ETV Bharat / international

বাংলাদেশত পুনৰ হিন্দু মন্দিৰত আক্ৰমণ; চট্টগ্ৰামত তিনিটা মন্দিৰত তাণ্ডৱ - CHATTOGRAM HINDU TEMPLE VANDALISED

বাংলাদেশত শান্তনেশ্বৰী মাতৃ মন্দিৰ, ওচৰৰ শনি মন্দিৰ আৰু শান্তানেশ্বৰী কালীবাৰী মন্দিৰত আক্ৰমণ ৷

Chattogram Hindu temple vandalised
প্ৰতিনিধিত্বমূলক ছবি (PTI)
author img

By PTI

Published : Nov 30, 2024, 10:24 AM IST

ঢাকা : বাংলাদেশৰ চট্টগ্ৰামত শুকুৰবাৰে এটা উন্মত্ত জনতাৰ এটা দলে তিনিটা হিন্দু মন্দিৰত তাণ্ডৱ চলাই লণ্ডভণ্ড কৰে । উল্লেখ্য যে এগৰাকী প্ৰাক্তন ইস্কন সদস্যৰ বিৰুদ্ধে দেশদ্ৰোহৰ অভিযোগত গোচৰ ৰুজু কৰাৰ পিচৰে পৰা প্ৰতিবাদ আৰু হিংসাৰ সাক্ষী হৈ আছে বাংলাদেশ । সংবাদ পৰ্টেল BDNews24.comৰ বাতৰি অনুসৰি, এই আক্ৰমণটো বন্দৰ চহৰখনৰ হৰিশ চন্দ্ৰ মুনচিফ লেনত দুপৰীয়া প্ৰায় ২.৩০ বজাত সংঘটিত হয় । অঞ্চলটোৰ শান্তনেশ্বৰী মাতৃ মন্দিৰ, ওচৰৰ শনি মন্দিৰ আৰু শান্তানেশ্বৰী কালীবাৰী মন্দিৰক লক্ষ্য কৰি লোৱা হয় ।

সংবাদ পৰ্টেলটোৱে মন্দিৰ কৰ্তৃপক্ষৰ উদ্ধৃতিৰে কয়, "শতাধিক লোকৰ এটা দলে বিভিন্ন শ্লোগান দি মন্দিৰসমূহলৈ ইটা-শিল নিক্ষেপ কৰে । যাৰ ফলত শনি মন্দিৰটোৰ লগতে আন দুটা মন্দিৰৰ দুৱাৰ ক্ষতিগ্ৰস্ত হয় ।" কোতৱালী আৰক্ষী থানাৰ মুৰব্বী আব্দুল কৰিমে এই আক্ৰমণৰ বিষয়ে নিশ্চিত কৰি কয় যে আক্ৰমণকাৰীসকলে মন্দিৰসমূহৰ ক্ষতি কৰাৰ চেষ্টা কৰিছিল ।

আৰক্ষীয়ে লগতে কয় যে অৱশ্যে দুয়োপক্ষৰ মাজত সংঘৰ্ষৰ সৃষ্টি হোৱাত মন্দিৰসমূহৰ ক্ষতিৰ পৰিমাণ কম হয় । দুয়োটা গোটে ইটোৱে সিটোৰ ওপৰত ইটা-শিল নিক্ষেপ কৰে । শান্তিনেশ্বৰী মুখ্য মন্দিৰ পৰিচালনা সমিতিৰ স্থায়ী সদস্য তপন দাসে bdnews24.com-ক কয়, "জুম্মাৰ নামাজৰ পিছত শ শ লোকৰ এটা সমদল আগবাঢ়ি আহিছিল । তেওঁলোকে হিন্দুবিৰোধী আৰু ইস্কনবিৰোধী শ্লোগান দিবলৈ আৰম্ভ কৰিছিল ।"

"আমি আক্ৰমণকাৰীসকলক বাধা দিয়া নাছিলো । যেতিয়া পৰিস্থিতিৰ অৱনতি ঘটিছিল, আমি সেনাবাহিনীক ফোন কৰিছিলো । সেনাৰ দল ততালিকে আহি উপস্থিত হয় আৰু শান্তি-শৃংখলা পুনৰুদ্ধাৰত সহায় কৰে । দুপৰীয়াৰ সময়ত মন্দিৰৰ সকলো গে'ট বন্ধ কৰি দিয়া হয় । দুৰ্বৃত্তসকল অপ্ৰৰোচিতভাৱে তাত উপস্থিত হৈ আক্ৰমণটো সংঘটিত কৰে ।" BDNews24.com-এ তেওঁৰ উদ্ধৃতি দি কয় ।

উল্লেখ্য যে বাংলাদেশৰ আন্তৰাষ্ট্ৰীয় কৃষ্ণ চেতনা সমাজ (ইস্কন)ৰ প্ৰাক্তন সদস্য তথা আধ্যাত্মিক নেতা চিন্ময়কৃষ্ণ দাসক সোমবাৰে দেশদ্ৰোহৰ গোচৰত গ্ৰেপ্তাৰ কৰা হয় আৰু মঙলবাৰে তেওঁৰ জামিন নাকচ কৰে । ইয়াৰ ফলত ৰাজধানী ঢাকা আৰু চট্টগ্ৰামকে ধৰি বাংলাদেশৰ বিভিন্ন স্থানত হিন্দু সম্প্ৰদায়ৰ লোকসকলে প্ৰতিবাদ আৰম্ভ কৰে ।

৩০ অক্টোবৰত চট্টগ্ৰামৰ কোতৱালী আৰক্ষী থানাত দাসকে ধৰি ১৯ জন লোকৰ বিৰুদ্ধে চট্টগ্ৰামৰ নতুন বজাৰ এলেকাত হিন্দু সম্প্ৰদায়ৰ এক সমদলৰ সময়ত বাংলাদেশৰ ৰাষ্ট্ৰীয় পতাকাক অসন্মান কৰাৰ অভিযোগত দেশদ্ৰোহৰ গোচৰ ৰুজু কৰা হৈছিল ।

আনহাতে, মঙলবাৰে নতুন দিল্লীয়ে নেতাগৰাকীৰ গ্ৰেপ্তাৰ আৰু জামিন নাকচ কৰা সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰি বাংলাদেশক হিন্দু আৰু অন্যান্য সংখ্যালঘুসকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ কয় । সপ্তাহজোৰা হিন্দুবিৰোধী ঘটনাই দক্ষিণ এছিয়াৰ দুয়োখন চুবুৰীয়া দেশৰ মাজত কূটনৈতিক বিতৰ্কৰ সৃষ্টি কৰিছে ।

ইফালে ভাৰতে শুকুৰবাৰে কয় যে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে সকলো সংখ্যালঘু লোকক সুৰক্ষা দিয়াৰ দায়িত্ব পালন কৰিব লাগিব । লগতে হিন্দুসকলৰ বিৰুদ্ধে হিংসাত্মক ঘটনা বৃদ্ধিৰ উপৰি মন্দিৰৰ ওপৰত আক্ৰমণৰ ওপৰত উদ্বেগ প্ৰকাশ কৰে ।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে সংসদক কয় যে ভাৰতে বাংলাদেশত সংখ্যালঘুসকলৰ বিৰুদ্ধে সংঘটিত হিংসাত্মক ঘটনাৰ প্ৰতি গুৰুত্বসহকাৰে গুৰুত্ব আৰোপ কৰিছে আৰু সংখ্যালঘুকে ধৰি সকলো নাগৰিকৰ জীৱন আৰু স্বাধীনতা সুৰক্ষিত কৰাটো ঢাকাৰ প্ৰাথমিক দায়িত্ব ।

আনহাতে, শুকুৰবাৰে বাংলাদেশে কলকাতাৰ উপ উচ্চায়োগত সংঘটিত হিংসাত্মক প্ৰতিবাদক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে আৰু নতুন দিল্লীক ভাৰতত থকা দেশখনৰ সকলো কূটনৈতিক মিছনৰ সুৰক্ষা নিশ্চিত কৰিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক :গণতন্ত্ৰ নে বিশৃংখলতাৰ দিশত বাংলাদেশ?
লগতে পঢ়ক :ভাৰত-বাংলাদেশ সীমান্তত অপৰাধ-প্ৰব্ৰজন ৰোধৰৰ বাবে কৃত্ৰিম বুদ্ধিমত্তাৰ সহায় ল'ব বি এছ এফে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.