ETV Bharat / international

ৰামময় আমেৰিকা; ৰাম মন্দিৰ উৎসৱৰ বাবে সাজু শতাধিক মন্দিৰ

Ram Mandir Pran Pratishtha : অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা উদযাপন অনুষ্ঠান ২২ জানুৱাৰীত অনুষ্ঠিত হ'ব । ৫০০ বছৰৰ অপেক্ষাৰ পিছত অযোধ্যা ধামত ভগৱান ৰামৰ মন্দিৰ নিৰ্মাণ বিশ্বজুৰি হিন্দুসকলৰ বাবে বিশ্বাস আৰু উদযাপনৰ এক গুৰুত্বপূৰ্ণ দিন হিচাপে চিহ্নিত কৰা হৈছে । টেক্সাছৰ শ্ৰী সীতা ৰাম ফাউণ্ডেচনৰ কপিল শৰ্মাই এনেদৰে কয় ।

author img

By PTI

Published : Jan 20, 2024, 8:26 AM IST

ৰাম মন্দিৰ উৎসৱৰ বাবে সাজু শতাধিক আমেৰিকাৰ মন্দিৰ

ইণ্টাৰনেচনেল ডেস্ক, ২০ জানুৱাৰী : অহা সপ্তাহত অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠান । এই অনুষ্ঠানৰ বাবে সমগ্ৰ দেশজুৰি সৃষ্টি হৈছে ৰাম ভক্তিৰ আলোড়ন । আনহাতে, ৰাম মন্দিৰ উদ্বোধন উদযাপন কৰিবলৈ প্ৰস্তুত হৈছে সমগ্ৰ আমেৰিকাৰ শতাধিক মন্দিৰ । লগতে হাজাৰ হাজাৰ ভাৰতীয় আমেৰিকান চলিত সপ্তাহৰ পৰা আৰম্ভ হোৱা কেইবাটাও অনুষ্ঠানত উপস্থিত থকাৰ সম্ভাৱনা আছে ।

অযোধ্যা বৰ্তমান ধ্বংস আৰু অৱহেলাৰ পৰা পুনৰ মূৰ দাঙি উঠিছে । সনাতন ধৰ্মৰ চিৰন্তন প্ৰকৃতিক উদ্ভাসিত কৰিছে । ৫৫০ বছৰৰ পিছত ৰামলালাৰ আগন্তুক প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ ফলত চহৰখনৰ লগতে সমগ্ৰ বিশ্বৰ প্ৰায় এক বিলিয়ন হিন্দুধৰ্মী লোকৰ মাজত অপৰিসীম আনন্দ কঢ়িয়াই আনিছে । হিন্দু বিশ্ববিদ্যালয় অব আমেৰিকাৰ সভাপতি কল্যাণ বিশ্বনাথনে এক ব্লগ পোষ্টত এনেদৰে কয় ।

অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা উদযাপন অনুষ্ঠান ২২ জানুৱাৰীত অনুষ্ঠিত হ'ব । ৫০০ বছৰৰ অপেক্ষাৰ পিছত অযোধ্যা ধামত ভগৱান ৰামৰ মন্দিৰ নিৰ্মাণ বিশ্বজুৰি হিন্দুসকলৰ বাবে বিশ্বাস আৰু উদযাপনৰ এক গুৰুত্বপূৰ্ণ দিন হিচাপে চিহ্নিত কৰা হৈছে । টেক্সাছৰ শ্ৰী সীতা ৰাম ফাউণ্ডেচনৰ কপিল শৰ্মাই এনেদৰে কয় । তেওঁ হিউষ্টনৰ মন্দিৰত শ্ৰীৰাম জন্মভূমি প্ৰাণ প্ৰতিষ্ঠ উদযাপনৰ আয়োজন কৰিছে ।

এই উদযাপন সুন্দৰণ্ডৰ সৈতে আৰম্ভ হ'ব । তাৰ পিছত নৃত্য, গান আৰু সংগীতৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব । ইয়াৰ পিছত যজ্ঞ আৰু ভগৱান ৰামৰ পট্টাভিষেক অনুষ্ঠিত হ'ব । ইয়াৰ সমাপ্তি হ'ব ভগৱান ৰামক লৈ এক শোভাযাত্ৰা আৰু প্ৰসাদ বিতৰণৰ দ্বাৰা ।

বিশেষকৈ আমাৰ অনুষ্ঠানৰ বাবে অযোধ্যা ধামৰ পৰা অনা প্ৰসাদ আৰু ৰাজ (পবিত্ৰ ধূলি) বিতৰণ কৰিও আমি সন্মানিত বুলি শৰ্মাই লগতে কয় । আনহাতে, মেৰিলেণ্ডৰ গভৰ্ণৰ ৱেছ মূৰে শনিবাৰে ৱাশ্বিংটন ডিচিৰ এখন উপ-নগৰত ৰাম মন্দিৰ উদযাপন অনুষ্ঠানত অংশ লোৱাৰ কথা আছে । ইয়াৰ উপৰি কেইগৰাকীমান পাকিস্তানী আমেৰিকানেও গ্ৰেটাৰ ৱাশ্বিংটন ডিচি অঞ্চলত উৎসৱত যোগদান কৰিছে ।

আমেৰিকাত দেশজুৰি উৎসৱৰ নেতৃত্ব দি থকা সংগঠন বিশ্ব হিন্দু পৰিষদৰ অমিতাভ মিট্টালে কয় যে ভগৱান শ্ৰীৰামৰ লাখ লাখ অনুগামীৰ দীৰ্ঘদিনীয়া প্ৰতীক্ষিত সপোন বাস্তৱত পৰিণত হ'বলৈ ওলাইছে । আমেৰিকাত প্ৰায় 1,000 মন্দিৰ আছে আৰু সেইবোৰৰ প্ৰায় সকলোৱে এই সপ্তাহান্তৰ পৰা ঐতিহাসিক অনুষ্ঠানটো স্মৰণ কৰিবলৈ উদযাপন কৰি আছে ।

আনহাতে, 20 খনতকৈও অধিক চহৰত কাৰ ৰেলীৰ আয়োজন কৰা হৈছে । ইয়াৰে ভিতৰত আটাইতকৈ ডাঙৰ হৈছে কেলিফোৰ্ণিয়াৰ বে এৰিয়াত । তাত 6 শতাধিক গাড়ীয়ে অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে ।

ভগৱান ৰামৰ ভক্তসকলে এই উপলক্ষে ছান ফ্ৰান্সিস্কো অঞ্চলতো এক কাৰ ৰেলী অনুষ্ঠিত কৰিব । এই সমদলটোত ডিজিটেল ভ্ৰাম্যমাণ ট্ৰাকত ভগৱান ৰামৰ ছবি আৰু তেওঁৰ বিষয়ে সুমধুৰ স্তোত্ৰ থাকিব বুলি দীপ্তি মহাজনে কয় ।

ইয়াৰ উপৰি ভিএইচপি-আমেৰিকাই চিকাগো, হিউষ্টন আৰু লছ এঞ্জেলছৰ দৰে চহৰৰ ডাঙৰ পৰ্দাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠান প্ৰদৰ্শন কৰিবলৈ ভাড়ালৈ লৈছে । এই উপলক্ষে ছনীয়ে 21 জানুৱাৰীত টাইমছ স্কোৱেৰত শ্ৰীমদ ৰামায়ণ প্ৰদৰ্শন কৰিব ।

লগতে পঢ়ক :৩০০ ফুট দীঘল, ১৮ ফুট বহল; পুষ্কৰ ঘাটত ৰাজস্থানী শিল্পীৰ বিশালকায় ৰাম ধনু অংকন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.