ইন্টাৰনেশ্যন ডেস্ক, ২২ ফেব্ৰুৱাৰী : দক্ষিণ আমেৰিকাৰ ভেনিজুৱেলাত অঘটন ৷ তথ্য অনুসৰি, মঙলবাৰে মধ্য ভেনিজুৱেলাত অবৈধভাবে পৰিচালিত এটা সোণৰ খনি খহি পৰে ৷ ফলত ১৪ তকৈ অধিক লোকৰ মৃত্যু হৈছে ৷ লগতে এই ঘটনাত কেবাজনো লোক আহত হৈছে । বুধবাৰে এই তথ্য সদৰী কৰিছে এগৰাকী প্ৰশাসনিক বিষয়াই ৷
বলিভাৰ ৰাজ্যৰ গৱৰ্ণৰ এঞ্জেল মাৰ্কানোৱে (Angel Marcano) স্থানীয় সাংবাদিকৰ আগত কয় যে এতিয়ালৈকে ১৪ টা মৃতদেহ উদ্ধাৰ কৰা হৈছে ৷ কমেও ১১ জন লোক আহত হোৱা বুলি জানিব পৰা গৈছে । লগতে তেওঁ পৰ্যমানে উদ্ধাৰৰ কাম অব্যাহত ৰাখিছো বুলিও উল্লেখ কৰে ৷
তেওঁ উল্লেখ কৰা মতে, মঙলবাৰে এংগোষ্টুৰা পৌৰসভাত বুলা লোকা (Bulla Loca) নামেৰে জনাজাত এটা খনিৰ দেৱাল ভাঙি যায় ৷ য’ত কেৱল নাৱেৰেহে যাত্ৰা কৰিব পাৰি ।
বিমান পঠিয়াবলৈ দাবী :
মঙলবাৰে বিয়লি এংগোষ্টুৰাৰ মেয়ৰ যৰ্গি আৰ্চিনিয়েগাই কয় যে খনিটোৰ ওচৰৰ এটা সম্প্ৰদায়লৈ প্ৰায় ৩০ টা কফিন লৈ যোৱাৰ পৰিকল্পনা কৰা হৈছে ৷ ইয়াৰ পৰা বুজা যায় যে মৃতকৰ সংখ্যা বৃদ্ধিৰ আশংকা কৰা হৈছে ।
ইফালে সোণৰ খনিত আৱদ্ধ হৈ থকা শ্ৰমিকসকলৰ আত্মীয় খনিটোৰ আটাইতকৈ ওচৰৰ সম্প্ৰদায় লা পেৰাগুৱেত গোট খাইছে । তেওঁলোকে আহতসকলক উদ্ধাৰ কৰাৰ লগতে মৃতদেহবোৰো বিমানেৰে অন্য স্থানলৈ স্থানান্তৰ কৰিবলৈ চৰকাৰক দাবী জনাইছে ।
কাৰিনা ৰিঅ’ছ (Karina Ros) নামৰ এগৰাকীয়ে কয়, ‘‘আমি ইয়াত বিমানৰ বাবে অপেক্ষা কৰি আছো ৷ ইতিমধ্যে বহু লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে ৷ আহতও হৈছে বহুজন । অঞ্চলটোৰ পৰিস্থিতিৰ বাবে মৃতদেহবোৰ সোনকালে পচিব যাব পাৰে ৷ ই এক চিন্তনীয় বিষয়’’ ৷
উল্লেখ্য যে, ভেনিজুৱেলা চৰকাৰে ২০১৬ চনত দেশখনৰ মাজভাগত বিস্তৃত এক বিশাল খনন উন্নয়ন মণ্ডল স্থাপন কৰিছিল ৷ যাতে ইয়াৰ তেল উদ্যোগৰ সমান্তৰালভাৱে নতুন ৰাজহ সংযোজন হয় । তেতিয়াৰ পৰাই সেই অঞ্চলৰ ভিতৰ আৰু বাহিৰত সোণ, হীৰা, তাম আৰু অন্যান্য খনিজ পদাৰ্থৰ খনন কাৰ্যৰ প্ৰসাৰ ঘটিছে ।
ইফালে সোণৰ খনিৰ পৰা জীৱিত অৱস্থাত ওলাই অহা খনিকৰ কাৰ্লোছ মাৰ্কানো (৭১) নামৰ এজন লোকে বুধবাৰে এখন মেডিকেল চেন্টাৰত উপস্থিত হৈ ধ্বংসৰ সকলো কথা বৰ্ণনা কৰে ৷ তেওঁ কয় যে খনিটোৰ হতাশজনক পৰিস্থিতি অতি ভয়ংকৰ ।
তেওঁ আৰু কয়, ‘‘বৰ্তমান পৰ্যন্ত বহু লোক এই খনিটোতে আৱদ্ধ হৈ আছে ৷ বহু লোকৰ মৃত্যু হোৱাৰ লগতে খনিৰ ভিতৰতে সমাধিস্থ হৈছে বহুজন’’ ।
লগতে পঢ়ক : হুথি বিদ্ৰোহীৰ আক্ৰমণত গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত বেলিজৰ পতাকা থকা জাহাজ