ETV Bharat / international

বিমান আক্ৰমণত নিহত হামাছ নেতা ইছমাইল হানিয়েহ: বিশ্ব সম্প্ৰদায়ৰ সমালোচনাৰ সন্মুখীন ইজৰাইল - Ismail Haniyeh killed in Tehran

author img

By ETV Bharat Assamese Team

Published : Jul 31, 2024, 1:38 PM IST

Hamas Chief Ismail Haniyeh Killed: হামাছ নেতা ইছমাইল হানিয়েহ নিহত ৷ তেহৰাণত থকা তেওঁৰ বাসগৃহত বিমান আক্ৰমণত নিহত হৈছে হামাছ নেতাজন ৷ বিশ্ব সম্প্ৰদায়ৰ সমালোচনাৰ সন্মুখীন ইজৰাইল ৷

Hamas Chief Ismail Haniyeh Killed 'By Israel' In Tehran; Russia, Turkey Slam 'Unacceptable Political Assassination'
হামাছ নেতা ইছমাইল হানিয়েহ (AP)

ইণ্টাৰনেশ্যনেল ডেস্ক, 31 জুলাই: বিমান আক্ৰমণত নিহত হামাছ নেতা ইছমাইল হানিয়েহ ৷ বুধবাৰে পুৱা ইৰাণৰ অৰ্ধসামৰিক ৰিভল্যুচনেৰী গাৰ্ডে জনোৱা মতে, তেহৰাণত হামাছ নেতাজনক হত্যা কৰা হৈছে । হামাছ নেতাজনক তেহৰাণত থকা তেওঁৰ বাসগৃহত বিমান আক্ৰমণত নিহত হৈছে আৰু ইজৰাইলক দোষাৰোপ কৰিছে ।

Hamas Chief Ismail Haniyeh Killed 'By Israel' In Tehran; Russia, Turkey Slam 'Unacceptable Political Assassination'
ইৰাণৰ সাংসদৰ মাজত হামাছ নেতা ইছমাইল হানিয়েহ (AP)

হামাছে এক বিবৃতিযোগে কয়, "হানিয়েহক তেহৰাণত তেওঁৰ বাসগৃহত ইহুদী অভিযান চলাই হত্যা কৰা হৈছে ।" ইজৰাইলে নিজেই ঘটনা সন্দৰ্ভত তৎক্ষণাত কোনো মন্তব্য কৰা নাছিল যদিও তেওঁলোকৰ মোছাদ চোৰাংচোৱা সংস্থা হত্যাকাণ্ডৰ ঘটনাত অভিযুক্ত হ’লে তেওঁলোকে প্ৰায়ে তেনে নকৰে । 7 অক্টোবৰত ইজৰাইলৰ বিৰুদ্ধে গোটটোৱে চলোৱা আক্ৰমণত 1200 লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় 250 জন লোকক পণবন্দী কৰি ৰখা সন্দৰ্ভত ইজৰাইলে হানিয়েহ আৰু হামাছৰ অন্যান্য নেতাক হত্যা কৰাৰ প্ৰতিশ্ৰুতি দিছে ।

মঙলবাৰে ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানৰ শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ তেহৰাণত উপস্থিত হৈছিল হানিয়েহ । ইৰাণৰ ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড ক’ৰ্পছৰ ছেপাহ নিউজ ৱেবছাইটত প্ৰকাশ কৰা অনুসৰি হানিয়েহক তেওঁৰ এজন দেহৰক্ষীৰ সৈতে তেওঁৰ তেহৰাণৰ বাসগৃহত হত্যা কৰা হৈছে ।

পেলেষ্টাইন সন্দৰ্ভত এক বৈঠকত ইছমাইল হানিয়েহ (AP)

ইৰাণৰ চৰকাৰী টেলিভিছনৰ বিশ্লেষকসকলে এই আক্ৰমণৰ বাবে ইজৰাইলক দোষাৰোপ কৰিছে । অৱশ্যে হোৱাইট হাউছৰ পৰা কোনো তাৎক্ষণিক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা নাই ।

এই আপাত হত্যাকাণ্ডটো অস্বস্তিকৰ সময়ত সংঘটিত হৈছে, কিয়নো বাইডেন প্ৰশাসনে হামাছ আৰু ইজৰাইলক অন্ততঃ অস্থায়ী যুদ্ধবিৰতি আৰু পণবন্দী মুক্তিৰ চুক্তিৰ প্ৰতি সমৰ্থন দিবলৈ হেঁচা প্ৰয়োগ কৰি আহিছে ।

উল্লেখ কৰা প্ৰয়োজন যে, অক্টোবৰত আক্ৰমণ কৰাৰ পিছত হামাছৰ বিৰুদ্ধে ইজৰাইলৰ যুদ্ধত 39,360 তকৈ অধিক পেলেষ্টাইনী নিহত হৈছে আৰু 90,900 ৰো অধিক আহত হৈছে বুলি গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে ।

লগতে পঢ়ক: হিজবুল্লাহলৈ সকীয়নি নেতান্যাহুৰ : সমুখ সমৰত মিলিত হ’ব নেকি ইজৰাইল-হিজবুল্লাহ ? - Israel Hezbollah conflict

গাজাত নিহত প্ৰায় ৭০ পেলেষ্টাইনী; ইজৰাইলৰ বিৰুদ্ধে পৰিকল্পিত গণহত্যাৰ অভিযোগ হামাছৰ - 70 Palestinians Killed in Gaza City

কট্টৰ ইহুদীলৈ খচৰা জাননী প্ৰেৰণ কৰিব ইজৰাইলী সেনাই - Jewish ultra Orthodox men

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.