ETV Bharat / international

মোদী-পুটিনৰ আলিংগনত অসন্তুষ্ট ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি - PM Modi Russia Visit

author img

By ANI

Published : Jul 9, 2024, 7:54 PM IST

PM Modi hugging Putin : ইউক্ৰেইনত ৰাছিয়াই মিছাইল আক্ৰমণ কৰি বহুলোকক হত্যা কৰাৰ দিনটোতে পুটিনক আলিংগন কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে ৷ ফলত তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ ইউক্ৰেইনত শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত ই মোক্ষম আঘাত বুলি মন্তব্য কৰিছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে ৷

PM Modi hugging Putin
মোদী-পুটিন আলিংগনত অসন্তুষ্ট ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি (ANI/X@ZelenskyyUa)

ইণ্টাৰনেশ্যনেল ডেস্ক, 9 জুলাই : ৰাছিয়াৰ ৰাষ্ট্ৰপতিক বন্ধুত্বৰ আলিংগন কৰাৰ পিচতে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ ৰোষত পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ প্ৰধানমন্ত্ৰী মোদীৰ ৰাছিয়া ভ্ৰমণক ‘শান্তি প্ৰতিষ্ঠাত মোক্ষম আঘাত’ বুলি অভিহিত কৰিছে ভলোডিমিৰ জেলেনস্কিয়ে ৷

উল্লেখ্য যে সোমবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে ৰাছিয়াত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোদী ৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক মস্কোৰ এটা ঘৰত সাক্ষাৎ কৰে ৷ উক্ত সাক্ষাতত দুয়োগৰাকী নেতাই আলিংগন কৰা দেখা গৈছিল ৷

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে সামাজিক মাধ্যম এক্স-ত এই সন্দৰ্ভত এটা পোষ্ট কৰে ৷ তেওঁ কয় যে সেইটো দিনতে প্ৰধানমন্ত্ৰী মোদীয়ে ৰাছিয়া ভ্ৰমণ কৰে, যিটো দিনত ইউক্ৰেইনৰ ৰাজধানী চহৰ কিয়েভস্থিত এখন শিশু চিকিৎসালয়ত ৰাছিয়াই মিছাইল আক্ৰমণ কৰে ৷ এই আক্ৰমণৰ ফলত তিনিটা শিশুসহ ৩৭ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ১৭০ গৰাকী লোক আহত হয় ৷

ইউক্ৰেইনৰ নেতাগৰাকীয়ে কয়, ‘‘ ৰাছিয়াৰ নিৰ্মম মিছাইল আক্ৰমণৰ ফলত আজি ইউক্ৰেইনত ৩৭ জন লোক নিহত হয় ৷ যাৰ ভিতৰত তিনিটা শিশুও আছে ৷ ১৭০ গৰাকী লোক আহত হয়, যাৰ ভিতৰত ১৩ টা শিশু আছে ৷ ইউক্ৰেইনৰ আটাইতকৈ ডাঙৰ শিশু চিকিৎসালয়খনত থকা কৰ্কট ৰোগীসকলক লক্ষ্য কৰি ৰাছিয়াই মিছাইল আক্ৰমণ কৰে ৷ ফলত সকলো ধ্বংসস্তূপত পৰিণত হয় ৷ বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশৰ নেতাজনে এই দিনটোতে মস্কোত বিশ্বৰ আটাইতকৈ ডাঙৰ অপৰাধীক আলিংগন কৰাটো এক ডাঙৰ হতাশা আৰু শান্তি প্ৰচেষ্টাৰ ক্ষেত্ৰত বিধ্বংসী আঘাত ৷’’

লগতে পঢ়ক: ৰাছিয়াত দুটা নতুন বাণিজ্যিক দূতাবাস খোলাৰ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ

আনহাতে কংগ্ৰেছ নেতা জয়ৰাম ৰমেশেও মোদীৰ ৰাছিয়া ভ্ৰমণক সমালোচনা কৰে ৷ ইউক্ৰেইনত ৰাছিয়াই আক্ৰমণ চলাই থকা সময়তে পুটিনক সাক্ষাৎ কৰাৰ বাবে প্ৰধানমন্ত্ৰী মোদীক সমালোচনা কৰা দেখা যায় কংগ্ৰেছ নেতাগৰাকীয়ে ৷

এক্সৰ জৰিয়তে জয়ৰাম ৰমেশে প্ৰধানমন্ত্ৰী মোদীক স্বঘোষিত বিশ্বগুৰু আখ্যা দিয়ে ৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজকে বিশ্ববন্ধু উপাধিও দিছিল বুলি উল্লেখ কৰি জয়ৰাম ৰমেশে কয় যে ইউক্ৰেইনৰ এখন শিশু চিকিৎসালয়ত বোমা বিস্ফোৰণ হোৱাৰ দিনটোত ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকী মস্কোত আছে ৷ ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ বন্ধ কৰাৰ কথা কোৱাটো এতিয়া কি হ’ল বুলি প্ৰশ্ন কৰে জয়ৰাম ৰমেশে ৷

উল্লেখ্য যে ২০২২ চনত ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত সংঘৰ্ষ আৰম্ভ হোৱাৰ পিচত প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে মস্কো ভ্ৰমণ কৰে সোমবাৰে ৷ ভাৰতে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজৰ সংঘৰ্ষৰ সমাধানৰ বাবে আলোচনা কৰি শান্তি ঘূৰাই অনাৰ পোষকতা কৰি আহিছে ৷

লগতে পঢ়ক: মোদী-পুটিনৰ আলোচনা বৈঠক; সহযোগিতা বৃদ্ধিৰ ওপৰত দৃষ্টি দুয়োগৰাকী নেতাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.