ETV Bharat / international

ৰাম মন্দিৰৰ সন্দৰ্ভত ভুলকৈ বাতৰি প্ৰকাশ নকৰিবলৈ পশ্চিমীয়া সংবাদ মাধ্যমলৈ আহ্বান বিশ্ব হিন্দু পৰিষদৰ

author img

By PTI

Published : Jan 24, 2024, 10:58 AM IST

Vishva Hindu Parishad reaction : ৰাম মন্দিৰৰ সন্দৰ্ভত পশ্চিমীয়া সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰিক লৈ প্ৰতিক্ৰিয়া বিশ্ব হিন্দু পৰিষদৰ ৷ মিছা আৰু পক্ষপাতমূলক বাতৰিৰ জৰিয়তে শান্তি প্ৰিয় মানুহৰ মাজত হিংসাৰ ভাব বিয়পাব বিচাৰিছে বুলি অভিযোগ উত্থাপন বিশ্ব হিন্দু পৰিষদৰ ৷

Vishwa Hindu Parishad's reaction to reports published in western media regarding Ram temple
ভুলকৈ বাতৰি প্ৰকাশ নকৰিবলৈ পশ্চিমীয়া সংবাদ মাধ্যমলৈ আহ্বান বিশ্ব হিন্দু পৰিষদৰ

ইন্টাৰনেশ্যনেল ডেস্ক, 24 জানুৱাৰী : দেশৰ প্ৰতিটো প্ৰান্তত ৰাম নামেৰে মুখৰিত ৷ 21 জানুৱাৰীত অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হ’ল ৷ কিন্তু একাংশ পশ্চিমীয়া সংবাদমাধ্যমত ৰাম মন্দিৰ সন্দৰ্ভত ভুলকৈ বাতৰি প্ৰকাশ কৰাক লৈ বৰ্তমান প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ উল্লেখ্য যে, এ বি চি, বি বি চি, চি এন এন, এম এছ এন বি চিৰ দৰে একাংশ সংবাদ মাধ্যমে ভগ্ন মছজিদৰ ওপৰত মন্দিৰ নিৰ্মাণ কৰা হৈছে বুলি বাতৰি প্ৰকাশ কৰিছে ৷ উক্ত বাতৰিৰ জৰিয়তে হিংসা বিয়পাব বিচাৰিছে বুলি অভিযোগ উত্থাপন কৰে আমেৰিকা, কানাডা আৰু অষ্ট্ৰেলিয়া দেশৰ বিশ্ব হিন্দু পৰিষদে ৷

শীঘ্ৰে তেনে বাতৰি আঁতৰাবলৈ দাবী জনাই বিশ্ব হিন্দু পৰিষদে এক বিবৃতিৰ জৰিয়তে কয়, মিছা আৰু পক্ষপাতমূলক বাতৰিৰ জৰিয়তে শান্তি প্ৰিয় মানুহৰ মাজত হিংসাৰ ভাব বিয়পাব ৷ এনে ধৰণৰ কাৰ্য দায়িত্বহীন সাংবাদিকতাৰ সমান, যাক সমাধান কৰিব লাগিব ৷ সমগ্ৰ বিশ্বৰ হিন্দু সম্প্ৰদায় হৈছে এক শান্তিপ্ৰেমী, প্ৰগতিশীল যি বাসুধৈৱ কুটুম্বুকামৰ অৰ্থাৎ পৃথিৱীখন এটা পৰিয়াল হিচাপে বিশ্বাস কৰে ।

হিন্দু কানাডিয়ান সম্প্ৰদায়ৰ বিৰুদ্ধে ঘৃণা বিয়পাবলৈ এনে বিভ্ৰান্তিকৰ আৰু ভুলকৈ বাতৰি প্ৰকাশ কৰিছে ৷ এনে সাংবাদিকতাই দেশখনত শান্তিপূৰ্ণ কানাডিয়ান সমাজৰ ভিতৰত শান্তি বিঘ্নিত কৰাৰ ভাবুকি হৈ পৰিছে ৷

পৃথক বিবৃতিত তিনিওটা সংগঠনে তেওঁলোকৰ উদ্বেগ ব্যক্ত কৰি কয় যে, এটা ভগ্ন মছজিদৰ ওপৰত নিৰ্মাণ কৰা বুলি চলোৱা প্ৰচাৰ বিভ্ৰান্তিকৰ তথ্য আৰু গৰিহণা যোগ্য ।

22 জানুৱাৰীত ঐতিহাসিক ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠাৰ কভাৰেজত এ বি চি, বি বি চি, চি এন এন, এম এছ এন বি চি আৰু আল জাজিৰাৰ দ্বাৰা প্ৰকাশিত বাতৰি পক্ষপাতমূলক ৷ বিশ্বব্যাপী হিন্দুসকলে অনুভৱ কৰা একতা আৰু আনন্দস্বত্বেও, একাংশ সংবাদ মাধ্যমসমূহৰ দায়িত্বহীন সাংবাদিকতাই হতাশ বুলি উল্লেখ কৰে ভি এইচ পিয়ে ৷

লগতে পঢ়ক : ৰাম ভজনেৰে মুখৰিত নিউয়ৰ্কৰ টাইমছ স্কোৱেৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.