ETV Bharat / international

ইজৰাইলৰ ওপৰত হিজবুল্লাহৰ আক্ৰমণ; ৪ আইডিএফ জোৱান নিহত

Israel Hezbollah war: ইজৰাইলৰ সেনাৰ ঘাটিত হিজবুল্লাহে মানৱবিহীন বিমানেৰে আক্ৰমণ কৰে । ৪ গৰাকী ইজৰাইল প্ৰতিৰক্ষা বাহিনীৰ জোৱান নিহত হয় এই আক্ৰমণত ।

author img

By ANI

Published : Oct 14, 2024, 7:03 AM IST

Israel Hezbollah war
ইজৰাইলৰ ওপৰত হিজবুল্লাহৰ আক্ৰমণ (ANI)

ইণ্টাৰনেশ্যনেল ডেস্ক, ১৪ অক্টোবৰ: ইজৰাইল আৰু সন্ত্ৰাসবাদী সংগঠন হিজবুল্লাহৰ সংঘাত অব্যাহত আছে । কেতিয়াবা যদি ইজৰাইলে হিজবুল্লাহৰ ঘাটিত আক্ৰমণ কৰিছে কেতিয়াবা আকৌ ইজৰাইলৰ ওপৰত মিছাইল নিক্ষেপ কৰিছে সন্ত্ৰাসবাদী সংগঠনটোৱে । তাৰ মাজতে দেওবাৰে হিজবুল্লাহে ইজৰাইলৰ ওপৰত ভয়ংকৰ আক্ৰমণ কৰে ।

হিজবুল্লাহৰ আক্ৰমণ

ইজৰাইল প্ৰতিৰক্ষা বাহিনীয়ে (আইডিএফ) জনোৱা মতে হিজবুল্লাহ সন্ত্ৰাসবাদী সংগঠনে মানৱবিহীন বিমানেৰে (ইউএভি) ইজৰাইলৰ সেনাৰ ঘাটিত আক্ৰমণ কৰে । এই আক্ৰমণত ৪ গৰাকী আইডিএফ জোৱান নিহত হয় । আইডিএফয়ে মৃতকৰ পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে আৰু পৰিয়ালৰ গোপনীয়তাক সন্মান জনোৱাৰ বাবে উৰাবাতৰি বিয়পোৱা বা ভুক্তভোগীসকলৰ নাম শ্বেয়াৰ কৰাৰ পৰা বিৰত থাকিবলৈ ৰাইজক আহ্বান জনায় । ইজৰাইল প্ৰতিৰক্ষা বাহিনীয়ে এক্সৰ পোষ্টত লিখিছে, "আমি উৰাবাতৰি আৰু আঘাতপ্ৰাপ্ত লোকসকলৰ নাম প্ৰচাৰ কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছো ।’’

জানিব পৰা মতে ইজৰাইলৰ সামৰিক বাহিনীয়ে লেবাননৰ পৰা উৎক্ষেপণ কৰা ৫ টা অনুৰূপ ইউএভি প্ৰত্যক্ষ কৰিছিল । যাৰ বাবে লগে লগে উজনি গালীল, কেন্দ্ৰীয় গালীল, পশ্চিম গালীল, হাইফা উপসাগৰ আৰু কাৰমেলকে ধৰি কেইবাটাও অঞ্চলত ছাইৰেন সক্ৰিয় কৰা হয় । অৱশ্যে, ইজৰাইলৰ বায়ু প্ৰতিৰক্ষা প্ৰণালীৰ দ্বাৰা সকলো প্ৰচেষ্টাক প্ৰতিৰোধ কৰা হয় ।

ইয়াৰ পূৰ্বে দেওবাৰে দক্ষিণ লেবাননত ইজৰাইলী সেনাৰ ফালে এণ্টি টেংক মিছাইলৰ ডাঙৰ বেৰেজ নিক্ষেপ কৰা হৈছিল । আইডিএফয়ে এক বিবৃতিত কয় যে এই আক্ৰমণৰ সময়ত দুগৰাকী জোৱান গুৰুতৰভাৱে আহত হয় আৰু কেইবাগৰাকী জোৱান সামান্য আঘাতপ্ৰাপ্ত হয় ।

লগতে পঢ়ক :মধ্য বেইৰুটত ইজৰাইলৰ শেহতীয়া আক্ৰমণত কমেও ২২ গৰাকী লোকৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.