ETV Bharat / international

দাগেস্তানত উগ্ৰপন্থীৰ আক্ৰমণত আৰক্ষীসহ নিহত প্ৰায় ১৫ জন লোক - Dagestan militants attack

author img

By ANI

Published : Jun 24, 2024, 11:44 AM IST

Dagestan militants attack : ৰাছিয়াৰ দাগেস্তানৰ দুখন চহৰত উগ্ৰপন্থীৰ আক্ৰমণ । ছিনেগগ, গীৰ্জা আৰু আৰক্ষী চকীত উগ্ৰপন্থীয়ে আক্ৰমণ কৰে । প্ৰায় ১৫ গৰাকী লোক নিহত হোৱাৰ লগতে ২৫ গৰাকী আহত হোৱাৰ খবৰ পোৱা গৈছে ।

Dagestan militants attack
দাগেস্তানত উগ্ৰপন্থীৰ আক্ৰমণত আৰক্ষীসহ নিহত প্ৰায় ১৫ জন লোক (ETV Bharat)

ইণ্টাৰনেশ্যনেল ডেস্ক, ২৪ জুন : ৰাছিয়াৰ দক্ষিণৰ গণৰাজ্য দাগেস্তানত উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ । সশস্ত্ৰ উগ্ৰপন্থীৰ আক্ৰমণত এগৰাকী ধৰ্মীয় গুৰু, আৰক্ষীসহ ১৫ জনতকৈও অধিক লোকৰ মৃত্যু হয় । এই আক্ৰমণত প্ৰায় ২৫ গৰাকী লোক আহত হয় । দাগেস্তানৰ গভৰ্ণৰ ছেৰ্গেই মেলিকভে সোমবাৰে পুৱতি নিশা এক ভিডিঅ' বিবৃতিত এই কথা উল্লেখ কৰে ।

কৰ্তৃপক্ষই জনোৱা মতে উগ্ৰপন্থীয়ে দুখন চহৰত দেওবাৰে দুটাকৈ পুৰণি গীৰ্জা, এটা ছিনেগগ (ইহুদীসকলৰ উপাসনা গৃহ) আৰু এখন আৰক্ষী চকীত আক্ৰমণ কৰে । ৰাছিয়াৰ ৰাষ্ট্ৰীয় সন্ত্ৰাসবাদ বিৰোধী সমিতিয়ে সশস্ত্ৰ উগ্ৰবাদৰ ইতিহাস থকা মুছলমান প্ৰধান অঞ্চলটোত হোৱা এই আক্ৰমণক সন্ত্ৰাসবাদী কাৰ্যকলাপ বুলি বৰ্ণনা কৰিছে ।

গভৰ্ণৰে জনোৱা মতে প্ৰায় ৬ উগ্ৰপন্থীও নিহত হৈছে । সোমবাৰৰ পৰা বুধবাৰলৈ অঞ্চলটোত শোক দিৱস পালন কৰা হৈছে । আৰক্ষীয়ে জনোৱা মতে উগ্ৰপন্থীৰ আক্ৰমণত এগৰাকী ধৰ্মীয় গুৰু আৰু প্ৰায় ৬ গৰাকী আৰক্ষী বিষয়া নিহত হয় । দাগেস্তান প্ৰশাসনে কয় যে কাস্পিয়ান সাগৰ অঞ্চলত থকা ডাৰ্বেণ্ট চহৰৰ এটা ছিনেগগ আৰু এটা গীৰ্জাত সশস্ত্ৰ উগ্ৰপন্থীয়ে গুলীচালনা কৰে ।

গীৰ্জা আৰু ছিনেগগত অগ্নি সংযোগ কৰা হয় । প্ৰায় একে সময়তে দাগেস্তানৰ ৰাজধানী মাখাচকলাত এটা গীৰ্জা আৰু যান-বাহন আৰক্ষী চকীত আক্ৰমণ কৰে । দুয়োটা অঞ্চলৰ মাজৰ দূৰত্ব প্ৰায় ১২০ কিলোমিটাৰ হ'ব বুলি জানিব পৰা গৈছে । এই আক্ৰমণৰ পিচতে প্ৰশাসনে অঞ্চলটোত সন্ত্ৰাসবাদী বিৰোধী অভিযানৰ ঘোষণা কৰে ।

এই আক্ৰমণত কিমান উগ্ৰপন্থী জড়িত আছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই । কোনো সংগঠনেও এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই । জানিব পৰা মতে এই আক্ৰমণ সন্দৰ্ভত এজন দাগেস্তানী বিষয়াক আটক কৰা হৈছে । বিষয়াজনৰ পুত্ৰ এই ঘটনাত জড়িত থকাৰ সন্দেহ কৰা হৈছে ।

লগতে পঢ়ক :ইউক্ৰেইনীয় ড্ৰোন আৰু মিছাইলে ৰাছিয়া অধিকৃত ক্ৰিমিয়াত প্ৰাণ ল’লে ৬ জনৰ - Russia Ukraine War

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.