ETV Bharat / international

জন্মৰ হাৰ বৃদ্ধিৰ বাবে দ্ৰুতবেগী ৰে'ল মুকলি, দক্ষিণ কোৰিয়া চৰকাৰৰ অভিনৱ পদক্ষেপ - South Korea birth rate

South Korea birth rate: দক্ষিণ কোৰিয়াত ভয়ংকৰভাৱে জন্মহাৰ হ্ৰাস পাইছে । যাক লৈ উদ্বিগ্ন চৰকাৰ । কৰ্মচাৰীসকলে যাতে পৰিয়ালৰ সৈতে অধিক সময় কটাব পাৰে আৰু সন্তান জন্ম দিব পাৰে তাৰ বাবে সময় ৰাহি কৰিবলৈ চৰকাৰে দ্ৰুতবেগী ৰে'ল মুকলি কৰিছে ।

South Korea birth rate
জন্মৰ হাৰ বৃদ্ধিৰ বাবে দ্ৰুতবেগী ৰে'ল মুকলি দক্ষিণ কোৰিয়াৰ
author img

By ETV Bharat Assamese Team

Published : Mar 30, 2024, 4:21 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক,৩০ মাৰ্চ : দক্ষিণ কোৰিয়াৰ ৰাজধানী ছিউলক ইয়াৰ উপনগৰৰ সৈতে সংযোগ কৰি গ্ৰেট ট্ৰেইন এক্সপ্ৰেছ (জিটিএক্স) নামৰ এখন নতুন দ্ৰুতবেগী ৰে'ল প্ৰকল্প আৰম্ভ কৰিছে । এয়া কৰাৰ কাৰণ হৈছে যাতে এগৰাকী ব্যক্তিয়ে পৰিয়ালৰ সৈতে বেছি সময় অতিবাহিত কৰিব পাৰে আৰু অধিক সন্তান জন্ম দিব পাৰে । খবৰ অনুসৰি, শুকুৰবাৰে ৰাষ্ট্ৰপতি য়ুন চুক ইয়োলে জিটিএক্সৰ প্ৰথম শাৰীৰ এটা শাখা উদ্বোধন কৰে । এই প্ৰকল্পটোৱে ৰাজধানীৰ চুচেওক আন এখন গুৰুত্বপূৰ্ণ চহৰ ডংটানক সংযোগ কৰিব । ফলস্বৰূপে ভ্ৰমণৰ সময় ৮০ মিনিটৰ পৰা ১৯ মিনিটলৈ হ্ৰাস হ'ব ।

প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠানৰ সময়ত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে জিটিএক্স চুচেও-ডংটান শাখা মুকলি হোৱাৰ লগে লগে অঞ্চলটোৰ ৰাইজৰ জীৱনৰ আমূল পৰিৱৰ্তন ঘটিব । চুচেও আৰু ডংটানৰ মাজৰ যাত্ৰাৰ সময় ২০ মিনিটলৈ হ্ৰাস হ'ব । এই কষ্টকৰ যাত্ৰাটো এঘণ্টাতকৈও অধিক হ্ৰাস হ'ব ।

সময় এক ঘণ্টা ৰাহি কৰাৰ বাবে আৰ্থিক ক্ষেত্ৰত প্ৰতি মাহে ১.১৪ নিযুত ৱান (৮৪৮ আমেৰিকান ডলাৰ) ৰাহি হ'ব । য়ুনে লগতে কয় যে অধিক অৰ্থপূৰ্ণ হৈছে পাৰিবাৰিক সময় আৰু কৰ্মজীৱনৰ ভাৰসাম্য পুনৰ দাবী কৰা । ইয়াৰ পূৰ্বে এই বছৰৰ জানুৱাৰীত, য়ুনে বৃহত্তৰ ছিউল এলেকাত বাস কৰা লোকসকলৰ বাবে যাতায়তৰ সময় ৩০ মিনিটলৈ হ্ৰাস কৰাৰ প্ৰতিশ্ৰুতি দিছিল ।

কোৰিয়া টাইমছে য়ুনৰ উদ্ধৃতি দি কয় যে সমগ্ৰ দেশৰ মুখ্য মহানগৰীয় অঞ্চলসমূহৰ বাসিন্দাসকলে দিনে গড়ে দুই ঘণ্টা ভ্ৰমণ কৰে । বিশেষকৈ, গিয়ংগি প্ৰদেশ আৰু ইনচিয়নত বাস কৰা লোকসকলৰ বাবে ছিউললৈ অহা-যোৱা কৰা যাত্ৰা আঢ়ৈ ঘণ্টাতকৈও অধিক ।

য়ুনে কয় যে সঠিক পৰিবহণ আন্তঃগাঁথনিৰ সৈতে এতিয়াৰে পৰা মানুহে অধিক সময় শুব পাৰিব বা নিজৰ বাবে অতিৰিক্ত সময় ব্যয় কৰিব পাৰিব । আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে এগৰাকী লোকক পৰিয়ালৰ সৈতে অধিক সময় কটোৱাৰ সুযোগ দিব । দক্ষিণ কোৰিয়াত বিশ্বৰ ভিতৰতে জন্মহাৰ সৰ্বনিম্ন ।

দক্ষিণ কোৰিয়া চৰকাৰৰ শেহতীয়া তথ্যই ২০২৩ চনত দেশখনৰ জন্মৰ হাৰত এক উদ্বেগজনক হ্ৰাস প্ৰকাশ কৰিছে । জন্মৰ সংখ্যা আগৰ বছৰৰ তুলনাত ৮ শতাংশ হ্ৰাস পাইছে । বিশেষজ্ঞসকলে সতৰ্ক কৰি দিছে যে যদি বৰ্তমানৰ নিম্ন জন্মহাৰ অব্যাহত থাকে, এই শতিকাৰ শেষৰ ফালে দক্ষিণ কোৰিয়াৰ ৫১ নিযুত জনসংখ্যা আধা হ'ব পাৰে ।

তথ্যৰ মতে দক্ষিণ কোৰিয়াত গড় হিচাপত এগৰাকী মহিলাই এতিয়া তেওঁৰ সমগ্ৰ জীৱনকালত মাত্ৰ ০.৭২ টা সন্তান জন্ম দিব বুলি আশা কৰা হৈছে, যি ২০২২ চনত ০.৭৮ তকৈ যথেষ্ট কম । লগতে, অনুমানবোৰে সূচায় যে এই জন্মৰ হাৰ ২০২৪ চনলৈ ০.৬৮ লৈ হ্ৰাস হ'ব পাৰে ।

জন্মৰ হাৰৰ এই তীব্ৰ হ্ৰাসৰ ফলত দক্ষিণ কোৰিয়াৰ জনগাঁথনিগত সংকটৰ সৃষ্টি হৈছে আৰু দেশখনৰ হ্ৰাস হোৱা জন্মৰ হাৰত অৰিহণা যোগোৱা অন্তৰ্নিহিত সামাজিক, অৰ্থনৈতিক আৰু নীতিগত কাৰকবোৰ সমাধান কৰাৰ তাৎক্ষণিকতা দেখা যায় । এই প্ৰৱণতা প্ৰতিৰোধ কৰাত ব্যৰ্থ হ'লে এখন দেশৰ ভৱিষ্যত কৰ্মী, অৰ্থনৈতিক উৎপাদনশীলতা আৰু সামাজিক সমৰ্থন প্ৰণালীৰ ওপৰত গভীৰ প্ৰভাৱ পেলাব পাৰে ।

আচলতে দক্ষিণ কোৰিয়াত জন্মৰ হাৰ ইমান কম কিয় ? পূব এছিয়াৰ দেশখনত নিযুক্তিৰ বজাৰ আৰু দীঘলীয়া সময়ৰ বাবে কাম কৰাৰ এক প্ৰতিযোগিতা আছে । যাৰ ফলত দম্পতিবোৰৰ বাবে কাম আৰু পাৰিবাৰিক জীৱনৰ ভাৰসাম্য ৰক্ষা কৰাটো কঠিন হৈ পৰে । উচ্চ আৱাস আৰু শিক্ষাৰ ব্যয়েও কিছুমান লোকক একাধিক সন্তান জন্ম দিয়াৰ পৰা নিৰুৎসাহী কৰি তোলে ।

বহুতো উন্নত দেশৰ দৰে দক্ষিণ কোৰিয়াইও অধিক ব্যক্তিবাদী মূল্যবোধৰ দিশত পৰিৱৰ্তন দেখিছে, য'ত বিবাহ আৰু সন্তান ধাৰণ কিছুমানৰ বাবে কম প্ৰাথমিকতা হৈ পৰিছে । কেৱল এটা সন্তান জন্ম দিয়া বা সন্তানহীন হৈ থকাৰ ধাৰণাটো অধিক গ্ৰহণযোগ্য ।

মহিলা কৰ্মশক্তিৰ অংশগ্ৰহণ বৃদ্ধি হোৱা স্বত্বেও, দক্ষিণ কোৰিয়াৰ সমাজে এতিয়াও পিতৃতকৈ মাতৃসকলৰ ওপৰত শিশুৰ যত্নৰ অধিক বোজা ৰাখে । এইটোৱে কেৰিয়াৰ আৰু পৰিয়ালক একত্ৰিত কৰাটো প্ৰত্যাহ্বানজনক কৰি তোলে । এই বছৰৰ ফেব্ৰুৱাৰীত আল জাজিৰাৰ এক প্ৰতিবেদনে এই কথাটো প্ৰকাশ কৰিছে ।

কোৰিয়াৰ দুগ্ধজাত সামগ্ৰী নিৰ্মাণকাৰী এটা প্ৰতিষ্ঠানৰ কনিষ্ঠ মেনেজাৰে সংবাদমাধ্যমক কৈছিল যে সন্তান জন্ম দিয়াটো তেওঁ চিন্তাত আছে, কিন্তু পদোন্নতিৰো সুযোগ আছে আৰু তেওঁ পদোন্নতিক উপেক্ষা কৰিব নিবিচাৰে । দক্ষিণ কোৰিয়াত বৃদ্ধলোকৰ সংখ্যা অধিক হৈছে । ইয়াৰ অৰ্থ হৈছে প্ৰজনন বয়সৰ সমানুপাতিকভাৱে কম লোক আছে । কিছুমানে যুক্তি দিয়ে যে দক্ষিণ কোৰিয়াৰ কিছুমান নীতিৰ বাবে লোকসকল সন্তান জন্ম দিয়াৰ পৰা বিৰত থাকে ।

এছিয়ান কনফ্লুয়েন্সৰ এগৰাকী বিষয়া তথা পূব এছিয়াৰ সমস্যাসমূহৰ ওপৰত দৃষ্টি ৰখা কে ইয়োহোমে ইটিভি ভাৰতক কয় যে ইটালীৰ দৰে পূব এছিয়া আৰু পশ্চিম ইউৰোপৰ বহুতো দেশে সন্মুখীন হোৱা এইটো এক ডাঙৰ প্ৰত্যাহ্বান । এই দেশবোৰত ৫০ বছৰৰ উৰ্ধৰ লোকৰ সংখ্যা বৃদ্ধি হৈ আছে আৰু ৩৫ বছৰৰ তলৰ বয়সৰ লোকৰ সংখ্যা হ্ৰাস পাইছে ।

ইয়োহোমে কৈছে যে জন্মহাৰ হ্ৰাস হোৱাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা দেশবোৰে এতিয়া বিদেশী শ্ৰমিক শক্তি আহৰণৰ বাবে নীতিগত ব্যৱস্থা গ্ৰহণ কৰি আছে । অৱশ্যে, দেশৰ অৰ্থনীতিৰ বিকাশ বজাই ৰাখিবলৈ, খালী ঠাইপূৰণৰ বাবে আপোনাক শ্ৰমিক শক্তিৰ প্ৰয়োজন । পূব এছিয়াৰ আন এখন দেশ টাইৱানে এই বছৰৰ আৰম্ভণিতে ভাৰতৰ সৈতে ভাৰতীয় প্ৰব্ৰজনকাৰী শ্ৰমিকসকলক সেই দেশৰ অৰ্থনীতিৰ বিভিন্ন ক্ষেত্ৰত সহায় কৰিবলৈ এক চুক্তি স্বাক্ষৰ কৰিছে ।

ইয়োহোমে কয় যে এটা চিন্তাৰ বিষয় হ'ল বিদেশী শ্ৰমিক শক্তি থাকিলে সামাজিক আৰু সাংস্কৃতিক প্ৰভাৱ পৰিব । জন্মহাৰ কম হোৱা দেশবোৰে দম্পতিবোৰক সন্তান জন্ম দিবলৈ উৎসাহিত কৰিছে বুলি তেওঁ উল্লেখ কৰে । কিছুমান দেশে স্বামীসকলক মাতৃত্বকালীন ছুটিও দি আছে ।

ইয়াৰ সৈতে সংগতি ৰাখি দক্ষিণ কোৰিয়া চৰকাৰৰ উপৰিও সেই দেশৰ ব্যক্তিগত খণ্ডই কৰ্মচাৰীসকলক সন্তান জন্ম দিবলৈ উৎসাহিত কৰি আছে । তেনে এক উদাহৰণ হ'ল দক্ষিণ কোৰিয়াৰ নিৰ্মাণ প্ৰতিষ্ঠান বয়ং গ্ৰুপ । এই মাহৰ আৰম্ভণিতে, বয়ঙৰ মুখ্য কাৰ্যবাহী বিষয়া লী জং-কিউনে কৰ্মচাৰীসকলক যদি তেওঁলোকে সন্তান জন্ম দিব বিচাৰে তেনেহ'লে প্ৰায় ৭৬,০০০ ডলাৰ বোনাচ আগবঢ়াইছিল ।

শুকুৰবাৰে ছিউলত দ্ৰুতবেগী ৰে'ল উদ্বোধন প্ৰসংগত ইয়োহোমে কয় যে জন্মহাৰ কম হোৱা দেশসমূহৰ উদ্ভাৱনী নীতি প্ৰস্তুত কৰাৰ বাহিৰে আন কোনো উপায় নাই । জন্মৰ হাৰ বৃদ্ধিৰ বাবে আন্তঃগাঁথনি নিৰ্মাণৰ বাবে কোৰিয়া চৰকাৰৰ আজিৰ পদক্ষেপ সম্ভৱতঃ এনে ধৰণৰ প্ৰথম বুলি তেওঁ উল্লেখ কৰে । আন উন্নত দেশবোৰেও ইয়াক অনুসৰণ কৰিব পাৰে বুলি তেওঁ উল্লেখ কৰে ।

ইফালে, উত্তৰ কোৰিয়াৰ হাৰ্মিট কিংডমেও একেই সমস্যাৰ সন্মুখীন হৈছে । যোৱা বছৰৰ ডিচেম্বৰত উত্তৰ কোৰিয়াৰ নেতা কিম জং-উনক কান্দি কান্দি দেশখনৰ মহিলাসকলক অধিক সন্তান জন্ম দিবলৈ আহ্বান জনোৱাৰ এক দৃশ্য দেখা গৈছিল ।

লগতে পঢ়ক :ইৰাণত মানৱ সৰবৰাহকাৰীৰ জাল, অনুপ্ৰৱেশকাৰী পাকিস্তানীক বন্দী কৰি অমানৱীয় অত্যাচাৰ - Pakistani Human Traffickers

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.