ETV Bharat / international

উত্তপ্ত মধ্য প্ৰাচ্য: ইজৰাইলৰ সৈতে 20 বিলিয়ন মাৰ্কিন ডলাৰৰ অস্ত্ৰ বিক্ৰী চুক্তি আমেৰিকাৰ - US ARMS SALE

author img

By ETV Bharat Assamese Team

Published : Aug 14, 2024, 9:10 AM IST

US Relations with Israel: অব্যাহত আছে ইজৰাইল-পেলেষ্টাইনৰ যুদ্ধ ৷ 10 মাহ জুৰি এই সংঘৰ্ষ অব্যাহত থকাৰ সময়তে মঙলবাৰে আমেৰিকাই 20 বিলিয়ন মাৰ্কিন ডলাৰৰ যুদ্ধ বিমান আৰু অন্যান্য সামৰিক সঁজুলি ইজৰাইলক বিক্ৰী কৰিবলৈ অনুমোদন জনায় ৷ অৱশ্যে পেণ্টাগনে ইজৰাইলে এই ডেলিভাৰী লাভ কৰিবলৈ বছৰ বছৰ সময়ৰ প্ৰয়োজন হ’ব বুলি কয় ৷

US Approves $20 Billion In Weapons Sales To Israel Amid Threat Of Wider Middle East War
ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্য়াহু (ANI)

ইণ্টাৰনেশ্যনেল ডেস্ক, 14 আগষ্ট: মঙলবাৰে আমেৰিকাৰ বিদেশ মন্ত্ৰণালয়ে ঘোষণা কৰে যে ইজৰাইলক 20 বিলিয়ন ডলাৰৰ অস্ত্ৰ বিক্ৰীৰ বাবে অনুমোদন জনোৱা হৈছে ৷ য’ত আছে কেইবাখনো যুঁজাৰু বিমান আৰু উন্নত বায়ু ক্ষেপণাস্ত্ৰ ।

এই চুক্তিৰ অধীনত ইজৰাইলে লাভ কৰিব 50 খনতকৈও অধিক এফ-15 যুঁজাৰু বিমান, এডভান্সড মিডিয়াম ৰেঞ্জ এয়াৰ-টু-এয়াৰ মিছাইল বা এ এম আৰ এ এম, 120 মিমি টেংক গোলা-বাৰুদ আৰু উচ্চ বিস্ফোৰক মৰ্টাৰ আৰু কৌশলগত বাহন ৷

উল্লেখ্য যে, মধ্য প্ৰাচ্যৰ সম্প্ৰসাৰিত যুদ্ধত ইজৰাইল জড়িত হ’ব পাৰে বুলি চৰ্চা চলাৰ সময়তে এই অস্ত্ৰ যোগান ধৰা হৈছে । অৱশ্যে এই অস্ত্ৰসমূহ ইজৰাইলে শীঘ্ৰে লাভ কৰাৰ আশা নাই ৷ কাৰণ এনেবোৰ চুক্তি কাৰ্যকৰী হ’বলৈ বছৰ বছৰ সময়ৰ প্ৰয়োজন । ইজৰাইলৰ সামৰিক সামৰ্থ দীৰ্ঘম্যাদীভাৱে বৃদ্ধি কৰাত সহায় কৰিবলৈহে ইয়াৰে বহুখিনি অস্ত্ৰ বিক্ৰী কৰা হৈছে ।

অস্ত্ৰ বিক্ৰী সন্দৰ্ভত এক বিবৃতি প্ৰকাশ কৰি বিদেশ মন্ত্ৰণালয়ে কয়, “আমেৰিকা ইজৰাইলৰ নিৰাপত্তাৰ প্ৰতি দায়ৱদ্ধ আৰু ইজৰাইলক শক্তিশালী আৰু আত্মৰক্ষাৰ ক্ষমতা গঢ়ি তোলাটো আমেৰিকাৰ জাতীয় স্বাৰ্থৰ বাবে অতি প্ৰয়োজনীয় । এই প্ৰস্তাৱিত বিক্ৰীৰ সৈতে সেই লক্ষ্যসমূহৰ সামঞ্জস্য আছে ।"

গাজাত অসামৰিক লোকৰ মৃত্যুৰ সংখ্যা বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে ৷ দেশখনৰ সাংসদ আৰু আমেৰিকাৰ জনসাধাৰণৰ পৰা ক্ৰমাৎ যুদ্ধবিৰোধী আহ্বান বৃদ্ধি পোৱা আৰু বাইডেন প্ৰশাসনে ইজৰাইলৰ প্ৰতি অবিৰত সমৰ্থনৰ মাজত ভাৰসাম্য ৰক্ষা কৰিবলগীয়া হৈছে । 7 অক্টোবৰৰ পৰাই আৰম্ভ হৈছে ইজৰাইল-পেলেষ্টাইনৰ সংঘৰ্ষ ৷

এই অস্ত্ৰ চুক্তিসমূহত কেৱল বয়িঙে উৎপাদন হ’বলগীয়া নতুন 50 খন বিমানৰ বিক্ৰীয়েই নহয় । ইয়াৰ উপৰিও ইজৰাইলৰ বাবে অন্যান্য উন্নীতকৰণৰ লগতে নতুন ইঞ্জিন আৰু ৰাডাৰৰ সৈতে নিজৰ বৰ্তমানৰ দুই ডজন এফ-15 যুঁজাৰু বিমানৰ বহন সংশোধন কৰিব পৰাকৈ উন্নীতকৰণ কিট অন্তৰ্ভুক্ত কৰা হ’ব । 2029 চনত প্ৰথমটো ডেলিভাৰীৰ আশা কৰা হৈছে ।

লগতে পঢ়ক: ইজৰাইলক আক্ৰমণৰ ভাবুকি: আমেৰিকা আৰু ইউৰোপীয় মিত্ৰশক্তিৰ ইৰাণলৈ সতৰ্কবাণী - Israel Attack Threats by Iran

গাজাৰ বিদ্যালয়ত পুনৰ আক্ৰমণ ইজৰাইলৰ : নিহত প্ৰায় ১০০ - Israeli Airstrike on Gaza School

ইজৰাইলৰ লক্ষ্য নিৰ্ধাৰিত হত্যা : ভৱিষ্যতৰ পৰিণাম কি ? - Israel Hamas War

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.