime Minister Narendra Modi: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাছিয়া ভ্ৰমণক লৈ চৰ্চা চলি থকাৰ মাজতে ৰাছিয়াই পশ্চিমীয়া দেশসমূহক আক্ৰমণ কৰে । ৰাছিয়াই দাবী কৰা মতে মোদীৰ ভ্ৰমণক লৈ পশ্চিমৰ দেশসমূহ ঈৰ্ষান্বিত আৰু তেওঁলোকে এই ভ্ৰমণৰ ওপৰত চোকা দৃষ্টি ৰাখিছে ।

author img

By ANI

Published : Jul 8, 2024, 11:52 AM IST

PM Modi Russia visit
প্ৰধানমন্ত্ৰী মোদীৰ ৰাছিয়া ভ্ৰমণক লৈ ঈৰ্ষান্বিত পশ্চিমীয়া দেশ (ANI)

ইণ্টাৰনেশ্যনেল ডেস্ক, ৮ জুলাই : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে ৰাছিয়া ভ্ৰমণ কৰিব । যাক লৈ বিশ্বজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ইয়াৰ মাজতে ক্ৰেমলিনৰ মুখপাত্ৰ দিমিত্ৰী পেস্কোভে পশ্চিমীয়া দেশসমূহক লক্ষ্য কৰি লয় । তেওঁ কয় যে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ দুদিনীয়া ৰাছিয়া ভ্ৰমণক লৈ পশ্চিমীয়া দেশসমূহ ঈৰ্ষান্বিত । তেওঁলোকে প্ৰধানমন্ত্ৰীগৰাকীৰ ভ্ৰমণ নিবিড়ভাৱে নিৰীক্ষণ কৰি আছে বুলিও তেওঁ দাবী কৰে । আনহাতে এই নিবিড় নিৰীক্ষণৰ অৰ্থ হৈছে তেওঁলোকে ইয়াক যথেষ্ট গুৰুত্ব দিছে । আনহাতে পশ্চিমীয়া দেশসমূহে এয়া ভুল কৰা নাই কিয়নো এই ভ্ৰমণ গুৰুত্ব দিবলগীয়া বুলিও দাবী কৰে পেস্কোভে ।

আনহাতে মস্কোত প্ৰধানমন্ত্ৰী মোদীৰ কাৰ্যসূচী অনুসৰি ৰাষ্ট্ৰপতি পুটিনৰ সৈতে পাৰস্পৰিক গুৰুত্বপূৰ্ণ আঞ্চলিক আৰু গোলকীয় বিষয়ত আলোচনা অন্তৰ্ভুক্ত আছে । বৈদেশিক সচিব বিনয় কোৱাট্ৰাই উল্লেখ কৰে যে ভাৰত-প্ৰশান্ত মহাসাগৰীয় উন্নয়ন তেওঁলোকৰ আলোচনাৰ গুৰুত্বপূৰ্ণ বিষয় হ'ব । ভাৰত আৰু ৰাছিয়া দুয়োখন দেশৰ বাবে এই ভ্ৰমণ গুৰুত্বপূৰ্ণ বুলি তেওঁ উল্লেখ কৰে । এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ৰাছিয়াত ভাৰতীয় সম্প্ৰদায়ৰ সৈতেও আলোচনাত মিলিত হ'ব ।

বৈদেশিক সচিব বিনয় কোৱাট্ৰাই কোৱা মতে দুয়োগৰাকী নেতাৰ মাজত ব্যক্তিগত পৰ্যায়ৰ আলোচনাৰ পিচত প্ৰতিনিধি পৰ্যায়ৰ আলোচনা হ'ব । প্ৰধানমন্ত্ৰীৰ মস্কো ভ্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত আৰু ৰাছিয়াৰ মাজত সাংস্কৃতিক সম্পৰ্ক বজাই ৰখাৰ উদ্দেশ্যে এক বিশেষ অনুষ্ঠানৰো আয়োজন কৰা হ'ব । য'ত কথক নৃত্যৰ প্ৰশিক্ষণ প্ৰাপ্ত ৰাছিয়াৰ শিল্পীসকলে নৃত্য পৰিৱেশন কৰিব । ২২ সংখ্যক ভাৰত-ৰাছিয়া বাৰ্ষিক সন্মিলনৰ বাবে ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ আমন্ত্ৰণত প্ৰধানমন্ত্ৰী মোদীয়ে এই ভ্ৰমণ কৰাৰ লগে লগে ৯ জুলাইত অনুষ্ঠিত হ'বলগীয়া এই অনুষ্ঠানৰ বিশেষ গুৰুত্ব আছে ।

সাংস্কৃতিক অনুষ্ঠানক লৈ আশাবাদী ৰাছিয়াৰ শিল্পীসকল । নাটালিয়া নামৰ এগৰাকী শিল্পীৰ মতে তেওঁ যোৱা ৭ বছৰ ধৰি কথক নৃত্যৰ প্ৰশিক্ষণ লৈ আছে । অৱশেষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত তেওঁ এই কলা প্ৰদৰ্শন কৰিবলৈ যথেষ্ট আগ্ৰহী হৈ আছে । শিল্পীগৰাকীৰ মতে প্ৰধানমন্ত্ৰীৰ মস্কো ভ্ৰমণে দুয়োখন দেশৰ মাজত থকা শক্তিশালী সম্পৰ্কক সূচায় ।

লগতে পঢ়ক :ৰাছিয়াৰ পিচত অষ্ট্ৰিয়ালৈ যাব প্ৰধানমন্ত্ৰী মোদী - PM Modi Austria visit

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.