ETV Bharat / international

আন্তৰ্জাতিক বাওঁহতীয়া দিৱস: উদ্দেশ্য আৰু তাৎপৰ্য - International Left handers Day 2024

author img

By ETV Bharat Assamese Team

Published : Aug 13, 2024, 9:27 AM IST

Left handers day history: বিশ্বৰ প্ৰায় ১২ শতাংশ লোক বাঁওহতীয়া । সমাজত বাঁওহতীয়া লোকসকলে বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হয় । এই লোকসকলৰ বিভিন্ন সুবিধাও আছে । পঢ়ক আন্তৰ্জাতিক বাওঁহতীয়া দিৱসৰ উদ্দেশ্য আৰু তাৎপৰ্য কি ?

International Left handers Day 2024
আন্তৰ্জাতিক বাওঁহতীয়া দিৱস; উদ্দেশ্য আৰু তাৎপৰ্য (Getty image)

প্ৰতিবছৰে ১৩ আগষ্টত বিশ্বৰ প্ৰতিটো কোণৰ লোকসকলে আন্তৰ্জাতিক বাওঁহতীয়া দিৱস উদযাপন কৰে । এই দিনটো বাওঁহতীয়া অৰ্থাৎ বাওঁহাতেৰে কাম কৰা লোকসকলে সন্মুখীন হোৱা বিশেষ লাভালাভৰ প্ৰশংসা কৰা আৰু বাধাবোৰ চিনাক্ত কৰাৰ বাবে সমৰ্পিত ।

এই দিৱস উদযাপনৰ উদ্দেশ্য হৈছে বাওঁহাতেৰে কাম কৰা লোকসকলে সন্মুখীন হোৱা নিৰ্দিষ্ট প্ৰত্যাহ্বানবোৰ উল্লেখ কৰা আৰু তেওঁলোকৰ অনন্য প্ৰয়োজনীয়তাক সমৰ্থন কৰা । আন্তৰ্জাতিক বাওঁহতীয়া দিৱস ২০২৪ ত বিশ্বব্যাপী বাওঁহতীয়া ব্যক্তিসকলৰ বৈচিত্ৰ্য আৰু স্বকীয়তা প্ৰদৰ্শনৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে ।

ইতিহাস:

আন্তৰ্জাতিক বাওঁহতীয়া দিৱস উদযাপনে বাওঁহাতেৰে কাম কৰা লোকসকলৰ স্বকীয়তা আৰু বৈচিত্ৰতাক সন্মানিত কৰে । এই দিনটো আৰম্ভণিতে ১৯৭৬ চনত লেফ্টহেণ্ডাৰছ ইণ্টাৰনেচনেল, ইনক-ৰ প্ৰতিষ্ঠাপক ডিন আৰ কেম্পবেলৰ দ্বাৰা আৰম্ভ কৰা হৈছিল । ইয়াৰ আৰম্ভণিৰে পৰা বছৰি দিৱসটো উদযাপন কৰা হয় ।

সমগ্ৰ ইতিহাসত যেতিয়া বাওঁহাতৰ ব্যক্তিসকলে ১৬০০ ৰ দশকত চয়তানৰ(অসুৰ) সৈতে মিত্ৰতা কৰিছিল বুলি বিশ্বাস কৰা হৈছিল, সেই সময়ৰ পৰা আধুনিক যুগলৈকে তেওঁলোকে দৈনন্দিন কামবোৰ সম্পাদন কৰাত নিৰন্তৰ বাধা আৰু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে ।

আন্তৰ্জাতিক বাওঁহতীয়া দিৱসৰ তাৎপৰ্য:

এই দিনটো বাওঁহাতেৰে কামৰ কৰা ব্যক্তিসকলৰ পৃথক অভিজ্ঞতাৰ বিষয়ে সজাগতা বৃদ্ধি কৰা আৰু বিভিন্ন ক্ষেত্ৰত তেওঁলোকৰ অনন্য সামৰ্থ্য আৰু অৱদানৰ অন্তৰ্ভুক্তি, বুজাবুজি আৰু স্বীকৃতি বৃদ্ধি কৰাৰ বাবে উৎসৰ্গিত ।

বাওঁহতীয়া দিৱস হৈছে এক সুযোগ:

সজাগতা বৃদ্ধি: বাওঁহতীয়া লোকসকলে সন্মুখীন হোৱা প্ৰত্যাহ্বানবোৰৰ বিষয়ে লোকসকলক সজাগ কৰক ।

বৈচিত্ৰ্য উদযাপন: বাওঁহতীয়া ব্যক্তিসকলৰ অনন্য গুণাগুণ আৰু প্ৰতিভা চিনাক্ত কৰক ।

পৰিৱৰ্তনৰ আৱশ্যক: ব্যৱসায় আৰু নিৰ্মাতাসকলক বাওঁ আৰু সোঁ-হাতৰ ব্যৱহাৰকাৰী দুয়োৰে বাবে সেৱা আগবঢ়োৱা সামগ্ৰী ডিজাইন কৰিবলৈ উদগনি দিয়ক ।

আকৰ্ষণীয় তথ্য:

  • গড় হিচাপত বিশ্বৰ ১২ শতাংশ বাওঁহতীয়া, ৮৭ শতাংশ সোঁ-হতীয়া আৰু ১ শতাংশ দুয়োখন হাতে সমানে ব্যৱহাৰ কৰিব পাৰে
  • বাওঁহতীয়া লোকসকলৰ এলাৰ্জী হোৱাৰ সম্ভাৱনা থাকে আৰু ২.৫ শতাংশই বিৰল ৰোগত আক্ৰান্ত হয়
  • এক অধ্যয়নত দেখুওৱা হৈছে যে, বাওঁহতীয়া লোকসকলৰ সোঁ-হতীয়া লোকতকৈ মাইগ্ৰেইনৰ সমস্যা অধিক
  • বেছিভাগ বাওঁহতীয়া লোকৰ টোপনি আনতকৈ বেয়া
  • বাঁওহতীয়া লোকে মগজুৰ সোঁ-ফালটো অধিক ব্যৱহাৰ কৰিব লাগে
  • তেওঁলোকে আনতকৈ আগতে ষ্ট্ৰোকৰ পৰা আৰোগ্য হোৱাৰ সম্ভাৱনা থাকে
  • বাওঁহাতৰ লোকসকলৰ টাইপিং সুবিধা আছে । QWERTY কী-ব’ৰ্ড এখনত তেওঁলোকে কেৱল বাওঁহাত ব্যৱহাৰ কৰি ৩,০০০ ৰো অধিক ইংৰাজী শব্দ টাইপ কৰিব পাৰে । কিন্তু সোঁ-হতীয়া লোকে কেৱল প্ৰায় ৩০০ শব্দ টাইপ কৰিব পাৰে ।
  • বহুতো সংস্কৃতি আৰু দেশত এজন লোক বাওঁহতীয়া হোৱাটো অস্বাভাৱিক বুলি ভবা হয় । ভাৰতৰ দৰে পূৱৰ দেশ বা মধ্যপ্ৰাচ্যত বাঁওহতীয়া লোকক নিষ্ঠুৰ বুলি ভবা হয় । ব্ৰিটেইনত বাওঁহতীয়া শিশুসকলক পূৰ্বে সোঁ-হাত ব্যৱহাৰ কৰিবলৈ বাধ্য কৰোৱা হৈছিল ।

বাওঁহতীয়া লোকসকলে সন্মুখীন হোৱা প্ৰত্যাহ্বান:

সামাজিক আৰু সাংস্কৃতিক প্ৰত্যাশাৰ বাবে বহুতো বাওঁহতীয়া শিশুৱে তেওঁলোকৰ সোঁ-হাতেৰে লিখিবলৈ আৰু আন কাৰ্যকলাপত লিপ্ত হ'বলৈ বাধ্য হয় । এই বলপূৰ্বক অভিযোজনৰ ফলত বাওঁহতীয়া শিশুৰ বিকাশত বিভিন্ন সমস্যা হ'ব পাৰে, যেনে- শিকাৰ অসুবিধা, ডিচলেক্সিয়া, বাক বিকাৰ আদি । বাওঁহতীয়া লোকসকলে প্ৰায়ে বিভিন্ন কামৰ বাবে তেওঁলোকৰ শৰীৰৰ দুয়োফাল ব্যৱহাৰ কৰে, যাৰ ফলত দুয়োপক্ষই সাম্ভাব্য আঘাতৰ সন্মুখীন হয় ।

সোঁ-হতীয়া ব্যক্তিৰ তুলনাত বাওঁহতীয়া লোকসকলে আঘাতৰ আশংকা অধিক বহন কৰা কাৰ্যকলাপত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা অধিক । প্ৰাথমিকভাৱে সোঁ-হাতৰ ব্যৱহাৰৰ বাবে প্ৰস্তুত কৰা সঁজুলিবোৰৰ অন্তৰ্নিহিত অসুবিধাবোৰৰ উপৰিও বাওঁহাতৰ ব্যক্তিসকলে ইচ্ছাকৃত বৈষম্য আৰু নিৰুৎসাহৰ সন্মুখীন হৈছে । কিছুমান সমাজত তেওঁলোকক বেছিভাগ সোঁ-হাতৰ লোকৰ দ্বাৰা দুৰ্ভাগ্যজনক বা আনকি অশুভ বুলি গণ্য কৰা হয় ।

কিছুমান প্ৰসিদ্ধ বাওঁহতীয়া ব্যক্তি:

অমিতাভ বচ্চন, শচীন তেণ্ডুলকাৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ৰতন টাটা, কৰণ জোহৰ, কপিল শৰ্মা, প্ৰিন্স উইলিয়াম, কেনু ৰিভছ, বাজ এল্ড্ৰিন, অপ্ৰা উইনফ্ৰে, জুলিয়া ৰ’বাৰ্টছ, লেব্ৰন জেমছ, নেড ফ্লেণ্ডাৰ্ছ, লেডি গাগা, বাৰাক অ'বামা, নিকোল কিডমেন, জন ষ্টুৱাৰ্ট, বেব ৰুথ, স্কাৰলেট জনছন, হিউ জেকমেন, কাৰ্ডি বি, বিল গেটছ, এঞ্জেলিনা জলী, জুডি গাৰ্লেণ্ড, উইল ফেৰেল, মৰ্গান, ব'ভি ছেথ ৰোজেন, চেণ্ডি কৌফেক্স, মাৰ্ক জুকাৰবাৰ্গ, টিনা ফেইছ, গৰ্ডন ৰামছে, এমা থম্পচন, মাইকেল ভিক, জাষ্টিন বিবাৰ, এমিনেম, বিলি ৰে চাইৰাছ আৰু ৰেণ্ডি জনছন আদি ।

লগতে পঢ়ক : লাচিত বৰফুকনৰ জীৱনৰ আধাৰত ধাৰাবাহিক সম্প্ৰচাৰ কৰিব প্ৰসাৰ ভাৰতীয়ে, দিছপুৰত বুজাবুজিৰ চুক্তি স্বাক্ষৰ - Lachit Borphukon

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.