ETV Bharat / international

আন্তৰ্জাতিক এভাৰেষ্ট দিৱস: ইতিহাস আৰু উদযাপনৰ তাৎপৰ্য - Mount Everest Day

author img

By ETV Bharat Assamese Team

Published : May 29, 2024, 4:12 PM IST

International Everest Day : ১৯৫৩ চনত ছাৰ এডমাণ্ড হিলাৰী আৰু টেনজিং নৰ্গেই মাউণ্ট এভাৰেষ্টৰ শিখৰত প্ৰথমবাৰৰ বাবে সফলতাৰে খোজ পেলোৱাৰ স্মৃতি হিচাপে ২৯ মে'ত নেপাল আৰু নিউজীলেণ্ডত আন্তৰ্জাতিক এভাৰেষ্ট দিৱস পালন কৰা হয় । যিসকলে পাহাৰ বগাবলৈ চেষ্টা কৰিছে তেওঁলোকৰ সাহসিকতা আৰু সহনশীলতাক স্বীকৃতি দিয়া আৰু আনকো তেওঁলোকৰ লক্ষ্যক উপনীত হোৱাত আহিবলগা বিপদৰ সন্মুখীন হ'বলৈ অনুপ্ৰাণিত কৰাৰ বাবে এই দিৱস উদযাপন কৰা হয় ।

International Everest Day
মাউণ্ট এভাৰেষ্ট (Getty Images)

বিশেষ প্ৰতিবেদন, ২৯ মে' : ১৯৫৩ চনত ছাৰ এডমাণ্ড হিলাৰী আৰু টেনজিং নৰ্গেই বিশ্বৰ সৰ্বোচ্চ শৃংগত প্ৰথম সফল আৰোহণৰ স্মৃতিত প্ৰতি বছৰে ২৯ মে'ত আন্তৰ্জাতিক এভাৰেষ্ট দিৱস বা মাউণ্ট এভাৰেষ্ট দিৱস পালন কৰা হয় । আন্তৰ্জাতিক এভাৰেষ্ট দিৱস হৈছে পৰ্বতৰ শৃংগত আৰোহণ কৰিবলৈ চেষ্টা কৰাসকলৰ সাহসিকতা আৰু সহনশীলতাক স্বীকৃতি দিয়াৰ আৰু আনকো তেওঁলোকৰ লক্ষ্যত উপনীত হ'বলৈ জীৱনত বিপদাশংকা ল'বলৈ অনুপ্ৰেৰিত কৰাৰ এক সুযোগ ।

মাউণ্ট এভাৰেষ্ট দিৱসৰ আৰম্ভণি

  • ছাৰ এডমাণ্ড হিলাৰীৰ মৃত্যুৰ পিচত ২০০৮ চনত প্ৰথমবাৰৰ বাবে এভাৰেষ্ট দিৱস উদযাপন কৰা হৈছিল । তেতিয়াৰে পৰা নেপাল আৰু নিউজীলেণ্ডে বিশ্বৰ সৰ্বোচ্চ পৰ্বতৰ শিখৰত আৰোহণৰ স্মৃতিত প্ৰতি বছৰে এই দিনটো উদযাপন কৰি আহিছে ।
  • টেনজিং আৰু হিলাৰীয়ে মানুহৰ ইচ্ছাশক্তিক নতুন উচ্চতালৈ লৈ যোৱাৰ অপৰিসীম সংকল্প প্ৰদৰ্শনৰ চিন স্বৰূপে নিউজীলেণ্ডৰ বিভিন্ন স্থানত বিভিন্ন ধৰণৰ সমদল উলিওৱা হয় । লগতে নেপালতো বিভিন্ন ধৰণৰ গুৰুত্বপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত হয় আৰু হাই-প্ৰফাইল অতিথিসকল প্ৰায়ে উক্ত অনুষ্ঠানবোৰত উপস্থিত থাকে ।
  • এভাৰেষ্ট মাৰাথন হৈছে এই দিনটোত আয়োজিত জনপ্ৰিয় অনুষ্ঠানসমূহৰ ভিতৰত এটা । এই দৌৰ এভাৰেষ্টৰ বেছ কেম্পৰ (5364 মিটাৰ) পৰা আৰম্ভ হয় আৰু নামচেত সমাপ্ত হয় । আন্তৰ্জাতিক আৰু ৰাষ্ট্ৰীয় ট্ৰেকাৰৰ লগতে পৰ্বতাৰোহী উভয়ে এই দৌৰত অংশগ্ৰহণ কৰে আৰু বিজয়ীসকলক পুৰস্কৃত কৰা হয় ।

মাউণ্ট এভাৰেষ্ট (পৃথিৱীৰ সৰ্বোচ্চ পৰ্বত)

হিমালয়ৰ মহালাংগুৰ শাখাত অৱস্থিত মাউণ্ট এভাৰেষ্ট শৃংগ সাগৰপৃষ্ঠৰ পৰা 8,848 মিটাৰ উচ্চতাত অৱস্থিত । পৰ্বতখনত থকা আন আন শৃংগবোৰ হৈছে লটছে- 8,516 মিটাৰ (27,940 ফুট); নুপ্টছে- 7,855 মিটাৰ (25,771 ফুট) আৰু চাংটছে- 7,580 মিটাৰ (24,870 ফুট) । পৃথিৱীৰ আটাইতকৈ ওখ পৰ্বত হোৱাৰ বাবে মানুহৰ মনত এভাৰেষ্ট সদায় এক অন্বেষণৰ আকৰ্ষণ । সেয়েহে ই বহু অভিজ্ঞতাসম্পন্ন পৰ্বতাৰোহীক আকৰ্ষিত কৰি আহিছে । ইয়াৰ বাবে দুটা পথ আছে, যিয়ে পৰ্বতাৰোহীসকলক শীৰ্ষত উপনীত হোৱাত সহায় কৰে । তাৰে এটা হৈছে নেপালৰ দক্ষিণ-পূব আৰু আনটো তিব্বতৰ উত্তৰৰ ফালে । নেপালৰ ফালৰ পৰা অহা পথটো বেছিভাগে পছন্দ কৰে আৰু সেয়েহে এইটো পৰ্বত আৰোহণ কৰাৰ এক মানক পথ ।

মাউণ্ট এভাৰেষ্টৰ বিষয়ে কিছু তথ্য

  • এভাৰেষ্ট 29,029 ফুট ওখ ।
  • ১৮৪১ চনত ছাৰ জৰ্জ এভাৰেষ্টৰ নেতৃত্বত এটা ব্ৰিটিছ জৰীপ দলে ইয়াক পৃথিৱীৰ আটাইতকৈ ওখ পৰ্বত হিচাপে স্বীকৃতি দিছিল । ২৪ বছৰৰ পিচত এই পৰ্বতখন তেওঁৰ নামেৰে নামকৰণ কৰা হৈছিল ।
  • বছৰটোৰ বেছিভাগ সময়তে পৰ্বতৰ শীৰ্ষত অতি তীব্ৰ বতাহ থাকে আৰু সেয়েহে গোটেই বছৰটো পৰ্বত আৰোহণ কৰা সম্ভৱ নহয় । মে' আৰু ছেপ্টেম্বৰ হৈছে এভাৰেষ্ট আৰোহণৰ প্ৰচেষ্টাৰ আদৰ্শ মাহ । কিয়নো উক্ত দুমাহত বতাহ কমি যায় ।
  • এতিয়ালৈকে 4000-ৰো অধিক পৰ্বতাৰোহীয়ে সফলতাৰে এভাৰেষ্টৰ শীৰ্ষত আৰোহণ কৰিছে ।
  • আপা আৰু ফুৰবা তাছি নামৰ দুজন শ্বেৰ্পাই ২১ বাৰ এই পৰ্বতৰ শৃংগত আৰোহণৰ অভিলেখ গঢ়িছে ।
  • এগৰাকী ভাৰতীয় গণিতজ্ঞ তথা সমীক্ষক ৰাধানাথ শিকদাৰ হৈছে প্ৰথম ব্যক্তি, যিয়ে পৰ্বতৰ পৰিসৰ চিনাক্ত কৰিছিল । যাৰ দ্বাৰা অৱশেষত হিমালয়ক আটাইতকৈ ওখ পৰ্বত হিচাপে স্বীকৃতি দিয়া হৈছিল ।
  • এভাৰেষ্টৰ শীৰ্ষত আৰোহণ কৰা প্ৰথম পৰ্বতাৰোহীসকল আছিল নিউজীলেণ্ডৰ এডমাণ্ড হিলাৰী আৰু নেপালৰ টেনজিং নৰ্গে নামৰ এজন শ্বেৰ্পা । তেওঁলোক দুয়োজনে কৰ্ণেল জন হাণ্টৰ সৈতে ব্ৰিটিছ অভিযানৰ অংশ আছিল ।

ছাৰ এডমাণ্ড হিলাৰী (মৌ পালকৰ পৰা পৰ্বত আৰোহণলৈ যাত্ৰা)

১৯১৯ চনত নিউজীলেণ্ডত জন্ম হৈছিল এডমাণ্ডৰ । তেওঁ অকলেণ্ডত ডাঙৰ-দীঘল হৈছিল । যদিও তেওঁ এগৰাকী মৌ-পালক আছিল, তথাপিও তেওঁ নিজৰ মাতৃভূমিত পৰ্বত আৰোহণৰ প্ৰতি আগ্ৰহী আছিল আৰু তেওঁ বিভিন্ন পৰ্বতমালা আৰোহণ কৰিবলৈ আৰম্ভ কৰিছিল । তাৰ মাজতে তেওঁ 20,000 ফুটতকৈও অধিক উচ্চতাৰ 11 টা বিভিন্ন শৃংগ আৰোহণ কৰিছিল । তেওঁ ১৯৫১ আৰু ১৯৫২ চনত একেৰাহে দুবছৰ মাউণ্ট এভাৰেষ্ট অভিযানত যোগদান কৰিছিল । এই আৰোহণবোৰে তেওঁক জয়েণ্টৰ পৃষ্ঠপোষকতাত কৰা এটা অভিযানৰ নেতা ছাৰ জন হাণ্টৰ দৃষ্টি আকৰ্ষণ কৰে ।

গ্ৰেট ব্ৰিটেইনৰ আলপাইন ক্লাব আৰু ৰয়েল জিঅ'গ্ৰাফিক ছ'চাইটীৰ হিমালয় সমিতি ।

২৯ মে'ৰ পুৱা ১১.৩০ বজাত তেওঁ পৃথিৱীৰ সৰ্বোচ্চ স্থানত উপনীত হৈ এক ঐতিহাসিক কৃতিত্ব অৰ্জন কৰে ।

টেনজিং নৰ্গে (চূড়ান্ত শিখৰ আৰোহণৰ যাত্ৰা)

শ্বেৰ্পা টেনজিঙৰ জন্ম ১৯১৪ চনত নেপালৰ উত্তৰ-পূব অঞ্চলৰ খুম্বুৰ টেংবোচেত । তেওঁ গেং লা মিংমা (পিতৃ) আৰু ডকমো কিনজোম (মাতৃ)ৰ একাদশ সন্তান আছিল । শিশুটিৰ নাম পূৰ্বতে নামগিয়াল ৱাংদি ৰখা হৈছিল । কিন্তু পিচত তেওঁৰ নাম টেনজিং নৰ্গেলৈ সলনি কৰে । যাৰ অৰ্থ হৈছে 'ধনী-ভাগ্যৱান-ধৰ্মৰ অনুসৰণকাৰী' । তেওঁৰ পৰিয়ালে তেওঁক সন্ন্যাসী কৰাৰ বাবে টেংবোচে মঠলৈ পঠিয়াইছিল । কিন্তু তেওঁ তাৰ পৰা গুচি আহিছিল । দৰাচলতে তেওঁ কেইবাৰমান ঘৰৰ পৰা পলায়ো গৈছিল আৰু পিছত ক্ৰমান্বয়ে কাঠমাণ্ডু আৰু দাৰ্জিলিঙত পোৱা গৈছিল ।

লক্ষণীয়ভাৱে তেওঁ ১৯৫২ চনৰ ছুইছ অভিযানৰ সদস্য আছিল আৰু ৰেমণ্ড লেম্বাৰ্টৰ সৈতে ২৮,২১০ ফুট উচ্চতালৈ বগাইছিল ।

টেনজিং আৰু হিলাৰীৰ প্ৰথম সফল প্ৰয়াস

তেওঁৰ অভিযানৰ সময়ত ছাৰ জন হাণ্টে তেওঁৰ পৰ্বতাৰোহী দলত এজন শ্বেৰ্পাক অন্তৰ্ভুক্ত কৰিব বিচাৰিছিল আৰু টেনজিঙে দলৰ আন যিকোনো সদস্যতকৈ 4000 ফুট অধিক আৰোহণ কৰিছিল । তেওঁৰ এই অভিজ্ঞতাৰ বাবে তেওঁক অভিযানৰ বাবে বাছনি কৰিছিল ।

হাণ্টে এভাৰেষ্ট শৃংগ আৰোহণ কৰিবলৈ কেইটামান দল গঠন কৰিছিল । প্ৰথমটো আছিল টম বাউৰডিলন আৰু চাৰ্লছ ইভান্সৰ যুটি আৰু দ্বিতীয়টো আছিল টেনজিং আৰু হিলাৰীৰ ।

চাৰ্লছ আৰু টমৰ যুটিটোৱে প্ৰথম প্ৰয়াস কৰিছিল যদিও তেওঁলোকে সফল আৰোহণ কৰাত ব্যৰ্থ হৈছিল । লগতে তেওঁলোকৰ এটা অক্সিজেন চিলিণ্ডাৰ বিকল হৈছিল আৰু বেছ কেম্পলৈ উভতি অহাটোৱে তেওঁলোকৰ একমাত্ৰ বিকল্প আছিল । পৰৱৰ্তী প্ৰয়াসটো পৰৱৰ্তী দুদিনত বৰফ আৰু তীব্ৰ বতাহৰ বাবে সম্ভৱ হোৱা নাছিল । সেয়েহে তিনি দিনৰ পিচত টেনজিং আৰু হিলাৰীয়ে পৰ্বতৰ শীৰ্ষত উপনীত হ'বলৈ চেষ্টা কৰিছিল আৰু সফল প্ৰচেষ্টাটো ১৯৫৩ চনৰ ২৯ মে'ত সম্পূৰ্ণ হৈছিল ।

1953 চনৰ তথ্যৰ কথা বিবেচনা কৰিলে, ২০২৪ চনৰ জানুৱাৰীলৈকে 6,664 জন বিভিন্ন লোকে সকলো পথতে এভাৰেষ্টত 11,996 টা অভিযান চলাইছে । নেপালৰ ফালৰ পৰা ৮,৩৫০ টা অভিযান হৈছে আৰু সেই অভিযানবোৰত ২১৭ জন লোকৰ মৃত্যু হৈছে । আনহাতে, তিব্বতৰ ফালৰ পৰা 3,646 টা অভিযান হৈছে আৰু তাত 110 জন লোকৰ মৃত্যু হৈছে ।

লগতে পঢ়ক :বিশ্ব কাছ দিৱস: ডাইন'চৰৰ সময়ৰ প্ৰাণীৰ বিষয়ে জানো আহক - World Turtle Day 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.