ETV Bharat / international

ভাৰতৰ কূটনৈতিক জয়; ৰাছিয়াৰ সেনাবাহিনীত নিযুক্তি প্ৰাপ্ত সকলো ভাৰতীয়ক মুকলি কৰিব ৰাছিয়াই - Russia to release Indian

author img

By ETV Bharat Assamese Team

Published : Jul 9, 2024, 10:56 AM IST

Russia to release Indian: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সোমবাৰে ৰাছিয়াত উপস্থিত হৈছে । তেওঁৰ এই ভ্ৰমণক লৈ বিভিন্ন জল্পনা-কল্পনা চলি থকাৰ মাজতে ভাৰতলৈ আহিছে সুখবৰ । ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধত নিয়োজিত হৈ থকা ভাৰতীয় নাগৰিকক ৰাছিয়াই অব্যাহতি দিব ।

Russia to release Indian
ৰাছিয়া সেনা বাহিনীত কৰ্মৰত ভাৰতীয়ক দিয়া হ'ব অব্যাহতি (ETV Bharat)

ইণ্টাৰনেশ্যনেল ডেস্ক, ৯ জুলাই: ৰাছিয়াৰ সেনা বাহিনীত কৰ্মৰত সকলো ভাৰতীয় নাগৰিকক অব্যাহতি দিয়া হ'ব ! প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ বৈঠকৰ পিচতে এই কথা নিশ্চিত হৈছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাছিয়া ভ্ৰমণৰ এয়া এক বৃহৎ সফলতা হিচাপেও চৰ্চিত হৈছে ।

জানিব পৰা মতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে বিষয়টো উত্থাপন কৰিছিল । ৰাছিয়া-ইউক্ৰেইন সংঘৰ্ষত নিযুক্তিপ্ৰাপ্ত দুই ভাৰতীয়ৰ মৃত্যুৰ পিচতে এই বিষয়টো ভাৰতে শক্তিশালীভাৱে উত্থাপন কৰিব বুলি আশা কৰা হৈছিল । সেই অনুসৰি ভাৰতৰ বাবে এয়া যথেষ্ট গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে ।

উল্লেখ্য যে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ এক বিচক্ষণ কূটনৈতিক কৌশলৰ পৰিণতি বুলিও বিশ্বাস কৰা হৈছে । কিয়নো তেওঁ ছাংহাই সহযোগিতা সংস্থা (এছচিঅ') সন্মিলনৰ পূৰ্বে ৰাছিয়াৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীৰ সৈতে বিষয়টো শক্তিশালীভাৱে উত্থাপন কৰিছিল । অৱশেষত ৰাছিয়াই ভাৰতীয় নাগৰিকসকলক সেনা বাহিনীৰ পৰা অব্যাহতি দিয়াত বাধ্য হোৱাত জয়শংকৰৰ ৰণনীতিক সকলোৱে প্ৰশংসা কৰিছে ।

ৰাছিয়াৰ যুদ্ধত ইউক্ৰেইনৰ বিৰুদ্ধে যুঁজ দিবলৈ ভাৰতীয় নাগৰিকসকলক ৰাছিয়াৰ সেনাত যোগদান কৰিবলৈ প্ৰতাৰিত কৰা হৈছিল । জুনত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কৈছিল যে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা সংঘৰ্ষত ৰাছিয়াৰ সেনাই নিযুক্তি দিয়া দুগৰাকী ভাৰতীয় নাগৰিক নিহত হয় ।

জয়শংকৰে সংবাদ মাধ্যমক কৈছিল যে কেইবাগৰাকী ভাৰতীয়ক ৰাছিয়াৰ সেনা বাহিনীত নিয়োগ কৰা হৈছিল । সেই লোকসকল ভাৰতলৈ ঘূৰি আহিলে হে সকলো কথা স্পষ্ট হ'ব বুলি তেওঁ উল্লেখ কৰিছিল । কিন্তু পৰিস্থিতি যিয়েই নহওঁক ভাৰতীয় নাগৰিকে যুদ্ধক্ষেত্ৰত আন এখন দেশৰ সৈন্য বাহিনীত যোগদান কৰাটো গ্ৰহণযোগ্য নহয় বুলিও তেওঁ কৈছিল । এক সাক্ষাৎকাৰত তেওঁ কৈছিল যে ভাৰতে বিষয়টোক লৈ ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সৈতে যোগাযোগ কৰি আছে ।

বৈদেশিক মন্ত্ৰালয়ৰ মতে ৰাছিয়াৰ সেনা বাহিনীত সহায়ক কৰ্মচাৰী হিচাপে কাম কৰি থকা ভাৰতীয় নাগৰিকসকলৰ ভিতৰত প্ৰায় ১০ গৰাকী ভাৰতলৈ উভতি আহিছে ৷ আনহাতে আন ২০ গৰাকী লোক এতিয়াও লাভজনক চাকৰিৰ প্ৰলোভনৰ বাবে ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধত ৰাছিয়ান সেনাৰ হৈ যুঁজ দিয়াত নিয়োজিত হৈ আছে ।

ইয়াৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাছিয়া ভ্ৰমণ আৰু ৰাষ্ট্ৰপতি পুটিনৰ সৈতে হোৱা বৈঠকৰ পিচত সেনা বাহিনীত নিযুক্ত ভাৰতীয়সকলক অব্যাহতি দিয়াৰ সিদ্ধান্তই বিশেষ চৰ্চা লাভ কৰিছে ।

লগতে পঢ়ক :বৈদ্যুতিক বাহনত উঠাই প্ৰধানমন্ত্ৰী মোদীক এপাক ফুৰালে ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে; মিলিত হ’ল অনানুষ্ঠানিক বৈঠকত - PM Modi in Russia

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.