ETV Bharat / international

মোদী-জেলেনস্কিৰ দ্বিপাক্ষিক আলোচনাৰ সামৰণি : কৃষি-চিকিৎসা-সাহায্যৰ ক্ষেত্ৰত ৩ খন চুক্তি স্বাক্ষৰ - PM Narendra Modi in Ukraine

author img

By ETV Bharat Assamese Team

Published : Aug 23, 2024, 8:21 PM IST

PM Modi visits Ukraine : ইউক্ৰেইনত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ মাজত দ্বিপাক্ষিক আলোচনা ৷ এই আলোচনাই বিশ্বৰ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে । দুয়োখন দেশে চিকিৎসা, কৃষি আৰু মানৱীয় সাহায্যৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে তিনিখনকৈ চুক্তিত স্বাক্ষৰ কৰে ।

PM Narendra Modi in Ukraine
মোদী-জেলেনস্কিৰ দ্বিপাক্ষিক আলোচনাৰ সামৰণি (IANS)

ইন্টাৰনেশ্যনেল ডেস্ক, 23 আগষ্ট : পোলেণ্ডৰ পাছত শুকুৰবাৰে যুদ্ধপীড়িত ইউক্ৰেইনত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । মোদী হৈছে ইউক্ৰেইন ভ্ৰমণ কৰা প্ৰথমগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰী । ৰাষ্ট্ৰপতি ভল'ডিমিৰ জেলেনস্কিৰ আমন্ত্ৰণ মৰ্মে ইউক্ৰেইনত উপস্থিত হয় ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

ইউক্ৰেইনত উপস্থিত হৈ প্ৰধানমন্ত্ৰী মোদীয়ে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ সৈতে এক দ্বিপাক্ষিক আলোচনাত মিলিত হয় ৷ প্ৰায় তিনি ঘণ্টাৰো অধিক সময় এই আলোচনা চলিছিল । ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ এই আলোচনাক বিশ্লেষকসকলে বিশ্ব ৰাজনৈতিক মঞ্চত ভাৰতৰ কৌশলগত স্বায়ত্তশাসনৰ দৃঢ়তা হিচাপে গ্ৰহণ কৰিছে ৷

১৯৯১ চনত ইউক্ৰেইনে স্বাধীনতা লাভ কৰাৰ পিছত ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে কৰা এয়া প্ৰথম ভ্ৰমণ । দুয়োখন দেশে চিকিৎসা, কৃষি আৰু মানৱীয় সাহায্যৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে তিনিখনকৈ চুক্তিত স্বাক্ষৰ কৰে ।

ৰাছিয়া-ইউক্ৰেইনৰ সংঘাত সমাধানৰ লক্ষ্যৰে বহু চোৱাচিতা কৰা মস্কো ভ্ৰমণৰ ছয় সপ্তাহৰ পাছত প্ৰধানমন্ত্ৰী মোদীয়ে ইউক্ৰেইনৰ ৰাজধানী কিয়েভলৈ তেওঁৰ ঐতিহাসিক ভ্ৰমণ আৰম্ভ কৰে । ১৯৯১ চনত ইউক্ৰেইনে স্বাধীনতা লাভ কৰাৰ পিছত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ এইটোৱেই প্ৰথম ইউক্ৰেইন ভ্ৰমণ আৰু কিয়েভৰ ৰাছিয়াৰ ভূখণ্ডত নতুন সামৰিক আক্ৰমণৰ মাজতে তেওঁ এই ভ্ৰমণ কৰে ।

লগতে পঢ়ক : ইউক্ৰেইন ভ্ৰমণকাৰী প্ৰথমগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰী হ’ব নৰেন্দ্ৰ মোদী - PM Modi to visit Ukraine

পোলেণ্ডৰ পৰা প্ৰায় ১০ ঘণ্টীয়া ৰে’ল যাত্ৰাৰ অন্তত উপস্থিত হোৱাৰ সময়ত হায়াট হোটেলত ভাৰতীয় লোকসকলে মোদীক উষ্ম আদৰণি জনায় । ইয়াৰ কিছু সময়ৰ পিছতে মোদীয়ে ইউক্ৰেইনৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয়ত শ্বহীদ বিজ্ঞানী প্ৰদৰ্শনী পৰিদৰ্শন কৰে ৷ য’ত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কিয়ে প্ৰধানমন্ত্ৰীগৰাকীক উষ্মভাৱে হাত মিলাই আলিংগন কৰে।

ইউক্ৰেইন আৰু বৃহত্তৰ অঞ্চলটোলৈ শান্তি আৰু স্থিতিশীলতা অনাৰ ওপৰত গুৰুত্ব আৰোপ কৰি মোদীয়ে জেলেনস্কিৰ সৈতে এজন এজনকৈ আৰু প্ৰতিনিধি পৰ্যায়ৰ দুয়োটা আলোচনাত মিলিত হ’ব । প্ৰধানমন্ত্ৰীগৰাকীৰ কিয়েভ ভ্ৰমণক বহু দিশত কূটনৈতিক ভাৰসাম্য ৰক্ষাৰ কাৰ্য হিচাপে দেখা গৈছে কাৰণ তেওঁৰ ৰাছিয়া ভ্ৰমণে পশ্চিমীয়া দেশসমূহৰ মাজত যন্ত্ৰণাৰ সৃষ্টি কৰিছিল । (সংবাদ সংস্থাৰ বাতৰি অনুসৰি যুগুতোৱা তথ্য)

লগতে পঢ়ক : ইউক্ৰেইন ভ্ৰমণৰ পূৰ্বে শান্তিৰ বাৰ্তা মোদীৰ: ভাৰতে স্থায়ী শান্তিৰ পোষকতা কৰে, আলোচনা-কূটনীতিত বিশ্বাস কৰে - PM Modi Ukraine visit

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.