ETV Bharat / international

ইউক্ৰেইনক BHISHM কিউব গতাই দিলে প্ৰধানমন্ত্ৰী মোদীয়ে - PM Modi

author img

By ETV Bharat Assamese Team

Published : Aug 23, 2024, 10:48 PM IST

BHISHM Cubes : ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কিয়ে প্ৰধানমন্ত্ৰী মোদীক মানৱীয় সাহায্যৰ বাবে ধন্যবাদ জ্ঞাপন কৰে । মোদীয়ে ইউক্ৰেইনক গতাই দিয়ে BHISHM কিউব । এই কিউববোৰত ঔষধ আৰু চিকিৎসা সঁজুলি থাকে, যিয়ে আহতসকলৰ তৎকালীন চিকিৎসাত সহায় কৰিব আৰু বহুমূলীয়া জীৱন ৰক্ষা কৰাত অৰিহণা যোগাব ।

PM Modi Hands over BHISHM Cubes to Ukraine
ইউক্ৰেইনক BHISHM কিউব গতাই দিলে প্ৰধানমন্ত্ৰী মোদীয়ে (IANS)

নেশ্যনেল ডেস্ক, ২৩ আগষ্ট : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে ইউক্ৰেইন চৰকাৰক চাৰিটা BHISHM (Bharat Health Initiative for Sahyog Hita and Maitri) কিউব প্ৰদান কৰে । ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কিয়ে এই মানৱীয় সাহায়ৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জনায় । এই সহায়ৰ ফলত আহতসকলৰ ক্ষীপ্ৰ চিকিৎসাত সহায় কৰিব আৰু বহুমূলীয়া জীৱন ৰক্ষা কৰাত অৰিহণা যোগাব ।

প্ৰতিটো BHISHM কিউবত সকলো ধৰণৰ আঘাত আৰু চিকিৎসাজনিত পৰিস্থিতিৰ বাবে প্ৰাথমিক চিকিৎসাৰ বাবে প্ৰয়োজনীয় সকলো ঔষধ আৰু সঁজুলি থাকে । ইয়াৰ উপৰিও প্ৰতিদিনে ১০-১৫ টা মৌলিক অস্ত্ৰোপচাৰ পৰিচালনা কৰিব পৰা এটা মৌলিক অপাৰেচন ৰূমৰ বাবে অস্ত্ৰোপচাৰৰ সঁজুলিও অন্তৰ্ভুক্ত কৰা হৈছে ।

ই প্ৰায় ২০০ টা বিভিন্ন ধৰণৰ জৰুৰীকালীন পৰিস্থিতি যেনে আঘাত, ৰক্তক্ষৰণ, জ্বলি যোৱা, ভাঙি যোৱা আদিও চম্ভালিব পাৰে । ইয়াৰ উপৰিও সীমিত পৰিমাণৰ বিদ্যুৎ আৰু অক্সিজেন উৎপাদন কৰিব পাৰে । ইউক্ৰেইনৰ পক্ষক এই কিউব চলাবলৈ প্ৰাৰম্ভিক প্ৰশিক্ষণ দিবলৈ ভাৰতৰ পৰা বিশেষজ্ঞৰ এটা দল নিয়োগ কৰা হৈছে ।

এই পদক্ষেপে ইউক্ৰেইনক মানৱীয় সাহায্য প্ৰদানৰ বাবে ভাৰতৰ অবিৰত দায়বদ্ধতাক আলোকপাত কৰিছে ।

লগতে পঢ়ক : মোদী-জেলেনস্কিৰ দ্বিপাক্ষিক আলোচনাৰ সামৰণি : কৃষি-চিকিৎসা-সাহায্যৰ ক্ষেত্ৰত ৩ খন চুক্তি স্বাক্ষৰ - PM Narendra Modi in Ukraine

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কিৰ আমন্ত্ৰণ মৰ্মে ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীয়ে ২৩ আগষ্টত ইউক্ৰেইন ভ্ৰমণৰ দিনটো ঠিক কৰে ৷ ১৯৯২ চনত দুয়োখন দেশৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপন হোৱাৰ পিছত ভাৰতীয় প্ৰধানমন্ত্ৰীৰ ইউক্ৰেইন ভ্ৰমণৰ এইটোৱেই আছিল প্ৰথম ।

দুয়ো নেতাই ভৱিষ্যতে দ্বিপাক্ষিক সম্পৰ্কক এক ব্যাপক অংশীদাৰিত্বৰ পৰা কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰাৰ দিশত কাম কৰাৰ বাবে পাৰস্পৰিক আগ্ৰহ প্ৰকাশ কৰে ৷ তেওঁলোকে পাৰস্পৰিক বিশ্বাস, সন্মান আৰু মুকলিতাৰ ওপৰত ভিত্তি কৰি দুয়োখন দেশৰ জনসাধাৰণৰ সুবিধাৰ্থে দ্বিপাক্ষিক সম্পৰ্ক অধিক বিকশিত কৰাৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰে ।

প্ৰধানমন্ত্ৰী মোদী আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ মাজত হোৱা আলোচনাৰ পিছত জাৰি কৰা যৌথ বিবৃতি অনুসৰি নেতাসকলে বিগত তিনিটা দশকত যথেষ্ট শক্তিশালী হোৱা দ্বিপাক্ষিক সম্পৰ্কৰ স্থিৰ আৰু ইতিবাচক ট্ৰেজেক্টৰী পৰ্যালোচনা কৰে ৷ লগতে বিভিন্ন স্তৰত ভাৰত আৰু ইউক্ৰেইনৰ মাজত নিয়মীয়া যোগাযোগে লোৱা ভূমিকাক শলাগ লোৱা দেখা যায় ।

লগতে পঢ়ক : ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথম ইউক্ৰেইন ভ্ৰমণ; কিয়েভত উপস্থিত মোদী - PM Modi Ukraine Visit

ইয়াৰ ভিতৰত ২০২৪ চনৰ জুন মাহত আপুলিয়াত আৰু ২০২৩ চনৰ মে’ মাহত জি-৭ সন্মিলনৰ সময়ত হিৰোছিমাত তেওঁলোকৰ বৈঠক, ২০২৪ চনৰ মাৰ্চ মাহত ইউক্ৰেইনৰ বৈদেশিক মন্ত্ৰীৰ নতুন দিল্লী ভ্ৰমণ, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী আৰু বৈদেশিক মন্ত্ৰীৰ মাজত কেইবাটাও আলোচনা আৰু টেলিফোনিক বাৰ্তালাপ আদি অন্তৰ্ভুক্ত ৷ ইউক্ৰেইনৰ মন্ত্ৰী; ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ৰ মুৰব্বীৰ মাজত হোৱা আলোচনা আৰু ২০২৩ চনৰ জুলাই মাহত কিয়েভত অনুষ্ঠিত হ’বলগীয়া বৈদেশিক কাৰ্যালয়ৰ নৱম ৰাউণ্ডৰ আলোচনাত পাৰস্পৰিক বুজাবুজি, বিশ্বাস আৰু সহযোগিতা বৃদ্ধিৰ কথা উল্লেখ কৰা হৈছে ।

লগতে পঢ়ক : ইউক্ৰেইন ভ্ৰমণকাৰী প্ৰথমগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰী হ’ব নৰেন্দ্ৰ মোদী - PM Modi to visit Ukraine

তেওঁলোকে ভাইব্ৰেণ্ট গুজৰাট গ্ল’বেল সন্মিলন ২০২৪ আৰু ৰাইচিনা ডাইলগ ২০২৪ত ইউক্ৰেইনৰ চৰকাৰী প্ৰতিনিধি দলৰ অংশগ্ৰহণৰ বাবে শলাগ লয় ।

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি জেলেনস্কিয়ে ৰাষ্ট্ৰসংঘৰ চনদকে ধৰি আন্তঃৰাষ্ট্ৰীয় আইনৰ নীতিসমূহ, যেনে - ভূখণ্ডৰ অখণ্ডতা আৰু ৰাষ্ট্ৰৰ সাৰ্বভৌমত্বৰ প্ৰতি সন্মান জনোৱাৰ ক্ষেত্ৰত অধিক সহযোগিতাৰ বাবে তেওঁলোকৰ সাজু বুলি পুনৰবাৰ উল্লেখ কৰে । এই সন্দৰ্ভত অধিক ঘনিষ্ঠ দ্বিপাক্ষিক আলোচনাৰ বাঞ্ছনীয়তাৰ ওপৰত একমত প্ৰকাশ কৰে ।

ভাৰতীয় পক্ষই নিজৰ নীতিগত স্থিতি আৰু আলোচনা আৰু কূটনীতিৰ জৰিয়তে শান্তিপূৰ্ণ সমাধানৰ ওপৰত গুৰুত্ব আৰোপ কৰে ৷ যাৰ অংশ হিচাপে ভাৰতে ২০২৪ চনৰ জুন মাহত ছুইজাৰলেণ্ডৰ বাৰ্গেনষ্টকত অনুষ্ঠিত ইউক্ৰেইনত শান্তিৰ সন্মিলনত অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক : সামজিক সুৰক্ষা চুক্তিত সন্মত ভাৰত আৰু পোলেণ্ড - PM Modi in Poland

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.