ETV Bharat / international

কমলা হেৰিছক শাসনৰ বাবে অযোগ্য তথা উগ্ৰ বাওঁপন্থী আখ্যা ট্ৰাম্পৰ - US PRESIDENTIAL ELECTION

author img

By PTI

Published : Jul 25, 2024, 10:12 AM IST

US presidential election 2024: কমলা হেৰিছ শাসনৰ বাবে অযোগ্য ৷ লগতে উপ-ৰাষ্ট্ৰপতি হেৰিছক উগ্ৰ বাওঁপন্থী তথা উন্মাদ বুলি আখ্যা দিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি তথা ৰিপাব্লিকান ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ড’নাল্ড ট্ৰাম্পে ৷

US PRESIDENTIAL ELECTION
কমলা হেৰিছ আৰু ড’নাল্ড ট্ৰাম্প (ANI)

ইণ্টাৰনেশ্যনেল ডেস্ক, 25 জুলাই: আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দৌৰৰ পৰা বৰ্তমানৰ ৰাষ্ট্ৰপতি জো বাইডেন আঁতৰি যোৱাৰ লগে লগেই ডেম’ক্ৰেটিক পাৰ্টীৰ প্ৰাৰ্থী হিচাপে সৰ্বাধিক চৰ্চা হৈছে উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছৰ নাম ৷ নিজৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰি বাইডেনেও হেৰিছৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াইছে ৷ কিন্তু তাৰ মাজতে কমলা হেৰিছক শাসনৰ বাবে অযোগ্য, উগ্ৰ বাওঁপন্থী তথা উন্মাদ আখ্যা দিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা ৰিপাব্লিকান ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ডনাল্ড ট্ৰাম্পে ৷

৭৮ বছৰীয়া ট্ৰাম্পে বুধবাৰে তেওঁৰ ডেমক্ৰেটিক প্ৰতিদ্বন্দ্বীগৰাকীৰ প্ৰতি তীব্ৰ বাক্যবাণ নিক্ষেপৰে আক্ৰমণ কৰে ৷ কিয়নো হেৰিছ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে মনোনীত হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে এক নিৰ্বাচনী জনসভা সম্বোধন কৰিছিল । ৮১ বছৰীয়া ৰাষ্ট্ৰপতি জ’ বাইডেনে নিৰ্বাচন নেখেলাৰ সিদ্ধান্ত গ্ৰহণৰ পিছতে হেৰিছক তেওঁৰ উত্তৰাধিকাৰী হিচাপে মনোনীত কৰে ৷

লগতে পঢ়ক: জো বাইডেনৰ দৰেই এটি কৌতুক কমলা হেৰিছ: ড’নাল্ড ট্ৰাম্প - US presidential election 2024

৫৯ বছৰীয়া হেৰিছ এতিয়া প্ৰত্যাশিত ডেমক্ৰেটিক মনোনীত নিৰ্বাচনী প্ৰাৰ্থী আৰু আগষ্টত ডেমক্ৰেটিক নেচনেল কনভেনচনত তেওঁক আনুষ্ঠানিকভাৱে দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰা হ’ব ৷ চাৰে তিনি বছৰ ধৰি কমলা হেৰিছে বাইডেনৰ প্ৰতিটো দুৰ্যোগৰ সময়ত একেলগে থিয় হৈ চালিকা শক্তিৰ ভূমিকা গ্ৰহণ কৰি আহিছে । হেৰিছ এগৰাকী উগ্ৰ বাওঁপন্থী যিয়ে, কাৰ্যালয়ত প্ৰৱেশৰ সুযোগ পালে দেশখন ধ্বংস কৰিব । এনেদৰে উপ ৰাষ্ট্ৰপতিগৰাকীৰ বিৰুদ্ধে বাক্যবাণ কৰাৰ সময়তে ট্ৰাম্পে কয় যে, সেয়া তেওঁলোকে হ'বলৈ নিদিয়ে ।

কমলা হেৰিছ আমেৰিকাৰ ইতিহাসৰ আটাইতকৈ উদাৰ নিৰ্বাচিত ৰাজনীতিবিদ । হেৰিছক ভয়ানক আখ্যা দি ট্ৰাম্পে নেত্ৰীগৰাকীৰ হাতত দেশৰ শাসনভাৰ তুলি দিলে দেশখনৰ ধ্বংস নিশ্চিত বুলিও দাবী কৰে ৷ সীমান্তত প্ৰচণ্ড জাৰ অব্যাহত থকাৰ কথা উদাহৰণ হিচাপে দাঙি ধৰি হেৰিছে কেতিয়াও উক্ত অঞ্চললৈ গৈ নোপোৱা বুলি প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে কয় ৷ লগতে কয় যে, জো বাইডেনৰ সুবাদতে কমলা হেৰিছ মনোনীত হৈছে ৷ প্ৰায় চাৰে তিনি বছৰ শাসনভাৰ চলোৱা বাইডেনৰ বিদায় নিশ্চিত হোৱাৰ পিছত কমলা হেৰিছ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে মনোনীত হোৱাতো এক ভয়ংকৰ কথা ৷

লগতে পঢ়ক: নিৰ্বাচনৰ পূৰ্বে প্ৰথমটো যুক্তি-তৰ্কৰ বাবে মুখামুখি বাইডেন আৰু ট্ৰাম্প - Trump Biden Debate

ট্ৰাম্পে তেওঁৰ উৎসাহী সমৰ্থকসকলৰ আগত হেৰিছৰ মিথ্যাচাৰ উদঙাই দিছিল ৷ যদি হেৰিছে জো বাইডেনৰ মানসিক অক্ষমতাৰ বিষয়ে ৰাজহুৱাকৈ নিৰ্লজ্জভাৱে মিছা ক'ব পাৰে, তেন্তে তেওঁ যিকোনো বিষয়তে মিছা ক'ব । সেয়ে হেৰিছক কেতিয়াও বিশ্বাস কৰিব নোৱাৰি । কুটিল জো বাইডেনৰ দৰেই কমলা হেৰিছো নেতৃত্বৰ বাবে অযোগ্য । নেতৃত্ব গ্ৰহণ কৰিলে প্ৰায় এবছৰৰ ভিতৰতে দেশখন ধ্বংস হ’ব বুলিও ট্ৰাম্পে কয় ৷

কমলাৰ বাবে এটা ভোট মানে হৈছে আৰু চাৰি বছৰৰ অসততা, অযোগ্যতা, দুৰ্বলতা আৰু বিফলতাৰ সপক্ষে দিয়া ভোট ৷ ট্ৰাম্পে ভাষণত হেৰিছৰ কথা প্ৰায় ৪৫ বাৰ উল্লেখ কৰে । যেতিয়া ৰাছিয়াক ইউক্ৰেইন আক্ৰমণৰ পৰা বিৰত ৰাখিবলৈ কমলা হেৰিছক ইউৰোপলৈ পঠোৱা হৈছিল, তেতিয়া সেয়া কেনেকৈ কাৰ্যকৰী হ'ল বুলিও ট্ৰাম্পে প্ৰশ্ন উত্থাপন কৰে ৷ কিয়নো হেৰিছৰ ৰাছিয়া ভ্ৰমণৰ পঞ্চম দিনৰ পৰাই এই যুদ্ধ আৰম্ভ হৈছিল । পুটিনে হেৰিছৰ কোনো কথাকে গ্ৰাহ্য নকৰিলে ৷

চানফ্ৰান্সিস্কো চহৰ ধ্বংসৰ মূলতে হৈছে কমলা হেৰিছ ৷ গতিকে হেৰিছক কোনো কাৰণতে নিৰ্বাচিত হ'বলৈ নিদিয়াৰ হুংকাৰ প্ৰদান কৰে ড’নাল্ড ট্ৰাম্পে ৷

লগতে পঢ়ক: ট্ৰাম্প কেনে প্ৰকৃতিৰ লোক মই জানো: কমলা হেৰিছ - US presidential election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.