ETV Bharat / international

আমেৰিকাত জাপানৰ প্ৰধানমন্ত্ৰীৰ সৈতে নৰেন্দ্ৰ মোদীৰ বিশেষ বৈঠক - Quad Summit 2024 - QUAD SUMMIT 2024

PM Modi Meets Japan PM: আমেৰিকাত অনুষ্ঠিত হোৱা কোৱাড সন্মিলনৰ সময়ত জাপানৰ সমকক্ষ ফুমিঅ’ কিছিদাৰ সৈতে বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ দুয়োগৰাকী নেতাই ভাৰত-জাপান সম্পৰ্কৰ বিভিন্ন দিশৰ ওপৰত আলোচনা তথা সহযোগিতা আৰু অধিক গভীৰ কৰাৰ বাবে মত বিনিময় কৰে ।

PM Modi Meets Japan PM
নৰেন্দ্ৰ মোদী আৰু ফুমিঅ’ কিছিদা (ANI)
author img

By ETV Bharat Assamese Team

Published : Sep 22, 2024, 10:28 PM IST

নিউজ ডেস্ক, 22 ছেপ্টেম্বৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২১ ছেপ্টেম্বৰত ডেলাৱেৰৰ উইলমিংটনত অনুষ্ঠিত হোৱা কোৱাড লিডাৰ্ছ সন্মিলনৰ সময়তে আমেৰিকাত জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ’ কিছিদাক সাক্ষাৎ কৰে । বিশেষকৈ ২০২২ চনৰ মাৰ্চ মাহত অনুষ্ঠিত হোৱা প্ৰথম বাৰ্ষিক শীৰ্ষ সন্মিলনৰ পিছত দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ বহু পাৰস্পৰিক ক্ৰিয়া-কলাপক উষ্মভাৱে স্মৰণ কৰে ।

যোৱা কেইবছৰমানৰ পৰা ‘‘ভাৰত-জাপান বিশেষ কৌশলগত আৰু বিশ্বব্যাপী অংশীদাৰিত্ব’’ৰ অগ্ৰগতি সক্ষম কৰাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী কিছিদাক অটল নিষ্ঠা আৰু নেতৃত্বৰ বাবে প্ৰধানমন্ত্ৰীয়ে ধন্যবাদ জনায় । ভাৰত-জাপান বিশেষ কৌশলগত আৰু বিশ্বব্যাপী অংশীদাৰিত্বই দশম বছৰত ভৰি দিয়া বুলি উল্লেখ কৰি দুয়োগৰাকী নেতাই এই সম্পৰ্কত যি অগ্ৰগতি লাভ কৰিছে তাত সন্তুষ্টি প্ৰকাশ কৰে ।

এক্সত পোষ্ট কৰি মোদীয়ে কয় যে, "প্ৰধানমন্ত্ৰী কিছিদাৰ সৈতে অতি ভাল বৈঠক হ’ল। আন্তঃগাঁথনি, অৰ্ধপৰিবাহী, প্ৰতিৰক্ষা, সেউজ শক্তি আৰু বহুতো ক্ষেত্ৰত সহযোগিতাৰ বিষয়ে আলোচনা কৰা হৈছে । ভাৰত-জাপানৰ শক্তিশালী সম্পৰ্ক বিশ্বৰ সমৃদ্ধিৰ বাবে অতি উত্তম ।"

দুয়োজন প্ৰধানমন্ত্ৰীয়ে দুয়োখন দেশৰ মাজত বহুমুখী সম্পৰ্ক পৰ্যালোচনা কৰি প্ৰতিৰক্ষা আৰু নিৰাপত্তা সম্পৰ্ক আৰু B to B আৰু P to P সহযোগিতাকে ধৰি সহযোগিতা আৰু অধিক গভীৰ কৰাৰ বাবে মত বিনিময় কৰে । ১ অক্টোবৰত কাৰ্যকালৰ অন্ত পৰিবলগীয়া জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ বাবে এইখন আছিল বিদায়ী শীৰ্ষ সন্মিলন ।

ভাৰত-জাপান বিশেষ কৌশলগত আৰু বিশ্বব্যাপী অংশীদাৰিত্ব দশম বছৰত ভৰি দিয়া বুলি উল্লেখ কৰি দুয়োগৰাকী নেতাই এই সম্পৰ্কত যি অগ্ৰগতি লাভ কৰিছে তাত সন্তুষ্টি প্ৰকাশ কৰে । প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰধানমন্ত্ৰী কিছিদাক বিদায় দি তেওঁৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ সফলতা তথা পূৰ্ণতা কামনা কৰে ।

ৰাষ্ট্ৰপতি বাইডেনে তেওঁৰ গৃহ চহৰ উইলমিংটনত আয়োজন কৰা বাৰ্ষিক কোৱাড সন্মিলনত ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত সহযোগিতা বৃদ্ধিৰ বাবে আৰু ইউক্ৰেইন আৰু গাজাৰ সংঘাতৰ শান্তিপূৰ্ণ সমাধানৰ উপায় বিচাৰি উলিওৱাৰ বাবে ধাৰাবাহিকভাৱে নতুন পদক্ষেপ গ্ৰহণ কৰা হয় ।

চাৰিজনীয়া কোৱাড বা চতুৰ্ভুজ নিৰাপত্তা আলোচনাই মুক্ত, মুকলি আৰু সৰ্বাংগীন ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চল বজাই ৰখাৰ পোষকতা কৰে । চীনে দাবী কৰিছে যে এই গ্ৰুপিঙৰ লক্ষ্য হৈছে ইয়াৰ উত্থান নিয়ন্ত্ৰণ কৰা ।

লগতে পঢ়ক: বাইডেন দম্পতীক কি উপহাৰ দিলে প্ৰধানমন্ত্ৰী মোদীয়ে ? - PM Modi in US

প্ৰধানমন্ত্ৰী মোদীয়ে সম্বোধন কৰিবলগীয়া ৰাষ্ট্ৰসংঘৰ ভৱিষ্যৎ সম্পৰ্কীয় সন্মিলন কি ! - UN Summit for future

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.