ETV Bharat / international

ইছলামাবাদৰ এছ চি অ' সন্মিলনৰ বাবে প্ৰধানমন্ত্ৰী মোদীক আমন্ত্ৰণ পাকিস্তানৰ - Shanghai Cooperation Organisation

author img

By ETV Bharat Assamese Team

Published : Aug 30, 2024, 12:33 PM IST

SCO Summit in Islamabad : ইছলামাবাদত অনুষ্ঠিত হ'বলগীয়া আগন্তুক ছাংহাই সহযোগিতা সংস্থাৰ বৈঠকৰ বাবে পাকিস্তানে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আনুষ্ঠানিকভাৱে আমন্ত্ৰণ জনাইছে । উক্ত চৰকাৰৰ মুৰব্বী পৰিষদৰ (Council of Heads of Government, CHG) বৈঠকৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰীকে ধৰি ছাংহাই সহযোগিতা সংস্থাৰ (Shanghai Cooperation Organisation, SCO) সদস্য ৰাষ্ট্ৰসমূহৰ চৰকাৰৰ সকলো মুৰব্বীক আমন্ত্ৰণ জনোৱা হৈছে ।

SCO Summit in Islamabad
প্ৰতিনিধিত্বমূলক ছবি (ANI Photo)

নিউজ ডেস্ক, ৩০ আগষ্ট : পাকিস্তানে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক চলিত বছৰৰ অক্টোবৰত ইছলামাবাদত অনুষ্ঠিত হ'বলগীয়া ছাংহাই সহযোগিতা সংস্থাৰ (Shanghai Cooperation Organisation, SCO) বৈঠকত অংশগ্ৰহণ কৰিবলৈ আনুষ্ঠানিক আমন্ত্ৰণ জনাইছে । পাক সংবাদ মাধ্যম জিঅ' নিউজৰ বাতৰিত এইকথা প্ৰকাশ ।

এক সাপ্তাহিক সংবাদমেল সম্বোধন কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ মুখপাত্ৰ মুমতাজ জাহৰা বালোচে কয় যে পাকিস্তানে ইছলামাবাদত অনুষ্ঠিত হ'বলগীয়া চৰকাৰৰ মুৰব্বী পৰিষদৰ (Council of Heads of Government, CHG) বৈঠকৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি ছাংহাই সহযোগিতা সংস্থাৰ (Shanghai Cooperation Organisation, SCO) সদস্য ৰাষ্ট্ৰসমূহৰ চৰকাৰৰ সকলো মুৰব্বীক আমন্ত্ৰণ জনাইছে ।

জিঅ' নিউজৰ মতে, বালোচে লগতে কয় যে ইছলামাবাদেও ১৫-১৬ অক্টোবৰত পাকিস্তানে আয়োজন কৰিবলগীয়া আগন্তুক এছ চি অ'ৰ বাবে কিছু নিশ্চিতি লাভ কৰিছে । এছ চি অ'ৰ সদস্য ৰাষ্ট্ৰসমূহৰ মুৰব্বীসকলক পাকিস্তানৰ আমন্ত্ৰণ সন্দৰ্ভত আনুষ্ঠানিক নিশ্চিতিৰ কথা উল্লেখ কৰি প্ৰতিৰক্ষা মন্ত্ৰী খাজা আচিফে কয় যে তেওঁলোকে নিশ্চিতভাৱে প্ৰধানমন্ত্ৰী মোদীক এই আঞ্চলিক সন্মিলনলৈ আমন্ত্ৰণ জনাব ।

উল্লেখ্য যে বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে পাকিস্তানত অনুষ্ঠিত হ'বলগীয়া এছ চি অ' সন্মিলনত উপস্থিত নাথাকিব বুলি সংবাদ মাধ্যমত প্ৰকাশিত প্ৰতিবেদন অস্বীকাৰ কৰিছিল । ছাংহাই সহযোগিতা সংস্থা হৈছে কাজাখস্তান গণৰাজ্য, চীন প্ৰজাতন্ত্ৰ, কিৰগিজ গণৰাজ্য, ৰাছিয়ান ফেডাৰেচন, তাজিকিস্তান গণৰাজ্য আৰু উজবেকিস্তান গণৰাজ্যৰ দ্বাৰা ছাংহাইত (পি আৰ চি) 2001 চনৰ 15 জুন তাৰিখে গঠন কৰা এক স্থায়ী আন্তঃচৰকাৰী আন্তঃৰাষ্ট্ৰীয় সংগঠন । ইয়াৰ পূৰ্বসূৰী আছিল ছাংহাই ফাইভ ।

বৰ্তমান, এছ চি অ' দেশবোৰত নখন সদস্য ৰাষ্ট্ৰ অন্তৰ্ভুক্ত আছে । দেশকেইখন হৈছে ভাৰত, ইৰাণ, কাজাখস্তান, চীন, কিৰগিজ, পাকিস্তান, ৰাছিয়ান ফেডাৰেচন, তাজিকিস্তান আৰু উজবেকিস্তান ।

লগতে পঢ়ক :টাইৱান ভূখণ্ডত চীনৰ টহল : 25 খন চীনা বিমান, ৭ খন জাহাজ চিনাক্ত - China Taiwan conflict
লগতে পঢ়ক :গাড়ীৰ পৰা উলিয়াই আনি ২৩ গৰাকী লোকক নৃশংসভাৱে গুলীয়াই হত্যা কৰিলে বন্দুকধাৰীয়ে - Gunmen attack in Pakistan

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.