ETV Bharat / international

লোহিত সাগৰত হুথিৰ তিনি জাহাজ বিৰোধী মিছাইল ধ্বংস আমেৰিকাৰ - মিছাইল ধ্বংস আমেৰিকাৰ

Houthi Anti Ship missiles : শুকুৰবাৰে পুৱা আমেৰিকান বাহিনীয়ে য়েমেনৰ হুথি লক্ষ্যস্থানৰ বিৰুদ্ধে তিনিটা সফল আত্মৰক্ষামূলক আক্ৰমণ চলায় । আমেৰিকাৰ সামৰিক বাহিনীয়ে গ্ৰহণ কৰা এইটো হৈছে চতুৰ্থ প্ৰাৰম্ভিক পদক্ষেপ । হোৱাইট হাউছে এক বিবৃতিত এনেদৰে কয় ।

হুথিৰ তিনি জাহাজ বিৰোধী মিছাইল ধ্বংস আমেৰিকাৰ

author img

By ANI

Published : Jan 20, 2024, 8:10 AM IST

Updated : Jan 23, 2024, 11:06 AM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, ২০ জানুৱাৰী : য়েমেনৰ হুথি বিদ্ৰোহীৰ বিৰুদ্ধে আমেৰিকাৰ পুনৰ আক্ৰমণ । এইবাৰ আমেৰিকাই লোহিত সাগৰত হুথিৰ তিনিটা জাহাজ বিৰোধী ক্ষেপণাস্ত্ৰ ধ্বংস কৰে । হোৱাইট হাউছে এক বিবৃতিত এই কথা নিশ্চিত কৰিছে যে লোহিত সাগৰত সাম্প্ৰতিক উত্তেজনাৰ মাজতে আমেৰিকাৰ সামৰিক বাহিনীয়ে হাতত লোৱা এইটো হৈছে চতুৰ্থ প্ৰাৰম্ভিক পদক্ষেপ ।

"আজি পুৱা আমেৰিকান বাহিনীয়ে য়েমেনৰ হুথি লক্ষ্যস্থানৰ বিৰুদ্ধে তিনিটা সফল আত্মৰক্ষামূলক আক্ৰমণ চলায় । আমেৰিকাৰ সামৰিক বাহিনীয়ে গ্ৰহণ কৰা এইটো হৈছে চতুৰ্থ প্ৰাৰম্ভিক পদক্ষেপ ।" শুকুৰবাৰে হোৱাইট হাউছে এক বিবৃতিত কয় ।

আনহাতে, আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ডে জনাইছে যে এই জাহাজ বিৰোধী মিছাইলবোৰে অঞ্চলটোত বাণিজ্যিক জাহাজ আৰু আমেৰিকাৰ নৌসেনাৰ জাহাজসমূহৰ বাবে 'এক আসন্ন ভাবুকি' প্ৰদান কৰিছিল । ফলত সন্ধিয়া প্ৰায় ৬.৪৫ বজাত (ছানা সময় অনুসৰি) এই আক্ৰমণ সংঘটিত কৰা হয় ।

"নৌ-চলাচলৰ স্বাধীনতা সুৰক্ষিত কৰা আৰু সামুদ্ৰিক জাহাজৰ ওপৰত আক্ৰমণ প্ৰতিহত কৰাৰ বাবে চলি থকা প্ৰচেষ্টাৰ অংশ হিচাপে আমেৰিকাৰ নৌসেনাৰ জাহাজ লোহিত সাগৰত উপস্থিত আছে । ১৯ জানুৱাৰীৰ সন্ধিয়া প্ৰায় ৬.৪৫ বজাত (ছানা সময় অনুসৰি) আমেৰিকান কেন্দ্ৰীয় কমাণ্ড বাহিনীয়ে তিনিটা হুথি জাহাজ বিৰোধী ক্ষেপণাস্ত্ৰৰ বিৰুদ্ধে আক্ৰমণ চলায় । এই ক্ষেপণাস্ত্ৰবোৰ দক্ষিণ লোহিত সাগৰক লক্ষ্য কৰি উৎক্ষেপণ কৰিবলৈ প্ৰস্তুত আছিল ।" আমেৰিকান কেন্দ্ৰীয় কমাণ্ডে এক্স পোষ্টত কয় ।

"আমেৰিকান বাহিনীয়ে য়েমেনৰ হুথি নিয়ন্ত্ৰিত অঞ্চলসমূহত মিছাইলবোৰ চিনাক্ত কৰিছে আৰু এইটো নিৰ্ধাৰণ কৰিছে যে সেইবোৰে অঞ্চলটোত বাণিজ্যিক জাহাজ আৰু আমেৰিকান নৌসেনাৰ জাহাজসমূহৰ বাবে এক আসন্ন ভাবুকি প্ৰদান কৰিছে । পৰৱৰ্তী সময়ত আমেৰিকান বাহিনীয়ে আত্মৰক্ষাৰ বাবে মিছাইলবোৰ আক্ৰমণ কৰি ধ্বংস কৰে । এই পদক্ষেপে আমেৰিকাৰ নৌসেনাৰ জাহাজ আৰু বাণিজ্যিক জাহাজৰ বাবে আন্তঃৰাষ্ট্ৰীয় জলসীমা সুৰক্ষিত কৰি তুলিব ।" বিবৃতিটোত লগতে কোৱা হৈছে ।

লগতে পঢ়ক :লোহিত সাগৰত সন্ত্ৰাস; য়েমেনৰ হুথি বিদ্ৰোহীক বিশ্ব সন্ত্ৰাসবাদী ঘোষণা আমেৰিকাৰ

Last Updated : Jan 23, 2024, 11:06 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.