ETV Bharat / international

ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিৰ শপতগ্ৰহণ; ভাৰতক প্ৰতিনিধিত্ব পবিত্ৰ মাৰ্ঘেৰিটাৰ

MoS Margherita: ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতিৰ শপতগ্ৰহণ অনুষ্ঠানত ভাৰত চৰকাৰৰ হৈ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা উপস্থিত থাকে ।

author img

By ANI

Published : 10 hours ago

MoS Margherita
ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিৰ শপতগ্ৰহণ;ভাৰতক প্ৰতিনিধিত্ব পবিত্ৰ মাৰ্ঘেৰিটাৰ (ANI)

জাকাৰ্টা(ইণ্ডোনেছিয়া): ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি হিচাপে প্ৰবোও চুবিয়ান্তো আৰু উপ-ৰাষ্ট্ৰপতি হিচাপে জিব্ৰান ৰাকাবুমিঙে দেওবাৰে শপতগ্ৰহণ কৰে । এই অনুষ্ঠানত ভাৰতৰ হৈ উপস্থিত থাকে বৈদেশিক পৰিক্ৰমা বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পাবিত্ৰ মাৰ্ঘেৰিটা ।

অনুষ্ঠানত অংশ লৈ এক্সৰ এটা পোষ্টত মাৰ্ঘেৰিটাই কয় যে ভাৰত আৰু ইণ্ডোনেছিয়াৰ মাজত বন্ধুত্ব ইতিবাচক দ্বিপাক্ষিক সম্পৰ্কৰ এক মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে । কিয়নো দুয়োখন ৰাষ্ট্ৰই ২০২৪ চনত কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৭৫ বছৰীয়া বৰ্ষপূৰ্তি উদযাপন কৰিছে ।

প্ৰাক্তন ৰাষ্ট্ৰপতি জোকো উইডোডোৰ চৰকাৰত প্ৰতিৰক্ষা মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা প্ৰবোওৱে ১৪ ফেব্ৰুৱাৰীত অনুষ্ঠিত নিৰ্বাচনত ৫৯ শতাংশ ভোটৰ ব্যৱধানত ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভ কৰে । তেওঁৰ লগতে উইডোডোৰ পুত্ৰ জিব্ৰান ৰাকাবুমিং উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয় । শপতগ্ৰহণৰ জৰিয়তে উইডোডোৰ দ্বাৰা আৰম্ভ কৰা উন্নয়নমূলক আৰু নীতিগত ব্যৱস্থাসমূহক আগুৱাই লৈ যাবলৈ তেওঁলোক সাজু হৈছে ।

ইণ্ডোনেছিয়াত পবিত্ৰ মাৰ্ঘেৰিটা

শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত হোৱাৰ পূৰ্বে ভাৰতৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই ইণ্ডোনেছিয়াৰ প্ৰথম ৰাষ্ট্ৰপতি চুক্ৰানোৰ দিনত নিৰ্মাণ কৰা ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰীয় স্মৃতিস্তম্ভত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । এই স্মৃতিস্তম্ভ হৈছে ডাচ্চসকলৰ বিৰুদ্ধে স্বাধীনতা আন্দোলনৰ সময়ত ইণ্ডোনেছিয়াৰ জনসাধাৰণৰ সংগ্ৰামৰ প্ৰতীক ।

ইণ্ডোনেছিয়া ভ্ৰমণকালত মাৰ্ঘেৰিটাই ভাৰতীয় কোম্পানীসমূহৰ প্ৰতিনিধিসকলৰ সৈতেও বাৰ্তালাপ কৰে । তেওঁ ইণ্ডোনেছিয়াত চলি থকা বিনিয়োগ প্ৰকল্পসমূহৰ ওপৰত আলোচনা কৰে ।

এক্সৰ এটা পোষ্টত তেওঁ কয়, "ইণ্ডোনেছিয়া আছিয়ানত ভাৰতৰ দ্বিতীয় সৰ্ববৃহৎ বাণিজ্য অংশীদাৰ হিচাপে আত্মপ্ৰকাশ কৰিছে !" ইফালে ভাৰত আৰু ইণ্ডোনেছিয়াৰ মাজত বহু ঘনিষ্ঠ সাংস্কৃতিক আৰু বাণিজ্যিক সম্পৰ্ক আছে । দুয়োখন দেশে পৰস্পৰে ১৯৬০ৰ দশকৰ পৰাই সমৰ্থন জনাই আহিছে । ঔপনিৱেশিক শক্তি, গণতান্ত্ৰিক পৰম্পৰা, সংস্কৃতি আৰু প্ৰগতিশীল নেতৃত্বৰ বিৰুদ্ধে সংগ্ৰাম হৈছে ভাৰত আৰু ইণ্ডোনেছিয়াক সংযোগ কৰা কিছুমান উমৈহতীয়া বিষয় ।

ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিৰ শপতগ্ৰহণ অনুষ্ঠানত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী মাৰ্ঘেৰিটাৰ অংশগ্ৰহণে ভাৰত আৰু ইণ্ডোনেছিয়াৰ মাজত ব্যাপক কৌশলগত অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ বাবে ভাৰতৰ প্ৰতিশ্ৰুতি পুনৰ নিশ্চিত কৰে ।

লগতে পঢ়ক :একাগ্ৰতা থাকিলে কি কৰিব নোৱাৰি ! হাফলঙৰ পিংকীয়ে দেখুৱাই দিলে আবু ধাবিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.