ETV Bharat / international

ট্ৰাম্প ৰেলী শ্বুটিং: আব্ৰাহাম লিংকনৰ পৰা কেনেডীলৈ, হত্যাৰ বলি হৈছিল 4 জনকৈ ৰাষ্ট্ৰপতি - Trump Rally Shooting

author img

By ETV Bharat Assamese Team

Published : Jul 14, 2024, 9:54 PM IST

US Presidents : আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ওপৰত হোৱা আক্ৰমণৰ পটভূমিত, ১৭৭৬ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিষ্ঠাৰ পিচৰে পৰা সংঘটিত হোৱা আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি, প্ৰাক্তন ৰাষ্ট্ৰপতি আৰু মুখ্য দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীসকলক লক্ষ্য কৰি কৰা কিছুমান হত্যা আৰু হত্যাৰ চেষ্টাৰ ওপৰত আলোকপাত-

TRUMP RALLY SHOOTING
আব্ৰাহাম লিংকনৰ পৰা কেনেডীলৈ এক আলোকপাত (AP PHOTO)

ইন্টাৰনেশ্যনেল ডেস্ক, 14 জুলাই : শনিবাৰে প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ হত্যাৰ স্পষ্ট প্ৰচেষ্টাৰ পূৰ্বেও, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি, প্ৰাক্তন ৰাষ্ট্ৰপতি আৰু মুখ্য দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীসকলক লক্ষ্য কৰি লোৱা ৰাজনৈতিক হিংসাৰ একাধিক উদাহৰণ আছে ৷

1776 চনত আমেৰিকা যুক্তৰাষ্ট্ৰ প্ৰতিষ্ঠা হোৱাৰ পিচত সংঘটিত কিছুমান হত্যা আৰু হত্যাৰ চেষ্টাৰ ওপৰত এক আলোকপাত :

আব্ৰাহাম লিংকন, ষষ্ঠদশ ৰাষ্ট্ৰপতি-

1865 চনৰ 14 এপ্ৰিলত জন ৱিল্কেছ বুথৰ দ্বাৰা গুলীয়াই হত্যা কৰা লিংকন আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰথম ৰাষ্ট্ৰপতি আছিল ৷ তেওঁ আৰু তেওঁৰ পত্নী মেৰী টড লিংকনে ৱাশ্বিংটনৰ ফৰ্ড থিয়েটাৰত "আৱাৰ আমেৰিকান কাজিন" নামৰ এক বিশেষ কমেডি প্ৰদৰ্শনত অংশগ্ৰহণ কৰিছিল ৷

TRUMP RALLY SHOOTING
লিংকনৰ হত্যাৰ ৪ দিন আগতে তোলা এখন ফটো (AP PHOTO)

লিংকনক মূৰৰ পিচফালে গুলী মৰাৰ পিচত তেওঁক চিকিৎসাৰ বাবে থিয়েটাৰৰ পৰা ৰাস্তাৰ সিপাৰে থকা এটা ঘৰলৈ লৈ যোৱা হৈছিল ৷ ঘটনাৰ পিচদিনা পুৱা তেওঁৰ মৃত্যু হয় ৷ ক'লা ছালৰ লোকৰ অধিকাৰৰ প্ৰতি তেওঁৰ সমৰ্থনেই লিংকনৰ হত্যাৰ আঁৰৰ উদ্দেশ্য হিচাপে উল্লেখ কৰা হৈছে ৷ হত্যাৰ দুবছৰ পূৰ্বে দাসত্বক লৈ সংঘটিত গৃহযুদ্ধৰ সময়ত লিংকনে সংঘৰ ভিতৰত দাসসকলক স্বাধীনতা প্ৰদান কৰি মুক্তিৰ ঘোষণা জাৰি কৰিছিল ৷

TRUMP RALLY SHOOTING
লাইব্ৰেৰী অৱ কংগ্ৰেছে প্ৰদান কৰা ১৮৬৫ চনৰ এপ্ৰিল মাহৰ এই ফটোখনত ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনৰ হত্যাকাণ্ডস্থলীত ফৰ্ড থিয়েটাৰত থকা বাকচটো দেখা গৈছে। (AP PHOTO)

লিংকনৰ পিচত উপ-ৰাষ্ট্ৰপতি এণ্ড্ৰিউ জনছন ৰাষ্ট্ৰপতিৰ আসনত বহিছিল ৷ ইফালে 1865 চনৰ 26 এপ্ৰিলত ভাৰ্জিনিয়াৰ বলিং গ্ৰীণৰ ওচৰৰ এটা শস্যৰ ভঁৰালত লুকাই থকা অৱস্থাত বুথক গুলীয়াই হত্যা কৰা হয় ৷

জেমছ গাৰফিল্ড, 20 সংখ্যক ৰাষ্ট্ৰপতি-

কাৰ্যভাৰ গ্ৰহণ কৰাৰ ছমাহ পিত গাৰফিল্ড আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্বিতীয় জন ৰাষ্ট্ৰপতি আছিল যাক হত্যা কৰা হৈছিল ৷ 1881 চনৰ 2 জুলাইত তেওঁ ৱাশ্বিংটনৰ এটা ৰে’ল ষ্টেচনৰ মাজেৰে খোজকাঢ়ি নিউ ইংলেণ্ডলৈ যোৱা ৰে’ল ধৰিবলৈ গৈ আছিল যেতিয়া চাৰ্লচ গুইটেউৱে তেওঁক গুলীয়াইছিল ৷

টেলিফোনৰ উদ্ভাৱক আলেকজেণ্ডাৰ গ্ৰাহাম বেলে ৰাষ্ট্ৰপতিগৰাকীৰ বাবে বিশেষভাৱে ডিজাইন কৰা এটা যন্ত্ৰ ব্যৱহাৰ কৰি গাৰ্ফিল্ডৰ বুকুত সোমাই থকা গুলীটো বিচাৰি উলিয়াবলৈ বিফল চেষ্টা কৰিছিল ৷ মৃত্যুমুখত পৰা ৰাষ্ট্ৰপতিগৰাকীয়ে কেবা সপ্তাহ ধৰি হোৱাইট হাউছত আছিল যদিও ছেপ্টেম্বৰ মাহত নিউ জাৰ্ছিৰ তীৰলৈ লৈ যোৱাৰ পিচত তেওঁৰ মৃত্যু হয় ৷ ছমাহ ধৰি তেওঁ ৰাষ্ট্ৰপতিৰ কাৰ্যভাৰ গ্ৰহণ কৰিছিল ৷

গাৰফিল্ডৰ পিচত উপ-ৰাষ্ট্ৰপতি চেষ্টাৰ আৰ্থাৰে কাৰ্যনিৰ্বাহ কৰে ৷ 1882 চনৰ জুন মাহত গুইটেউক দোষী সাব্যস্ত কৰি মৃত্যুদণ্ড দিয়া হয় ৷

উইলিয়াম মেককিনলি, 25 সংখ্যক ৰাষ্ট্ৰপতি-

1901 চনৰ 6 ছেপ্টেম্বৰত নিউয়ৰ্কৰ বাফেলোত ভাষণ দিয়াৰ পিচত মেককিনলিক গুলীয়াই হত্যা কৰা হৈছিল ৷ তেওঁ ৰিচিভিং লাইনৰ মাজেৰে পাৰ হৈ যোৱা লোকসকলৰ সৈতে হাত মিলাই আছিল যেতিয়া এজন ব্যক্তিয়ে পইণ্ট-ব্লেংক ৰেঞ্জত তেওঁৰ বুকুত দুটা গুলীচালনা কৰিছিল ৷ চিকিৎসকসকলে মেককিনলি আৰোগ্য হ'ব বুলি আশা কৰিছিল যদিও তেওঁৰ মৃত্যু হয় ৷

দ্বিতীয়টো কাৰ্যকাল মুকলি কৰাৰ ছমাহৰ পাচত 1901 চনৰ 14 ছেপ্টেম্বৰত মেককিনলিৰ মৃত্যু হয় ৷ তেওঁৰ পিচত উপ-ৰাষ্ট্ৰপতি থিয়ডৰ ৰুজভেল্ট ৰাষ্ট্ৰপতিৰ আসনত বহে ৷ ডেট্ৰাইটৰ বাসিন্দা 28 বছৰীয়া লিঅ’ন এফ চেলগোছে গুলীচালনাৰ কথা স্বীকাৰ কৰে ৷ বিচাৰত দোষী সাব্যস্ত কৰি 1901 চনৰ 29 অক্টোবৰত হত্যাকাৰীটোক ইলেক্ট্ৰিক চকীত মৃত্যুদণ্ড দিয়া হয় ৷

ফ্ৰেংকলিন ডি ৰুজভেল্ট, 32 সংখ্যক ৰাষ্ট্ৰপতি-

সেই সময়ত নিৰ্বাচিত ৰাষ্ট্ৰপতি ৰুজভেল্টে এখন মুকলি গাড়ীৰ পিচফালৰ পৰা মিয়ামীত ভাষণ দি আছিল, তেতিয়াই গুলীৰ শব্দ হয় ৷ 1933 চনৰ ফেব্ৰুৱাৰী মাহত চিকাগোৰ মেয়ৰ এণ্টন চেৰমাকৰ মৃত্যু হোৱা এই গুলীচালনাত ৰুজভেল্ট আহত হোৱা নাছিল ৷ গুইচেপে জাংগাৰাক গুলীচালনাৰ গোচৰত দোষী সাব্যস্ত কৰি মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰা হয় ৷

হেৰী এছ ট্ৰুমেন, 33 সংখ্যক ৰাষ্ট্ৰপতি-

ট্ৰুমেন 1950 চনৰ নৱেম্বৰ মাহত হোৱাইট হাউচৰ পৰা ৰাস্তাৰ সিপাৰে থকা ব্লেয়াৰ হাউচত আছিল যেতিয়া দুজন বন্দুকধাৰী সোমাই আহিছিল ৷ ট্ৰুমেন আঘাতপ্ৰাপ্ত হোৱা নাছিল, কিন্তু হোৱাইট হাউচৰ এজন আৰক্ষী আৰু এজন আক্ৰমণকাৰী গুলীবৰ্ষণত নিহত হৈছিল ৷ হোৱাইট হাউচৰ আন দুজন আৰক্ষী আহত হৈছিল ৷

অস্কাৰ কালাজোক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু মৃত্যুদণ্ড দিয়া হৈছিল ৷ 1952 চনত ট্ৰুমেনে এই শাস্তি আজীৱন কাৰাদণ্ডলৈ পৰিৱৰ্তন কৰে ৷ তেওঁক 1979 চনত ৰাষ্ট্ৰপতি জিমি কাৰ্টাৰে কাৰাগাৰৰ পৰা মুক্তি দিছিল ৷

জন এফ কেনেডি, 35 সংখ্যক ৰাষ্ট্ৰপতি-

1963 চনৰ নৱেম্বৰ মাহত প্ৰথম মহিলা জেকলিন কেনেডিৰ সৈতে ডালাচ ভ্ৰমণ কৰাৰ সময়ত কেনেডিক উচ্চ ক্ষমতাসম্পন্ন ৰাইফলৰে সজ্জিত এজন লুকুাই থকা হত্যাকাৰীয়ে মাৰাত্মকভাৱে গুলীয়াইছিল ৷ ডালাছৰ ডাউন-টাউনৰ ডিলি প্লাজাৰ মাজেৰে ৰাষ্ট্ৰপতিৰ মটৰকেডখন ঘূৰি অহাৰ লগে লগে গুলীচালনা হয় ৷ কেনেডিক ততাতৈয়াকৈ পাৰ্কলেণ্ড মেম'ৰিয়েল হাস্পতাললৈ লৈ যোৱা হয়, য'ত সোনকালেই তেওঁৰ মৃত্যু হয় ৷

TRUMP RALLY SHOOTING
ৰাষ্ট্ৰপতি জন এফ কেনেডীয়ে তেওঁক গুলীয়াই হত্যা কৰাৰ প্ৰায় একমিনিট আগতে মটৰকেডত নিজৰ গাড়ীৰ পৰা হাত জোকাৰিছে, ১৯৬৩ চনৰ ২২ নৱেম্বৰত ডালাছত। (AP PHOTO)

তেওঁৰ পিচত উপ-ৰাষ্ট্ৰপতি লিণ্ডন বি জনছনে এয়াৰ ফৰ্চ ৱানত থকা কনফাৰেন্স ৰুমৰ কাৰ্যালয়ত শপত গ্ৰহণ কৰে ৷ তেওঁ একমাত্ৰ ৰাষ্ট্ৰপতি যিয়ে বিমানত কাৰ্যালয়ৰ শপত গ্ৰহণ কৰে ৷ হত্যাৰ কেইঘণ্টামান পিচত, আৰক্ষীয়ে টেক্সাছ স্কুল বুক ডিপজিটৰী নামৰ ওচৰৰ এটা অট্টালিকাত স্নাইপাৰ পাৰ্চ পোৱাৰ পিচত লী হাৰ্ভে অছৱাল্ডক গ্ৰেপ্তাৰ কৰে ৷ দুদিন পিচত, অছৱাল্ডক আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ পৰা কাউণ্টি কাৰাগাৰলৈ লৈ যোৱা হৈছিল যেতিয়া ডালাছ নাইট ক্লাবৰ মালিক জেক ৰুবি আগবাঢ়ি গৈছিল আৰু অছৱাল্ডক গুলীয়াই হত্যা কৰে ৷

গেৰাল্ড ফৰ্ড, 38 সংখ্যক ৰাষ্ট্ৰপতি-

ফৰ্ডে 1975 চনত সপ্তাহৰ ভিতৰত দুটা হত্যাৰ চেষ্টাৰ সন্মুখীন হৈছিল আৰু দুয়োটা ঘটনাতে তেওঁ আঘাত প্ৰাপ্ত নোহোৱাকৈ ৰক্ষা পৰিছিল ৷ প্ৰথম প্ৰচেষ্টাত, ফৰ্ডে চেক্ৰামেণ্টোত কেলিফৰ্ণিয়াৰ গৱৰ্ণৰৰ সৈতে এখন বৈঠকলৈ গৈ আছিল যেতিয়া চাৰ্লছ মেনছনৰ শিষ্য লিনেট "স্কুইকী" ফ্ৰমে ৰাস্তাত ভিৰ ঠেলি দিছিল, এটা অৰ্ধ-স্বয়ংক্ৰিয় পিষ্টল ফৰ্ডলৈ টোঁৱাইছিল ৷ কিন্তু বন্দুকৰ গুলী ফুটা নাছিল ৷

TRUMP RALLY SHOOTING
১৯৭৫ চনৰ ২২ ছেপ্টেম্বৰত ছান ফ্ৰান্সিস্কোৰ ছেইণ্ট ফ্ৰান্সিছ হোটেলৰ পৰা ওলাই যোৱাৰ সময়ত গুলীচালনাৰ পিছত ৰাষ্ট্ৰপতি ফৰ্ডে নিজৰ লিমুজিনৰ পিছফালে হাঁহ মাৰি বাহনখনৰ ভিতৰলৈ সোমাই যায়।ৰাষ্ট্ৰপতি ফৰ্ডক ৱাশ্বিংটনলৈ উভতি যাবলৈ বিমানবন্দৰলৈ লৈ যোৱা হয়। (AP PHOTO)

ফ্ৰমক কাৰাদণ্ড বিহা হৈছিল আৰু 2009 চনত মুক্তি দিয়া হৈছিল ৷ এই ঘটনাৰ 17 দিনৰ পিচত আন এগৰাকী মহিলা চাৰা জেন মূৰে ছান ফ্ৰান্সিস্কোৰ এখন হোটেলৰ বাহিৰত ফৰ্ডৰ মুখামুখি হৈছিল ৷ মূৰে এটা গুলী চালনা কৰিছিল যদিও লক্ষ্যভ্ৰষ্ট হয় ৷ এজন দৰ্শকে তেওঁৰ বাহুত ধৰিছিল যিহেতু দ্বিতীয়টো শ্বটৰ বাবে মহিলাগৰাকীয়ে চেষ্টা কৰিছিল ৷ মূৰক কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল আৰু 2007 চনত মুক্তি দিয়া হৈছিল ৷

লগতে পঢ়ক : ড’নাল্ড ট্ৰাম্পৰ আক্ৰমণৰ ঘটনাক গৰিহণা প্ৰধানমন্ত্ৰী মোদী-ৰাহুল গান্ধীৰ - Donald Trump Shooting

ৰোনাল্ড ৰেগান, 40 সংখ্যক ৰাষ্ট্ৰপতি-

ৰেগানে ৱাশ্বিংটন ডি চি-ত ভাষণ দি তেওঁৰ মটৰগাড়ীলৈ খোজ কাঢ়ি আছিল যেতিয়া তেওঁক জন হিংকলি জুনিয়ৰে গুলীয়াইছিল, যি ভিৰৰ মাজত আছিল ৷ 1981 চনৰ মাৰ্চ মাহত হোৱা এই শ্বুটিঙৰ পৰা ৰেগান সুস্থ হৈ উঠিছিল ৷ এইন গুলীচালনাৰ ফলত তিনিজন লোক মৃত্যু হয় আৰু তেওঁৰ প্ৰেছ সচিব জেমছ ব্ৰেডী আংশিকভাৱে পক্ষাঘাতগ্ৰস্ত হয় ৷

TRUMP RALLY SHOOTING
1981 চনৰ 30 মাৰ্চ সোমবাৰৰ এই কম্বিনেচন ফাইল ফটোখনত ৰাষ্ট্ৰপতি ৰেগানে হাত জোকাৰিছে, তাৰ পিচত ৱাশ্বিংটনৰ এখন হোটেলৰ বাহিৰত গুলী চলোৱাৰ পিচত ছিক্ৰেট চাৰ্ভিচৰ এজেণ্টে ৰাষ্ট্ৰপতিৰ লিমুজিনলৈ ঠেলি দিয়াৰ পূৰ্বে ওপৰলৈ চাইছে ৷ (AP PHOTO)

ৰেগানক গুলীয়াই হত্যা কৰাৰ চেষ্টা কৰাৰ এই ঘটনাত মানসিক অসুস্থতাৰ বাবে জুৰীয়ে আততায়ীক দোষী সাব্যস্ত নকৰাৰ পিচত হিংকলীক গ্ৰেপ্তাৰ কৰা হয় আৰু মানসিক চিকিৎসালয়ত আৱদ্ধ কৰি ৰখা হয় ৷ 2022 চনত, এজন ন্যায়াধীশে তেওঁক "নিজৰ বা আনৰ বাবে বিপদ নহয়" বুলি নিৰ্ধাৰণ কৰাৰ পিচত হিংকলীক আদালতৰ তদাৰকৰ পৰা মুক্ত কৰা হৈছিল ৷

জৰ্জ ডব্লিউ বুশ্ব, 43 সংখ্যক ৰাষ্ট্ৰপতি-

বুশ্বে 2005 চনত জৰ্জিয়াৰ ৰাষ্ট্ৰপতি মিখাইল চাকাচভিলিৰ সৈতে টিবিলিচিত এক ৰেলীত অংশগ্ৰহণ কৰি আছিল যেতিয়া তেওঁৰ ফালে এটা হেণ্ড গ্ৰেনেড নিক্ষেপ কৰা হৈছিল ৷ কাপোৰত মেৰিয়াই থোৱা গ্ৰেনেডটো প্ৰায় 100 ফুট দূৰত পৰাৰ সময়ত দুয়োজন লোক বুলেটপ্ৰুফ বেৰিয়াৰৰ পিচফালে আছিল ৷ গ্ৰেনেডটো বিস্ফোৰণ হোৱা নাছিল আৰু কোনো লোক আঘাতপ্ৰাপ্ত হোৱা নাছিল ৷ ভ্লাদিমিৰ আৰু ত্যুনিয়ানক এই ঘটনাৰ বাবে দোষী সাব্যস্ত কৰা হৈছিল আৰু আজীৱন কাৰাদণ্ড দিয়া হৈছিল ৷

থিঅ'ডৰ ৰুজভেল্ট, ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী-

প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীক 1912 চনত নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ সময়ত মিলৱাকীত গুলীবিদ্ধ হৈছিল ৷ ৰুজভেল্টে ইয়াৰ পূৰ্বে ৰাষ্ট্ৰপতি হিচাপে দুটা কাৰ্যকাল আছিল আৰু পুনৰ তৃতীয় পক্ষৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা কৰিছিল ৷

ভাঁজ কৰা কাগজ আৰু ৰুজভেল্টৰ পকেটত ধাতুৰ চশমাৰ কেচটোৱে বুলেটৰ প্ৰভাৱক ৰুদ্ধ কৰাৰ ফলত তেওঁ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ পৰা ৰক্ষা পৰিছিল ৷ এই ঘটনাৰ বাবে জন শ্ৰেংকক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু তেওঁৰ জীৱনৰ বাকীখিনি মানসিক চিকিৎসালয়ত কটাইছিল ৷

ৰবাৰ্ট এফ কেনেডি, ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী-

কেনেডিয়ে ডেমক্ৰেটিক দলৰ হৈ ৰাষ্ট্ৰপতিৰ মনোনয়ন বিচাৰিছিল যেতিয়া তেওঁক লছ এঞ্জেলছৰ এখন হোটেলত হত্যা কৰা হৈছিল - 1968 চনৰ কেলিফৰ্ণিয়া প্ৰাথমিক জয়ৰ বাবে তেওঁৰ বিজয় ভাষণ দিয়াৰ কিছু মুহূৰ্তৰ পিচতে ৷

US Presidents
1968 চনৰ 5 জুনৰ এই ফাইল ফটোত হোটেলৰ বাছবয় জুয়ান ৰোমেৰো, সোঁফালে, চিনেটৰ ৰবাৰ্ট এফ কেনেডিৰ সহায়ৰ বাবে আহে, কিয়নো তেওঁ গুলীবিদ্ধ হোৱাৰ কিছু মুহূৰ্তৰ পিচত লছ এঞ্জেলছৰ এম্বেচেডৰ হোটেলৰ মজিয়াত শুই পৰে ৷ 1968 চনৰ জুন মাহত কেনেডিয়ে কেলিফৰ্ণিয়াৰ ৰাষ্ট্ৰপতি প্ৰাথমিকত বিজয়ৰ পিচত এম্বেচেডৰ হোটেলৰ পাকঘৰৰ মাজেৰে খোজ কাঢ়ি যোৱাৰ সময়ত ৰোমেৰো এজন কিশোৰ বাছবয় আছিল আৰু এজন হত্যাকাৰীয়ে তেওঁৰ মূৰত গুলী মাৰিছিল ৷ তেওঁ আঘাতপ্ৰাপ্ত কেনেডিক মাটিত পৰি যোৱা অৱস্থাত ধৰি ৰাখিছিল, চিনেটৰৰ ৰক্তক্ষৰণ হোৱা মূৰটো মজিয়াত পৰি যোৱাৰ পৰা ৰক্ষা কৰিবলৈ সংগ্ৰাম কৰি আছিল ৷ (AP PHOTO)

কেনেডি নিউয়ৰ্কৰ এজন আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিনেটৰ আৰু ৰাষ্ট্ৰপতি জন এফ কেনেডিৰ ভাতৃ আছিল, যাক পাঁচ বছৰ পূৰ্বে হত্যা কৰা হৈছিল ৷ এই গুলীচালনাত আন পাঁচজন লোক আহত হৈছিল ৷

চিৰহান চিৰহানক প্ৰথম ডিগ্ৰী হত্যাৰ বাবে দোষী সাব্যস্ত কৰা হৈছিল আৰু মৃত্যুদণ্ড দিয়া হৈছিল ৷ পাচত ইয়াক আজীৱন কাৰাদণ্ডলৈ পৰিৱৰ্তন কৰা হৈছিল, য'ত চিৰহানে যোৱা বছৰ মুক্তিৰ বাবে তেওঁ কৰা শেহতীয়া আৱেদন অস্বীকাৰ কৰা হয় ৷

জৰ্জ চি ৱালেচ, ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী-

ৱালেছে ডেমক্ৰেটিক ৰাষ্ট্ৰপতিৰ মনোনয়ন বিচাৰি আছিল যেতিয়া 1972 চনত মেৰিলেণ্ডত এক প্ৰচাৰৰ সময়ত তেওঁক গুলীওৱা হৈছিল, এই ঘটনাই তেওঁক কঁকালৰ পৰা তললৈ পক্ষাঘাতগ্ৰস্ত কৰি তুলিছিল ৷ আলাবামাৰ গভৰ্ণৰ ৱালেছ তেওঁৰ পৃথকীকৰণবাদী দৃষ্টিভংগীৰ বাবে জনাজাত আছিল, যিটো তেওঁ পিচত ত্যাগ কৰিছিল ৷ আৰ্থাৰ ব্ৰেমাৰক গুলীচালনাত দোষী সাব্যস্ত কৰা হৈছিল আৰু কাৰাদণ্ডৰ শাস্তি দিয়া হৈছিল ৷ তেওঁক 2007 চনত মুক্তি দিয়া হৈছিল ৷

লগতে পঢ়ক : আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ওপৰত গুলীচালনা; আক্ৰমণকাৰীক হত্যা - Attack on Donald Trump

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.