নতুন দিল্লীঃ বিদ্ৰোহী বাহিনীয়ে ৰাষ্ট্ৰপতি বাশ্বাৰ আসাদৰ আধিপত্যবাদী চৰকাৰক উৎখাত কৰাৰ মাত্ৰ দুদিন পিছত ভাৰতে মঙলবাৰে ছিৰিয়াৰ পৰা ৭৫ জন ভাৰতীয় নাগৰিকক স্থানান্তৰিত কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জনোৱা অনুসৰি, দামাস্কাছ আৰু বেইৰুটস্থিত ভাৰতীয় দূতাবাসসমূহৰ দ্বাৰা এই স্থানান্তৰ প্ৰক্ৰিয়াৰ সমন্বয় ৰক্ষা কৰা হৈছিল আৰু নিৰাপত্তা পৰিস্থিতিৰ মূল্যাঙ্কনৰ পিছত ইয়াক কাৰ্যকৰী কৰা হৈছিল।
মঙলবাৰে নিশাৰ এক বিবৃতিত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয়, "ভাৰত চৰকাৰে ছিৰিয়াৰ শেহতীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজি ৭৫ জন ভাৰতীয় নাগৰিকক সেই দেশখনৰ পৰা স্থানান্তৰিত কৰিছে।" স্থানান্তৰিতসকলৰ ভিতৰত জম্মু আৰু কাশ্মীৰৰ ৪৪ জন 'জাইৰিন' আছে যিসকল ছৈইদা জেইনাবত আৱদ্ধ হৈ আছিল। সকলো ভাৰতীয় নাগৰিকে সুৰক্ষিতভাৱে লেবাননত প্ৰৱেশ কৰিছে আৰু উপলব্ধ বাণিজ্যিক বিমানৰ জৰিয়তে ভাৰতলৈ উভতি আহিব।
Press release: Evacuation of Indian Nationals from Syria ⬇️https://t.co/7bESmhpKK2
— Randhir Jaiswal (@MEAIndia) December 10, 2024
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এই কথাত গুৰুত্ব আৰোপ কৰি কয় যে চৰকাৰে বিদেশত থকা ভাৰতীয় নাগৰিকসকলৰ সুৰক্ষা আৰু নিৰাপত্তাক প্ৰাথমিকতা দিয়ে। মন্ত্ৰালয়ে এতিয়াও ছিৰিয়াত থকা যিকোনো ভাৰতীয় নাগৰিকক দামাস্কাছস্থিত ভাৰতীয় দূতাবাসৰ সৈতে সম্পৰ্ক ৰাখিবলৈ পৰামৰ্শ দি কয়, "চৰকাৰে পৰিস্থিতিটো গভীৰভাৱে নিৰীক্ষণ কৰি থাকিব।"
বিবৃতিটোত লগতে কোৱা হৈছে, "ছিৰিয়াত থকা অৱশিষ্ট ভাৰতীয় নাগৰিকসকলক সকলো আপডেটৰ বাবে জৰুৰীকালীন হেল্পলাইন নম্বৰ +963 993385973 (হোৱাটছএপো উপলব্ধ) আৰু ইমেইল আইডি hoc.damascus@mea.gov.in ৰ মাধ্যমেৰে দামাস্কাছৰ ভাৰতীয় দূতাবাসৰ সৈতে যোগাযোগত থাকিবলৈ পৰামৰ্শ দিয়া হৈছে।”
দেওবাৰে বিদ্ৰোহী বাহিনীয়ে ৰাজধানী দামাস্কাছৰ লগতে দেশৰ আন কেইবাখনো প্ৰধান চহৰ আৰু নগৰ দখল কৰাৰ ফলত ছিৰিয়া চৰকাৰৰ পতন ঘটে। বিদ্ৰোহী দল হায়াত তাহৰিৰ আল-শ্বামে (এইচটিএছ) দামাস্কাছৰ নিয়ন্ত্ৰণ লোৱাৰ পিছত আছাদে দেশৰ পৰা পলায়ন কৰে, যাৰ ফলত তেওঁৰ পৰিয়ালৰ ৫০ বছৰীয়া শাসনৰ সমাপ্তি ঘটে।
ৰাছিয়াৰ চৰকাৰী সংবাদ মাধ্যমৰ খবৰ অনুসৰি আছাদ বৰ্তমান মস্কোত আছে আৰু তাত তেওঁক আশ্ৰয় দিয়া হ'ব। আছাদৰ প্ৰায় ১৪ বছৰীয়া কাৰ্যকাল আছিল গৃহযুদ্ধ, ৰক্তপাত আৰু ৰাজনৈতিক বিৰোধীসকলৰ ওপৰত এক নিৰ্মম অভিযানৰ দলিলস্বৰূপ।
সোমবাৰে, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে তেওঁলোকে ছিৰিয়াৰ ঘটনাক্ৰমৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে আৰু দেশখনৰ ভৱিষ্যতৰ বাবে ছিৰিয়া নেতৃত্বাধীন এক শান্তিপূৰ্ণ আৰু সামগ্ৰিক ৰাজনৈতিক প্ৰক্ৰিয়াৰ ওকালতি কৰে।
লগতে পঢ়ক: অশান্ত ছিৰিয়া; সুস্থিৰতা ৰচনাৰ বাবে ৰাজনৈতিক প্ৰক্ৰিয়াৰ সমৰ্থন ভাৰতৰ
লগতে পঢ়ক: ছিৰিয়াত আছাদৰ পতন: ভাৰতে কি স্থিতি গ্ৰহণ কৰা উচিত !