ETV Bharat / international

আস্থা ভোটত পৰাজিত হ’ল নেপালৰ প্ৰধানমন্ত্ৰী পুষ্প কমল দাহাল - Prachanda seeks vote of confidence

author img

By ANI

Published : Jul 12, 2024, 9:04 PM IST

Nepal PM Pushpa Kamal Dahal: আস্থা ভোটত পৰাজিত হ’ল নেপালৰ প্ৰধানমন্ত্ৰী পুষ্প কমল দাহাল ৷ 275 জনীয়া প্ৰতিনিধি সদনত 63 টা ভোট লাভ কৰে দাহালে । আস্থা ভোটৰ সময়ত সদনত মুঠ 258 গৰাকী সাংসদ উপস্থিত থাকে ।

Nepal Prime Minister Pushpa Kamal Dahal ousted after failing floor test
নেপালৰ প্ৰধানমন্ত্ৰী পুষ্প কমল দাহাল (X/@cmprachanda)

ইণ্টাৰনেশ্যনেল ডেস্ক, 12 জুলাই: প্ৰতিনিধি সদনত ফ্ল’ৰ টেষ্টৰ সময়ত আস্থা ভোট লাভ কৰিব নোৱৰাৰ বাবে শুকুৰবাৰে নেপালৰ প্ৰধানমন্ত্ৰী পুষ্প কমল দাহালক প্ৰধানমন্ত্ৰী পদৰ পৰা আঁতৰোৱা হয় বুলি কাঠমাণ্ডু পোষ্টে প্ৰকাশ কৰিছে।

এবছৰ ছমাহৰো অধিক সময় কাৰ্যভাৰ গ্ৰহণ কৰা দাহালৰ বাবে আস্থা প্ৰস্তাৱ গৃহীত কৰিবলৈ 138 টা ভোটৰ প্ৰয়োজন হৈছিল যদিও তেওঁ লাভ কৰে মাত্ৰ 63 টা ভোটহে । 275 জনীয়া হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভৰ ভিতৰত 194 জন সাংসদে তেওঁৰ বিৰুদ্ধে ভোটদান কৰাৰ বিপৰীতে এজন সদস্যই ভোটদানৰ পৰা বিৰত থাকে । আস্থা ভোটৰ সময়ত মুঠ 258 জন সাংসদ উপস্থিত থাকে।

চিপিএন-ইউ এম এলে চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰাৰ পিচত সংবিধানৰ 100(2) অনুচ্ছেদ অনুসৰি ফ্ল’ৰ টেষ্টৰ আহ্বান জনাই দাহালে । চিপিএন-ইউএমএল আৰু নেপালী কংগ্ৰেছৰ মাজত নতুন মিত্ৰজোঁট গঠনৰ চুক্তিৰ পিচত এই সিদ্ধান্ত লোৱা হয়, যাৰ ফলত দাহালৰ চৰকাৰলৈ সমৰ্থন হ্ৰাস পায় ।

পুৱাৰ ভাগত আস্থা প্ৰস্তাৱ দাখিল কৰাৰ সময়তে দাহালে সংবিধান ৰক্ষাৰ প্ৰতি নিজৰ দায়বদ্ধতা প্ৰকাশ কৰে । সদনত দিয়া ভাষণত দাহালে কয়, "এই সংবিধান নিৰ্মাণৰ কালছোৱাত মাওবাদী সংগঠনে বৃহৎ ত্যাগ কৰিছে । সেয়েহে মাওবাদীসকলে ইয়াক দুৰ্বল হ’বলৈ দিয়া নাই আৰু ইয়াক দুৰ্বল হ'বলৈও নিদিয়ে ।"

দশকজোৰা বিদ্ৰোহ আৰু পৰৱৰ্তী সময়ত নিপীড়িত শ্ৰেণী, অঞ্চল, লিংগ, সম্প্ৰদায়ৰ আন্দোলনৰ ভিত্তিত গঢ় লৈ উঠা সংবিধানৰ তাৎপৰ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰে দাহালে ।

2022 চনৰ 25 ডিচেম্বৰত নিযুক্তি পোৱাৰ পিচত এই ফ্ল’ৰ টেষ্টটো দাহালৰ বাবে পঞ্চমটো পৰীক্ষা হিচাপে পৰিগণিত হৈছিল । 2023 চনৰ 10 জানুৱাৰীত তেওঁ প্ৰথমটো ফ্ল’ৰ টেষ্টৰ সন্মুখীন হৈছিল, য’ত তেওঁ 268 টা ভোট লাভ কৰিছিল । চিপিএন-ইউএমএলৰ সৈতে সম্পৰ্ক ভাঙি নেপালী কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰি 172 টা ভোট লাভ কৰি তিনিমাহৰ পাচত দ্বিতীয়বাৰৰ বাবে ফ্ল’ৰ টেষ্টৰ সন্মুখীন হ’বলগীয়া হয় । তৃতীয়বাৰৰ ফ্ল’ৰ টেষ্টটো সংঘটিত হয় যেতিয়া 4 মাৰ্চত চিপিএন-ইউএমএল আৰু অন্যান্য দলৰ সৈতে দাহালে পুনৰ মিত্ৰতা কৰাৰ পিচত কংগ্ৰেছে সমৰ্থন প্ৰত্যাহাৰ কৰে, য’ত তেওঁ 157 টা ভোট লাভ কৰে । মে’ মাহত নেপালৰ জনতা সমাজবাদী পাৰ্টিত বিভাজনৰ পাচত চতুৰ্থবাৰৰ পৰীক্ষাৰ সন্মুখীন হোৱা দাহালে পুনৰ 157 টা ভোট লাভ কৰে ।

আস্থা ভোট গৃহীত কৰিব নোৱৰাৰ সময়তে এতিয়া ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পৌডেলে নতুন চৰকাৰ গঠনৰ বাবে আহ্বান জনাব । অধ্যক্ষ দেৱৰাজ ঘিমিৰে ৰাষ্ট্ৰপতি পৌডেলক এই ফলাফলৰ বিষয়ে অৱগত কৰিব । দুই তৃতীয়াংশতকৈ অধিক সাংসদৰ সমৰ্থনত নতুন চৰকাৰ গঠনৰ দাবী উত্থাপন কৰিছে ইউএমএলে ।

লগতে পঢ়ক: Prachandas remark on India : ভাৰত সন্দৰ্ভত নেপালৰ প্ৰধানমন্ত্ৰীৰ মন্তব্যই জোকাৰিছে নেপাল

দুসপ্তাহত তিনিবাৰ মাউণ্ট এভাৰেষ্ট আৰোহণ: নেপালী মহিলাই ৰচিলে ইতিহাস - NEPALI WOMAN CLIMBS MOUNT EVEREST

নেপালক পুনৰ হিন্দু ৰাষ্ট্ৰ হিচাপে স্থাপনৰ দাবীৰ আঁৰত কি ? - Nepal as Hindu kingdom

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.