মস্কো : ছিৰিয়াত ৰাজনৈতিক অস্থিৰতা অব্যাহত আছে । চলিত গৃহযুদ্ধৰ ফলস্বৰূপে দেশ এৰি ইতিমধ্যে পলায়ন কৰিছে ৰাষ্ট্ৰপতি বাছাৰ আল-আছাদে । সূত্ৰৰ মতে ৰাছিয়াই আশ্ৰয় দিছে বাছাৰ আল-আছাদ আৰু তেওঁৰ পৰিয়ালক । ইয়াৰ মাজতে বিদ্ৰোহীয়ে দেওবাৰে দামাস্কাছ দখল কৰে । বিদ্ৰোহীসকলক ৰাজ্যিক টেলিভিছনত দেখা গৈছে । য'ত তেওঁলোকে ৰাষ্ট্ৰপতি প্ৰাসাদ ভাঙি লণ্ডভণ্ড কৰিছে ।
ৰাছিয়াত আছে ছিৰিয়াৰ ৰাষ্ট্ৰপতি
ছিৰিয়াৰ পৰিস্থিতি সকলো চুবুৰীয়া দেশৰ বাবে এতিয়া উদ্বেগৰ বিষয় হৈ পৰিছে । কিয়নো ছিৰিয়াৰ বিদ্ৰোহীয়ে দেওবাৰে ৰাজধানী দামাস্কাছ দখল কৰে । যাৰ ফলত ৰাষ্ট্ৰপতি আছাদ পলাই যাবলৈ বাধ্য হয় আৰু ইয়াৰ লগে লগে দেশখনত তেওঁৰ দুই দশকতকৈও অধিক সময়ৰ শাসনৰ সম্ভাব্য সমাপ্তি ঘটে । আছাদ আৰু তেওঁৰ পৰিয়াল মস্কোত উপস্থিত হৈছে । ৰাছিয়াই তেওঁলোকক মানৱীয় খাতিৰত আশ্ৰয় প্ৰদান কৰিছে বুলি জানিব পৰা গৈছে ।
ৰাজনৈতিক সমাধানৰ পক্ষত ৰাছিয়া
ৰাছিয়াৰ সংবাদ মাধ্যমৰ মতে দেশখন সদায় ছিৰিয়াৰ সংকটৰ ৰাজনৈতিক সমাধানৰ সপক্ষে মত প্ৰকাশ কৰি আহিছে । ৰাষ্ট্ৰসংঘৰ হস্তক্ষেপত শান্তি পুনৰ স্থাপনৰ পক্ষপাতী ৰাছিয়া । প্ৰতিবেদন অনুসৰি ৰাছিয়াৰ বিষয়াসকলে সশস্ত্ৰ ছিৰিয়ান বিৰোধী দলৰ প্ৰতিনিধিসকলৰ সৈতে সম্পৰ্ক ৰাখিছে । তেওঁলোকৰ নেতাসকলে ছিৰিয়াৰ ভূখণ্ডত ৰাছিয়াৰ সামৰিক ঘাটি আৰু কূটনৈতিক মিছনৰ নিৰাপত্তাৰ প্ৰতিশ্ৰুতি দিছে ।
ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ে দেওবাৰে ছিৰিয়াৰ ঘটনাসমূহৰ ওপৰত চৰম উদ্বেগ প্ৰকাশ কৰে আৰু আলোচনাত জড়িত সকলো পক্ষক হিংসা ত্যাগ কৰিবলৈ আৰু ৰাজনৈতিক উপায়েৰে সকলো সমস্যা সমাধান কৰিবলৈ আহ্বান জনায় । মন্ত্ৰালয়ে কয় যে বাছাৰ আল-আছাদে শান্তিপূৰ্ণভাৱে ক্ষমতা হস্তান্তৰৰ নিৰ্দেশ দি কাৰ্যালয় ত্যাগ কৰাৰ লগতে দেশ ত্যাগ কৰিছে ।
ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ে কয়,"আমি ছিৰিয়াত সংঘটিত নাটকীয় ঘটনাসমূহ নিৰীক্ষণ কৰি আছো । বাছাৰ আল-আছাদ আৰু এছ এ আৰত সশস্ত্ৰ আন্দোলনত অংশগ্ৰহণ কৰাসকলৰ মাজত হোৱা আলোচনাৰ পিছত এই ক্ষমতা হস্তান্তৰ কৰা হৈছে । গোটেই প্ৰক্ৰিয়াটো শান্তিপূৰ্ণ আছিল । আল-আছাদে দেশ ত্যাগ কৰিছে । এই সময়ছোৱাত ৰাছিয়া কাৰো পক্ষত নাই ।"
বিবৃতিত কোৱা হৈছে যে ৰাছিয়াই সংশ্লিষ্ট সকলো পক্ষক হিংসা ত্যাগ কৰিবলৈ আৰু ৰাজনৈতিক উপায়েৰে শাসন সম্পৰ্কীয় সকলো সমস্যা সমাধান কৰিবলৈ আহ্বান জনাইছে । ইফালে ছিৰিয়াৰ সমাজৰ সকলো জাতি-সাম্প্ৰদায়িক শক্তিৰ মতামতক সন্মান জনোৱাৰ বাবে আহ্বান জনাইছে । ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সৰ্বসন্মত প্ৰস্তাৱ ২২৫৪ৰ ওপৰত নিৰ্ভৰ কৰি এক সামগ্ৰিক ৰাজনৈতিক প্ৰক্ৰিয়া স্থাপনৰ প্ৰচেষ্টাকো সমৰ্থন জনাইছে ৰাছিয়াই ।
লগতে পঢ়ক : ছিৰিয়া যুদ্ধ; দেশ এৰি পলায়ন ৰাষ্ট্ৰপতিৰ !