ETV Bharat / international

নেপালত ভূমিস্খলন; ত্ৰিশূলী নদীত পৰিল দুখন যাত্ৰীবাহী বাছ; নিৰুদ্দেশ 60 গৰাকীৰো অধিক যাত্ৰী - LANDSLIDE IN CENTRAL NEPAL HIGHWAY

author img

By ANI

Published : Jul 12, 2024, 10:22 AM IST

Landslide in Nepal : আকৌ ভূমিস্খলন ৷ এইবাৰ নেপালৰ মদন-অশ্ৰিত ঘাইপথৰ কাষত সংঘটিত হৈছে ভূমিস্খলন ৷ ফলত দুখন যাত্ৰীবাহী বাছ নৈত পৰি যায় ৷ বৰ্তমান পৰ্যন্ত বহু লোক সন্ধানহান হৈ আছে ৷

Landslide in Nepal
নেপালত ভূমিস্খলন (ANI)

নেশ্যনেল ডেস্ক, 12 জুলাই : শুকুৰবাৰে পুৱা ভাগত মধ্য নেপালৰ মদন-অশ্ৰিত ঘাইপথৰ কাষত সংঘটিত হয় এক ভূমিস্খলনৰ ঘটনা ৷ ভূমিস্খলনৰ ফলত দুখন যাত্ৰীবাহী বাছ নৈত পৰি যায় ৷ যাৰ ফলত প্ৰায় 60 লোক নিৰুদ্দেশ হৈ থকা বুলি সন্দেহ কৰা হৈছে । ঘটনাস্থলীত থকা বিষয়াসকলে সংবাদ সংস্থা ANI ৰ আগত উল্লেখ কৰা মতে, দুৰ্ঘটনাত পতিত হৈ বাছখন নেপালৰ ত্রিশূলী নদীত পৰি যায় ৷ বৰ্তমান বৰষুণৰ মাত্ৰা বৃদ্ধি পোৱাৰ ফলত ওফন্দি উঠিছে ত্ৰিশূলী নদীৰ বক্ষ ৷ যাৰ ফলত অনুসন্ধান আৰু উদ্ধাৰ অভিযানত বাধাৰ সৃষ্টি হৈছে ।

‘‘প্ৰাথমিক তথ্য অনুসৰি, দুৰ্ঘটনাত পতিত হোৱা দুয়োখন বাছতে চালককে ধৰি মুঠ 65 জন লোক আছিল । পুৱা প্ৰায় 3:30 বজাত হোৱা ভূমিস্খলনৰ ফলত বাছকেইখন নৈত পৰি যায় ৷ আমি সকলো ঘটনাস্থলীতে আছো আৰু অনুসন্ধান অভিযান চলি আছে । ধাৰাষাৰ বৰষুণৰ বাবে নিৰুদ্দেশ হৈ থকা বাছকেইখন বিচাৰি উলিওৱাত আমি কিছু বাধাৰ সন্মুখীন হৈছো ৷’’ চিতৱানৰ মুখ্য জিলা বিষয়া ইন্দ্ৰদেৱ যাদৱে ফোনযোগে ANI ৰ আগত উল্লেখ কৰিছে ৷

লগতে পঢ়ক : ভূমিস্খলনৰ তাণ্ডৱ : কুৰ্মে জিলাৰ কলিয়াং-ছালিত বিধ্বস্ত বি আৰ টি এফৰ পথ - Landslide In Arunachal Pradesh

বিষয়াগৰাকীৰ মতে, ভূমিস্খলনৰ ফলত কাঠমাণ্ডু অভিমুখী এঞ্জেল বাছ আৰু কাঠমাণ্ডুৰ পৰা ৰাউতহাটৰ গৌৰলৈ গৈ থকা গণপতি ডিলাক্সখন নৈত পৰি সন্ধানহীন হৈ পৰে ৷ প্ৰাৰম্ভিক খবৰ অনুসৰি, কাঠমাণ্ডুলৈ যোৱা বাছখনত 24 জন আৰু আনখন বাছত 41 জন লোক আছিল ।

নেপালৰ প্ৰধানমন্ত্ৰী পুষ্প কমল দাহালে X যোগে কয়, "নাৰায়ণগড়-মুগলিন (Narayangadh- Muglin) পথৰ অংশত বাছকেইখন ভূমিস্খলনৰ ফলত নৈ পৰি যায় আৰু নৈয়ে উটুৱাই লৈ যায় ৷ ফলত প্ৰায় পাঁচ ডজন যাত্ৰী নিৰুদ্দেশ হৈ পৰে ৷ এই খবৰ পাই মই দুখ অনুভৱ কৰিছো । মই গৃহ প্ৰশাসনকে ধৰি চৰকাৰৰ সকলো সংস্থাকে যাত্ৰীসকলক বিচাৰি উলিয়াবলৈ নিৰ্দেশ দিছো ।’’

বতৰ বেয়া হৈ থকাৰ বাবে ইতিমধ্যে দিনটোৰ বাবে কাঠমাণ্ডুৰ পৰা চিতৱান ভাৰতপুৰলৈ যোৱা সকলো বিমানৰ যাত্ৰা বাতিল কৰা হৈছে ।

জানিব পৰা মতে, গণপতি ডিলাক্স থকাত তিনিজন যাত্ৰীয়ে গাড়ীৰ পৰা জঁপিয়াই নামি যাবলৈ সক্ষম হৈছে ৷ আৰক্ষী অধীক্ষক ভৱেশ ৰিমালে জনোৱা মতে, নেপাল আৰক্ষীৰ লগতে প্ৰশাসনৰ সকলো লোকে এই উদ্ধাৰ অভিযানৰ বাবে ঘটনাস্থলীলৈ ৰাওনা হৈছে ৷ বিভিন্ন স্থানত হোৱা ভূমিস্খলনৰ ধ্বংসাৱশেষে নাৰায়ণঘাট-মুগলিং পথ অংশত যাতায়তৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিছে ।

লগতে পঢ়ক : যোশীমঠত পাহাৰৰ পৰা বাগৰিল প্ৰকাণ্ড শিল : ভূমিস্খলনৰ বাবে বন্ধ কৰি দিয়া হ’ল বদ্ৰীনাথ ৰাষ্ট্ৰীয় ঘাইপথ - Landslide in Joshimath

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.