নতুন দিল্লী: ছিৰিয়াত বিদ্ৰোহীয়ে ক্ষমতা দখল কৰি বাছাৰ আল আছাদৰ দশকজোৰা শাসনৰ সমাপ্তি ঘটোৱাৰ এদিন পিচতে ভাৰতে সোমবাৰে দেশখনলৈ সুস্থিৰতা অনাৰ বাবে ছিৰিয়াৰ নেতৃত্বত এক শান্তিপূৰ্ণ আৰু সামগ্ৰিক ৰাজনৈতিক প্ৰক্ৰিয়া আগবঢ়াই নিয়াৰ আহ্বান জনায় । বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে কয় যে তেওঁলোকে ছিৰিয়াৰ পৰিস্থিতি নিৰীক্ষণ কৰি আছে ।
"আমি বৰ্তমানৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত ছিৰিয়াৰ পৰিস্থিতি নিৰীক্ষণ কৰি আছোঁ ।" বৈদেশিক মন্ত্ৰণালয়ে কয় । "আমি ছিৰিয়াৰ ঐক্য, সাৰ্বভৌমত্ব আৰু আঞ্চলিক অখণ্ডতা ৰক্ষাৰ দিশত সকলো পক্ষই কাম কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছোঁ ।" লগতে কয় ।
বৈদেশিক মন্ত্ৰণালয়ে এক বিবৃতিত কয়, "আমি ছিৰিয়ান সমাজৰ সকলো শ্ৰেণীৰ স্বাৰ্থ আৰু আকাংক্ষাক সন্মান জনাই এক শান্তিপূৰ্ণ আৰু সামগ্ৰিক ছিৰিয়ান নেতৃত্বাধীন ৰাজনৈতিক প্ৰক্ৰিয়াৰ পোষকতা কৰোঁ ।" এই কথা উল্লেখ কৰি লগতে কয় যে ডামাস্কাছত থকা ভাৰতীয় দূতাবাসে ভাৰতীয় সম্প্ৰদায়ৰ সৈতে তেওঁলোকৰ সুৰক্ষা আৰু নিৰাপত্তাৰ বাবে যোগাযোগ কৰি আছে ।
উল্লেখ্য যে ছিৰিয়াৰ নেতা আছাদ মস্কোলৈ পলাই যোৱাৰ এদিন পিচত ভাৰতে এই মন্তব্য কৰিছে । আনহাতে, তেওঁৰ দীৰ্ঘদিনীয়া সহযোগীৰ পৰা মস্কোত আশ্ৰয় লাভ কৰাৰ এদিন পিচত বিদ্ৰোহীয়ে ডামাস্কাছৰ নিয়ন্ত্ৰণ দখল কৰে আৰু তেওঁৰ পৰিয়ালৰ ৫০ বছৰীয়া লৌহ শাসনৰ সমাপ্তি ঘটায় ।
আনহাতে, হাজাৰ হাজাৰ ছিৰিয়াবাসীয়ে এই বিজয় উদযাপন কৰিবলৈ গুলী ফুটাই ৰাজপথত একত্ৰিত হয় আৰু আৰব স্প্ৰিঙৰ বিদ্ৰোহৰ প্ৰাৰম্ভিক দিনবোৰৰ কথা স্মৰণ কৰি বিপ্লৱী পতাকা উৰুৱায় । উল্লেখ্য যে এক নিৰ্মম অভিযান আৰু বিদ্ৰোহৰ উত্থানে দেশখনক প্ৰায় ১৪ বছৰ ধৰি গৃহযুদ্ধত আচ্ছন্ন কৰি ৰাখিছিল । ইফালে দ্ৰুতগতিত সংঘটিত ঘটনা প্ৰবাহে দেশখনৰ লগতে ইয়াৰ লগত সংযুক্ত বিস্তৃত অঞ্চলৰ ভৱিষ্যতৰ বিষয়েও প্ৰশ্ন উত্থাপন কৰিছিল ।
ইফালে ৰাছিয়াই ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ জৰুৰীকালীন অধিবেশনত ছিৰিয়াৰ বিষয়ে আলোচনা কৰিবলৈ অনুৰোধ জনাইছিছে । ৰাষ্ট্ৰসংঘত দেশখনৰ উপ-ৰাষ্ট্ৰদূত দিমিত্রি পলিয়ানস্কিয়ে টেলিগ্ৰামত এক পোষ্টত এই কথা উল্লেখ কৰিছে ।
ক্ৰেমলিনৰ এক অজ্ঞাত সূত্ৰৰ উদ্ধৃতি দি ৰাছিয়ান সংস্থা টাছ আৰু আৰ আই এয়ে মস্কোত আছাদ আৰু তেওঁৰ পৰিয়ালে আশ্ৰয় লোৱাৰ খবৰ প্ৰকাশ কৰে । আৰ আই এয়ে এইটোও কয় যে ছিৰিয়াৰ বিদ্ৰোহীসকলে ছিৰিয়াত থকা ৰাছিয়াৰ সামৰিক ঘাটি আৰু কূটনৈতিক চকীসমূহৰ নিৰাপত্তাৰ নিশ্চয়তা প্ৰদান কৰিছে ।
ইয়াৰ পূৰ্বে ৰাছিয়াই কৈছিল যে বিদ্ৰোহী গোটবোৰৰ সৈতে আলোচনাৰ পিচত আছাদে ছিৰিয়া ত্যাগ কৰে আৰু তেওঁ শান্তিপূৰ্ণভাৱে ক্ষমতা হস্তান্তৰ কৰিবলৈ নিৰ্দেশ দিয়ে । ছিৰিয়াৰ আটাইতকৈ ডাঙৰ বিদ্ৰোহী গোটৰ নেতা আবু মহম্মদ আল-গোলানিয়ে দেশখনৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিবলৈ সাজু হৈছে । আল-কায়দাৰ প্ৰাক্তন কমাণ্ডাৰজনে বছৰ পূৰ্বে গোটটোৰ সৈতে সম্পৰ্ক ছিন্ন কৰি বহুত্ববাদ আৰু ধৰ্মীয় সহিষ্ণুতাৰ কথা তেওঁ উল্লেখ কৰিছিল । তেওঁৰ নেতৃত্বাধীন হায়াত তাহৰিৰ আল-শ্বাম গোট বা এইচ টি এছক আমেৰিকা আৰু ৰাষ্ট্ৰসংঘই সন্ত্ৰাসবাদী সংগঠন হিচাপে গণ্য কৰে ।
শনিবাৰে বিদ্ৰোহীসকলে ডামাস্কাচৰ উপনগৰত প্ৰৱেশ কৰাৰ পিচত আল-গোলানীয়ে উমায়া মছজিদ পৰিদৰ্শন কৰে আৰু আছাদৰ পতনক 'ইছলামিক ৰাষ্ট্ৰৰ বাবে এক বিজয়' বুলি বৰ্ণনা কৰে । স্বঘোষিত নাম আহমাদ আল-শ্বাৰা বুলি অভিহিত কৰি তেওঁ কয় যে আছাদে ছিৰিয়াক 'ইৰাণৰ লোভৰ খেতিপথাৰ' কৰি তুলিছে ।
আনহাতে, বিদ্ৰোহীসকলে যুদ্ধৰ দ্বাৰা বিধ্বস্ত আৰু সশস্ত্ৰ দলৰ মাজত বিভাজন হোৱা এখন দেশত তিক্ত বিভাজন নিৰাময়ৰ কঠিন কামৰ সন্মুখীন হৈছে । তুৰ্কী সমৰ্থিত বিৰোধী যুঁজাৰুসকলে উত্তৰত আমেৰিকাৰ মিত্ৰ শক্তিৰ সৈতে যুঁজ দি আছে আৰু ইছলামিক ষ্টেট গোট এতিয়াও দূৰৱৰ্তী অঞ্চলত সক্ৰিয় হৈ আছে ।
ছিৰিয়াৰ চৰকাৰী দূৰদৰ্শনে এটা বিদ্ৰোহী গোটৰ বিবৃতি সম্প্ৰচাৰ কৰি কয় যে আছাদক উৎখাত কৰা হৈছে আৰু সকলো বন্দীক মুকলি কৰি দিয়া হৈছে । তেওঁলোকে এই লোকসকলক 'মুক্ত ছিৰিয়ান ৰাষ্ট্ৰ'ৰ প্ৰতিষ্ঠানসমূহ সংৰক্ষণ কৰিবলৈও আহ্বান জনায় আৰু আবেলি ৪ বজাৰ পৰা পুৱা ৫ বজালৈ ডামাস্কাছত কাৰ্ফিউ ঘোষণা কৰে ।
ইফালে প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে কয় যে ইজৰাইলী সৈন্যই ১৯৭৪ চনত স্থাপিত গোলান হাইটছত এটা বাফাৰ জোন জব্দ কৰিছে । লগতে কয় যে ছিৰিয়াৰ সৈন্যই অৱস্থান ত্যাগ কৰাৰ পিচত ইজৰাইলী বাসিন্দাসকলক সুৰক্ষা দিয়াৰ বাবে এয়া কৰা হৈছে । পিচত ইজৰাইলৰ সামৰিক বাহিনীয়ে দক্ষিণ ছিৰিয়াৰ পাঁচটা সম্প্ৰদায়ৰ বাসিন্দাসকলক নিজৰ সুৰক্ষাৰ বাবে ঘৰতে থাকিবলৈ সতৰ্ক কৰি দিয়ে ।
ইজৰাইলে ১৯৬৭ চনৰ মধ্যপ্ৰাচ্যৰ যুদ্ধত গোলান দখল কৰিছিল আৰু পিচত ইয়াক দেশখনৰ লগত সংযুক্ত কৰিছিল । আমেৰিকাৰ বাহিৰে আন্তৰ্জাতিক সম্প্ৰদায়ে ইয়াক অধিকৃত বুলি ভাবে আৰু আৰব লীগে দেওবাৰে ইজৰাইলৰ অধিক অঞ্চল দখল কৰাৰ বাবে আছাদৰ পতনৰ সুযোগ লোৱাৰ প্ৰচেষ্টাক গৰিহণা দিয়ে ।