ETV Bharat / international

ভাৰত আৰু আৰ্জেণ্টিনাৰ মাজত এফঅ'চিৰ সপ্তম পৰ্যায় বৈঠক - 7th round of FOCs

author img

By ANI

Published : Sep 14, 2024, 1:09 PM IST

7th round of Foreign Office Consultations : ভাৰত আৰু আৰ্জেণ্টিনাৰ বৈদেশিক কাৰ্যালয় পৰামৰ্শৰ (FOCs) সপ্তম পৰ্যায়ৰ বৈঠকত দুয়োখন দেশৰ প্ৰতিনিধি উপস্থিত । দুয়োখন দেশে বিভিন্ন ক্ষেত্ৰত সহযোগিতাৰ দিশসমূহ আলোচনা কৰে । নতুন দিল্লীত হ'ব পৰৱৰ্তী বৈঠক ।

7th round of Foreign Office Consultations
ভাৰত আৰু আৰ্জেণ্টিনাৰ মাজত এফঅ'চিৰ সপ্তম পৰ্যায় বৈঠক (ANI)

ইণ্টাৰনেশ্যনেল ডেস্ক, ১৪ ছেপ্টেম্বৰ : আৰ্জেণ্টিনাৰ ৰাজধানী বুয়েনছ আইৰেছত ভাৰত আৰু আৰ্জেণ্টিনাৰ বৈদেশিক কাৰ্যালয় পৰামৰ্শৰ (FOCs) সপ্তম পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয় । য'ত উভয় পক্ষই দ্বিপাক্ষিক সম্পৰ্কৰ সমগ্ৰ পৰিসৰ আৰু দুয়োখন দেশৰ মাজত সহযোগিতাৰ গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহৰ বিষয়ে আলোচনা কৰা হয় ।

বৈঠকত সভাপতিত্ব কৰে বৈদেশিক পৰিক্ৰমা বিভাগৰ সচিব (পূব) জয়দীপ মজুমদাৰ আৰু আৰ্জেণ্টিনাৰ বৈদেশিক পৰিক্ৰমা উপমন্ত্ৰী লিওপোল্ডো ফ্ৰাঞ্চিস্কো চাহোৰেছে ।

  • সপ্তম পৰ্যায়ৰ এফঅ'চি

বৈদেশিক কাৰ্যালয় পৰামৰ্শৰ অন্তিমখন বৈঠক ২০২১ চনৰ নৱেম্বৰত নতুন দিল্লীত অনুষ্ঠিত হৈছিল । মন্ত্ৰালয়ে কয়, "দুয়োপক্ষই তেওঁলোকৰ সম্পৰ্কৰ সমগ্ৰ পৰিসৰ সামৰি ব্যাপক আলোচনাত মিলিত হৈছে । ৰাজনৈতিক, বাণিজ্যিক আৰু অৰ্থনৈতিক সম্পৰ্কৰ উপৰিও দুয়োটা প্ৰতিনিধি দলে স্বাস্থ্যসেৱা আৰু ফাৰ্মা, শক্তি, খনি, প্ৰতিৰক্ষা, ৰে'লৱে, পাৰমাণৱিক, মহাকাশ, কৃষি, সংস্কৃতি আৰু কনচুলাৰ বিষয়কে ধৰি সহযোগিতাৰ অন্যান্য গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহৰ পৰ্যালোচনা কৰে ।"

দুয়োপক্ষই উমৈহতীয়া স্বাৰ্থৰ বিভিন্ন আঞ্চলিক আৰু গোলকীয় বিষয়ত মত বিনিময় কৰে । ভাৰত আৰু আৰ্জেণ্টিনাই উচ্চ-পৰ্যায়ৰ ভ্ৰমণৰ আদান-প্ৰদান বৃদ্ধি কৰিবলৈ সন্মত হৈছে । নতুন দিল্লীত পাৰস্পৰিক সুবিধাজনক দিনত এফঅ'চিৰ পৰৱৰ্তী পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰিবলৈও দুয়োপক্ষ সন্মত হয় ৷ মন্ত্ৰালয়ে লগতে কয় যে এই আলোচনাই আৰ্জেণ্টিনাৰ বৈদেশিক মন্ত্ৰীৰ ভাৰত ভ্ৰমণৰ পূৰ্বে দ্বিপাক্ষিক সম্পৰ্কৰ বুজ লোৱাৰ সুযোগ প্ৰদান কৰে ।

আৰ্জেণ্টিনাৰ বৈদেশিক মন্ত্ৰালয়ে কয় যে এফঅ'চি দ্বিপাক্ষিক কাৰ্যসূচীৰ বিষয়সমূহ পৰ্যালোচনা কৰাৰ এক গুৰুত্বপূৰ্ণ সুযোগ । বুয়েনছ আইৰেছে ভাৰতক আৰ্জেণ্টিনাৰ বাবে এক অতি গুৰুত্বপূৰ্ণ অংশীদাৰ হিচাপে অভিহিত কৰে ।

আৰ্জেণ্টিনাৰ বৈদেশিক মন্ত্ৰালয়ে এক্সৰ এটা পোষ্টত কয়, "ভাৰতৰ সৈতে ৰাজনৈতিক পৰামৰ্শৰ লক্ষ্যৰে উপ বৈদেশিক মন্ত্ৰী লিওপোল্ডো চাহোৰেছ আৰু ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব জয়দীপ মজুমদাৰে ছান মাৰ্টিন পেলেচত বুয়েনছ আইৰেছত সপ্তম পৰ্যায়ৰ ৰাজনৈতিক পৰামৰ্শৰ সভাপতিত্ব কৰে । ইয়াত দ্বিপাক্ষিক কাৰ্যসূচীৰ বিষয়বোৰ পৰ্যালোচনা কৰা হয় । সহযোগিতা প্ৰকল্প, অঞ্চলটোৰ ৰাজনৈতিক পৰিস্থিতি আৰু গোলকীয় বিষয়ৰ ওপৰত তথ্যৰ আদান প্ৰদান কৰা হয় । আমি ভাৰতৰ সৈতে এক গভীৰ আৰু অধিক তীব্ৰ সম্পৰ্ক গঢ়ি তুলিবলৈ আগ্ৰহী ।"

লগতে পঢ়ক :বিনিয়োগৰ সুযোগৰ লক্ষ্যৰে দিল্লীত বিত্ত মন্ত্ৰী আৰু ডিএফচি প্ৰতিনিধিৰ বৈঠক - Nirmala Sitharaman

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.