ETV Bharat / international

বাংলাদেশে প্ৰত্যাৰ্পণ নিবিচৰালৈকে ভাৰতত মৌন হৈ থকা উচিত শ্বেখ হাছিনা: মঃ ইউনুছ - Chief Advisor Muhammad Yunus

author img

By PTI

Published : Sep 5, 2024, 10:01 PM IST

Bangladesh interim govt: বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে ১৩ আগষ্টত পদচ্যুত হোৱা প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই দিয়া বক্তব্যৰ কথা উল্লেখ কৰিছে ৷ য’ত তেওঁ “ন্যায়”ৰ দাবী জনাইছিল, শেহতীয়াকৈ “সন্ত্রাসবাদী কার্য”, হত্যা আৰু চূৰমাৰ কার্যৰ সৈতে জড়িতসকলক তদন্ত, চিনাক্তকৰণ আৰু শাস্তি প্রদান কৰিব লাগিব বুলি উল্লেখ কৰিছিল ৷

Bangladesh interim govt
Chief Advisor Muhammad Yunus (PTI)

নিউজ ডেস্ক, 5 ছেপ্টেম্বৰ: বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই ভাৰতৰ পৰা ৰাজনৈতিক মন্তব্য কৰাটো “অবন্ধুত্বপূৰ্ণ ইংগিত” বুলি কয় ৷ ঢাকাই প্ৰত্যাৰ্পণৰ বাবে অনুৰোধ নকৰালৈকে দুয়োখন দেশৰ অস্বস্তি ৰোধ কৰিবলৈ তেওঁ (হাছিনা) মৌন হৈ থাকিব লাগিব বুলি দৃঢ়তাৰে কয় ইউনুছে ।

‘‘বাংলাদেশে (চৰকাৰে) তেওঁক ঘূৰাই বিচৰা সময়লৈকে যদি ভাৰতে হাছিনাক ৰাখিব বিচাৰে তেন্তে চৰ্ত হ’ব যে তেওঁ মনে মনে থাকিব লাগিব ।’’ ঢাকাত থকা তেওঁৰ চৰকাৰী বাসভৱনত পি টি আইৰ সৈতে হোৱা এক সাক্ষাৎকাৰত হাছিনাৰ বহিষ্কাৰৰ পিছত দেশৰ মুখ্য উপদেষ্টা হিচাপে নিযুক্ত হোৱা ইউনুছে জোৰ দি কয় যে যদিও বাংলাদেশে ভাৰতৰ সৈতে শক্তিশালী সম্পৰ্কক গুৰুত্ব দিয়ে, নতুন দিল্লীয়ে আৱামী লীগৰ বাহিৰে আন সকলো ৰাজনৈতিক দলক ইছলামবাদী হিচাপে চিত্ৰিত কৰা বিষয়ৰ বাহিৰত আগবাঢ়িব লাগিব আৰু দেশখন শ্বেখ হাছিনাৰ অবিহনে আফগানিস্তানলৈ পৰিণত হ'ব ।

"ভাৰতত তেওঁৰ (হাছিনাৰ) স্থিতিৰ সৈতে কোনেও স্বাচ্ছন্দ্য বোধ নকৰে কাৰণ আমি বিচাৰো যে তেওঁ উভতি অহাৰ চেষ্টা কৰক । তেওঁ (হাছিনা) ভাৰতত আছে আৰু কেতিয়াবা তেওঁ মন্তব্য কৰিছে, যিটোৱে সমস্যাৰ সৃষ্টি কৰিব । যদি তেওঁ শান্ত হ'লহেঁতেন, আমি এইটো পাহৰি গ'লোহেঁতেন; মানুহেও এইটো পাহৰি গৈছিল, যিহেতু তেওঁ নিজৰ ঠাইত থাকিলহেঁতেন । কিন্তু ভাৰতত বহি তেওঁ মন্তব্য কৰি আছে আৰু নিৰ্দেশনা দি আছে । যিটো কোনেও ভাল নাপায়," ইউনুছে কয় ।

ইউনুছে আপাত দৃষ্টিত ১৩ আগষ্টত হাছিনাই দিয়া বক্তব্যৰ কথা উল্লেখ কৰিছিল য’ত তেওঁ “ন্যায়”ৰ দাবী জনাইছিল ৷ শেহতীয়াকৈ “সন্ত্ৰাসবাদী কার্য”, হত্যাকাণ্ড আৰু বিভিন্ন সম্পদ ধ্বংসৰ সৈতে জড়িতসকলক তদন্ত, চিনাক্তকৰণ আৰু শাস্তি দিব লাগিব বুলি কৈছিল ৷ আমাৰ বা ভাৰতৰ বাবে ভাল নহয় । ইয়াৰ সন্দৰ্ভত অস্বস্তিৰ সৃষ্টি হৈছে বুলি তেওঁ পি টি আইক জনায় ।

৫ আগষ্টত শিখৰত উপনীত হোৱা অভূতপূৰ্ব চৰকাৰ বিৰোধী প্ৰতিবাদৰ পিছত হাছিনাই প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰি ভাৰতলৈ পলায়ন কৰে । প্ৰায় চাৰি সপ্তাহ ধৰি ভাৰতত তেওঁৰ উপস্থিতিয়ে বাংলাদেশত জল্পনা-কল্পনাৰ ইন্ধন যোগাইছে ।

বাংলাদেশে ভাৰতক নিজৰ স্থিতি প্ৰকাশ কৰিছে নেকি বুলি সোধাত ইউনুছে কয় যে মৌখিক আৰু যথেষ্ট দৃঢ়তাৰে এই কথা প্ৰকাশ কৰা হৈছে যে তেওঁ মৌন হৈ থাকিব লাগে । ‘‘সকলোৱে বুজি পায় । আমি যথেষ্ট দৃঢ়তাৰে কৈছো যে তেওঁ(হাছিনা) মনে মনে থাকিব লাগে । আমাৰ প্ৰতি এয়া এক অবন্ধুত্বপূৰ্ণ ইংগিত; তাত তেওঁক আশ্ৰয় দিয়া হৈছে আৰু তাৰ পৰাই তেওঁ প্ৰচাৰ চলাই আছে । এনে নহয় যে তেওঁ তালৈ (ভাৰতলৈ) সাধাৰণভাৱে গৈছে । জনবিদ্ৰোহ আৰু জনতাৰ ক্ষোভৰ পিছত পলায়ন কৰিছে’’ বুলিও ইউনুছে কয় ।

লগতে পঢ়ক: ধাৰণা কৰা ধৰণে বাংলাদেশত হিন্দুসকল অসুৰক্ষিত নহয় : গোবিন্দ চন্দ্ৰ প্ৰামাণিক - Bangladesh Crisis

বাংলাদেশ জ্বলিছে : হাছিনাৰ হেলিকপ্টাৰ নামিল গাজিয়াবাদৰ সেনাৰ ঘাটিত - Bangladesh PM Sheikh Hasina

প্ৰতিবাদত জ্বলিছে বাংলাদেশ, দেশজুৰি কাৰ্ফিউ জাৰি : ডাউকিৰে মেঘালয়ত প্ৰৱেশ আৰু ৩৬০ লোক - Bangladesh violence

ইউনুছে উল্লেখ কৰে যে অন্তৱৰ্তীকালীন চৰকাৰখনে বাংলাদেশৰ জনসাধাৰণৰ বাবে অত্যাচাৰৰ বিৰুদ্ধে ন্যায় নিশ্চিত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ, আৰু ন্যায়ৰ বাবে তেওঁক দেশলৈ ঘূৰাই অনাটো প্ৰয়োজনীয় । হয় তেওঁক ঘূৰাই আনিব লাগিব নহ’লে বাংলাদেশৰ জনসাধাৰণৰ শান্তি নাথাকিব । তেওঁ যি ধৰণৰ অত্যাচাৰ কৰিছে, ইয়াত সকলোৰে সন্মুখত তেওঁৰ বিচাৰ হ’ব লাগিব বুলিও ইউনুছে জোৰ দি কয় ।

ভাৰত-বাংলাদেশৰ সম্পৰ্কৰ ভৱিষ্যতৰ বিষয়ে আলোচনা কৰি ইউনুছে ভাৰতৰ সৈতে সু-সম্পৰ্কৰ আকাংক্ষা প্ৰকাশ কৰে যদিও নতুন দিল্লীয়ে এই আখ্যান পৰিত্যাগ কৰিব লাগিব বুলি তেওঁ দৃঢ়তাৰে কয় যে কেৱল হাছিনাৰ নেতৃত্বইহে দেশৰ স্থিতিশীলতা নিশ্চিত কৰে । আগুৱাই যোৱাৰ পথ হ’ল ভাৰত এই অধ্যায়ৰ পৰা ওলাই অহা ।

আখ্যানটো হ’ল সকলোৱে ইছলামিক, বাংলাদেশ নেচনেলিষ্ট পাৰ্টি (বিএনপি) ইছলামিক, বাকী সকলোৱে ইছলামিক আৰু এই দেশখনক তেওঁলোকে আফগানিস্তান কৰি তুলিব । বাংলাদেশ নিৰাপদ হাতত আছে যদি কেৱল শ্বেখ হাছিনাৰ নেতৃত্বত । ভাৰত এই আখ্যানত মোহিত । ভাৰত এই আখ্যানৰ পৰা ওলাই আহিব লাগিব । আন যিকোনো দেশৰ দৰে বাংলাদেশো আন এক চুবুৰীয়া দেশ বুলিও তেওঁ কয়৷

শেহতীয়াকৈ বাংলাদেশ আৰু ভাৰতত হিন্দু সংখ্যালঘু লোকৰ ওপৰত সংঘটিত আক্ৰমণৰ অভিযোগ উত্থাপিত ঘটনাৰ কথা উল্লেখ কৰি ইউনুছে কয় যে এয়া কেৱল অজুহাতহে । সংখ্যালঘুৰ অৱস্থাক ইমান ডাঙৰ ৰূপত চিত্ৰিত কৰিবলৈ চেষ্টা কৰা বিষয়টো মাথোঁ অজুহাত বুলিও তেওঁ কয় । হাছিনাক উৎখাত কৰাৰ পিছত ছাত্ৰ নেতৃত্বাধীন হিংসাৰ সময়ত সংখ্যালঘু হিন্দু জনসাধাৰণে নিজৰ ব্যৱসায় আৰু সম্পত্তি ভাঙি পেলোৱাৰ লগতে হিন্দু মন্দিৰ ধ্বংস কৰাৰ সন্মুখীন হৈছে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৫ আগষ্টত লালকিল্লাৰ পৰা স্বাধীনতা দিৱসৰ ভাষণত হিংসাত্মক পৰিস্থিতিত আক্ৰান্ত বাংলাদেশৰ পৰিস্থিতি শীঘ্ৰে স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিব বুলি আশা প্ৰকাশ কৰি কয় যে চুবুৰীয়া দেশৰ সংখ্যালঘু আৰু ১.৪ বিলিয়ন ভাৰতীয় হিন্দুৰ সুৰক্ষাৰ বাবে চিন্তিত ।

৮৪ বছৰীয়া নোবেল বঁটা বিজয়ীগৰাকীয়ে ভাৰত আৰু বাংলাদেশৰ বৰ্তমানৰ জটিল সম্পৰ্কৰ উন্নতিৰ বাবে একেলগে কাম কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । ভাৰত-বাংলা সম্পৰ্ক উন্নত কৰাৰ উপায়ৰ বিষয়ে সোধাত ইউনুছে কয় যে দুয়োখন দেশে একেলগে কাম কৰাটো প্ৰয়োজন আৰু বৰ্তমান ই নিম্নগামী হৈছে । ‘‘বৰ্তমান নিম্ন স্তৰত থকা এই সম্পৰ্ক উন্নত কৰাৰ বাবে আমি একেলগে কাম কৰিব লাগিব’’ বুলিও তেওঁ কয় ।

ভাৰতৰ সৈতে দ্বিপাক্ষিক সন্ধিৰ ভৱিষ্যত সন্দৰ্ভত ভাষণ দি ইউনুছে কয় যে ট্ৰেনজিট আৰু আদানী বিদ্যুৎ চুক্তিৰ দৰে কিছুমান সন্ধি পুনৰ চোৱাৰ প্ৰয়োজন আছে । ‘‘সকলোৱে কৈছে যে ইয়াৰ প্ৰয়োজন । আমি চাম কাগজত কি আছে আৰু দ্বিতীয়তে, প্ৰকৃততে ক্ষেত্ৰস্থানত কি হৈ আছে । মই ইয়াৰ বিশেষ উত্তৰ দিব নোৱাৰো । যদি কোনো ধৰণৰ পৰ্যালোচনাৰ প্ৰয়োজন হয়, তেন্তে আমি ইয়াৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিম’’ বুলিও তেওঁ কয় ।

বাংলাদেশৰ জনসাধাৰণৰ ওপৰত প্ৰচণ্ড হেঁচা প্ৰয়োগ কৰাৰ বাবে বিএনপিয়ে কয় যে যদিহে ক্ষমতালৈ আহিবলৈ ভোট দিয়া হয় তেন্তে আৱামী লীগৰ শাসনৰ সময়ত স্বাক্ষৰিত (প্ৰশ্নবোধক) আদানী বিদ্যুৎ চুক্তিখন পুনৰীক্ষণ আৰু পুনৰ মূল্যায়ন কৰিব ।

লগতে পঢ়ক: বাংলাদেশৰ ৪৯ গৰাকী শিক্ষক বাধ্য হ’ল পদত্যাগ কৰিবলৈ : ক্ষোভ উজাৰিছে তছলিমা নাছৰিনে - Bangladesh Crisis

বাংলাদেশ মুক্তি যুদ্ধক সন্মান জনোৱা ভাৰতৰ স্মৃতিসৌধ বিপদত - Bangladesh Crisis

বাংলাদেশ সংকট: আঞ্চলিক সাম্প্ৰদায়িক শান্তিৰ বাবে প্ৰত্যাহ্বান - Bangladesh Crisis

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.