ETV Bharat / international

হামাছ বিভীষিকা : ৭ অক্টোবৰত সমগ্ৰ বিশ্বজুৰি 'ক'লা দিন' পালন

Dark Day : হামাছ আক্ৰমণৰ বৰ্ষপূৰ্তিত বিশ্বজুৰি স্মৃতিচাৰণ অনুষ্ঠান আৰু প্ৰতিবাদ । শান্তি স্থাপন, ভুক্তভোগীসকলৰ বাবে ন্যায় আৰু শত্ৰুতাৰ সমাপ্তিৰ আহ্বান জনোৱা হয় ।

author img

By ETV Bharat Assamese Team

Published : 3 hours ago

Dark Day
৭ অক্টোবৰত সমগ্ৰ বিশ্বজুৰি 'ক'লা দিন' পালন (AP Photo)

নিউজ ডেস্ক, ৮ অক্টোবৰ : ২০২৩ চনৰ ৭ অক্টোবৰ । এই দিনটোৰ পৰাই সূত্ৰপাত হৈছিল গাজাত এবছৰ ধৰি চলি থকা বিধ্বংসী যুদ্ধৰ । ইজৰাইলৰ ওপৰত সংঘটিত হামাছৰ অভূতপূৰ্ব আক্ৰমণৰ পৰাই এই ধ্বংসলীলা আৰম্ভ হয় । এতিয়া এই দিনটোৰ স্মৃতি আৰু পৰৱৰ্তী সময়ত সংঘটিত ঘটনাৱলী স্মৰণ কৰি সোমবাৰে সমগ্ৰ বিশ্বৰ শোকসন্তপ্ত জনসাধাৰণ আৰু বিশ্ব নেতাসকলে অশ্ৰুসিক্তভাৱে এই ভয়াৱহ স্মৃতি ৰোমন্থন কৰাৰ লগতে শান্তি কামনা কৰে ।

ছিডনীৰ পৰা ৰোম, ৱাৰশ্ব’ৰ পৰা ৱাশ্বিংটনলৈকে জনসাধাৰণে নিহতসকলৰ প্ৰতি শোক প্ৰকাশ কৰে । লগতে এবছৰ পূৰ্বে বন্দী হৈ থকাসকলক মুকলি কৰি দিয়াৰ বাবে আহ্বান জনায় । আনহাতে, এই উপলক্ষে উলিওৱা সমদলসমূহে পেলেষ্টাইনী অঞ্চলত শান্তি স্থাপনৰ বাবেও আহ্বান জনায় ।

ইজৰাইলৰ শেহতীয়া চৰকাৰী পৰিসংখ্যাৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা এ এফ পিৰ এক তালিকা অনুসৰি, হামাছৰ আক্ৰমণত ইজৰাইলৰ ১,২০৬ জন লোক নিহত হয় আৰু ইয়াৰে বেছিভাগেই সাধাৰণ লোক ।

আনহাতে, প্ৰায় ২৫১ গৰাকী লোকক সন্ত্ৰাসবাদীয়ে অপহৰণ কৰি আনি গাজা ষ্ট্ৰিপত বন্দী কৰি ৰাখে । ইয়াৰে ভিতৰত ৯৭ গৰাকীক এতিয়াও উপকূলীয় অঞ্চলত বন্দী কৰি ৰখা হৈছে । ইফালে ইজৰাইলী সামৰিক বাহিনীয়ে প্ৰকাশ কৰা মতে, ৩৪ গৰাকীৰ মৃত্যু হৈছে ।

হামাছ পৰিচালিত গাজাৰ স্বাস্থ্য মন্ত্ৰণালয়ৰ মতে, যুদ্ধৰ আৰম্ভণিৰ পৰা ৪১,৯০৯ গৰাকী লোক নিহত হৈছে । ইয়াৰে ভিতৰত সংখ্যাগৰিষ্ঠ হৈছে সাধাৰণ নাগৰিক । এই পৰিসংখ্যাবোৰ ৰাষ্ট্ৰসংঘৰ দ্বাৰা নিৰ্ভৰযোগ্য বুলি গণ্য কৰা হৈছে ।

কোনো সামৰিক সমাধান নাই

আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে প্ৰাৰ্থনা জনোৱাৰ পিছত হোৱাইট হাউছত মমবাতি জ্বলায় ।

হাউছ অব কমন্সত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰে পুনৰ কূটনৈতিক প্ৰচেষ্টাৰ আহ্বান জনায় । আনহাতে, বৈদেশিক সচিব ডেভিদ লামিয়ে লণ্ডনৰ এটা উপাসনাস্থলী পৰিদৰ্শন কৰে ।

"অঞ্চলটোৱে এই যন্ত্ৰণাৰ আন এটা বছৰ সহ্য কৰিব নোৱাৰে । সকলো ফালৰ পৰা অসামৰিক লোকসকলে অত্যধিক কষ্ট পাইছে । সকলো পক্ষই এতিয়া যুদ্ধ উন্মাদনাৰ পৰা আঁতৰি আহিব লাগিব আৰু সংযমৰ সাহস দেখুৱাব লাগিব ।" ষ্টাৰমাৰে কয় ।

ফ্ৰান্সৰ বৈদেশিক মন্ত্ৰী জিন-নোয়েল বাৰোটে জেৰুজালেমত এখন সন্মিলনত ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ এই অনুভূতিকে প্ৰতিধ্বনিত কৰে ।

বাৰোটে দৰ্শকসকলক কয়, "কেৱল বল প্ৰয়োগে ইজৰাইলৰ নিৰাপত্তা, আপোনালোকৰ নিৰাপত্তাৰ নিশ্চয়তা দিব নোৱাৰে । এবছৰৰ যুদ্ধৰ পিছত, এতিয়া কূটনীতিৰ সময় আহি পৰিছে ।"

পেৰিছত ইহুদী সম্প্ৰদায়ৰ দ্বাৰা আয়োজিত এক অনুষ্ঠানত ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী মিচ্চেল বাৰ্ণিয়াৰে "সকলো ধৰণে ইহুদী-বিৰোধী ধাৰণাৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিবলৈ" প্ৰতিশ্ৰুতি দিয়ে ।

টাউন হলে এ এফ পিক জনোৱা অনুসৰি, পেৰিছে সোমবাৰে স্থানীয় সময় অনুসৰি নিশা ১১.৪৫ বজাত আইফেল টাৱাৰৰ লাইট বন্ধ কৰে ।

ষ্ট্ৰাছবাৰ্গত এম ই পিসকলে এক মিনিট সময় মৌনতা অৱলম্বন কৰে ।

ইউৰোপীয় সংসদৰ অধ্যক্ষ ৰবাৰ্টা মেটছোলাই কয়, "উক্ত দিনটোৰ ভয়াৱহতা কলংকৰে সজীৱ হৈ থাকিব ।"

"এবছৰ পূৰ্বে সংঘটিত নিৰ্বিচাৰ গণহত্যা, ধৰ্ষণ, অপহৰণ আৰু অত্যাচাৰক কেতিয়াও ন্যায়সঙ্গত কৰিব পৰাকৈ একো নাই ।"

জেনেভাত ৰাষ্ট্ৰসংঘৰ ৰাষ্ট্ৰদূতসকলেও ইজৰাইলী মিছনৰ দ্বাৰা আয়োজিত এক অনুষ্ঠানত সমবেত হয় ।

ৰাষ্ট্ৰসংঘত ইজৰাইলৰ ৰাষ্ট্ৰদূত ডেনিয়েল মেৰনে হামাছ সন্দৰ্ভত কয়, "আমি বিচাৰোঁ যে ৰাষ্ট্ৰসংঘই এবাৰৰ বাবে স্পষ্ট কণ্ঠৰে মাত মাতক আৰু কোনে এই যুদ্ধ আৰম্ভ কৰিছিল সেয়া কওক ।"

জাৰ্মান চেন্সেলৰ অ'লাফ শ্চোলজে হামবাৰ্গত এক অনুষ্ঠানত এনেদৰে কয় : "আমি এতিয়াও হতবাক হৈ আছোঁ ।" লগতে তেওঁ কয়, "শীঘ্ৰেই যুদ্ধবিৰতিৰ আহ্বান জনাইছোঁ, যিটো বন্দীসকলৰ মুক্তিৰ সৈতে সম্পৰ্কিত হৈ আছে ।"

কিন্তু তুৰ্কীৰ কট্টৰপন্থী ৰাষ্ট্ৰপতি ৰিচেপ টায়িপ এৰ্ডোগানে এই স্মৰণ অনুষ্ঠানসমূহক উপেক্ষা কৰে আৰু তাৰ পৰিৱৰ্তে ইজৰাইলৰ বিৰুদ্ধে আন এক দিশ আৰম্ভ কৰে ।

"এতিয়াই বা পিচত, ইজৰাইলে বিগত এবছৰ ধৰি কৰি অহা গণহত্যাৰ মূল্য পৰিশোধ কৰিব ।" এৰ্ডোগানে এক্সত পোষ্ট কৰে ।

স্পেইনত জীৱিত অৱস্থাত থকা বন্দীসকলৰ পৰিয়ালে ভুক্তভোগীসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

হামাছৰ আক্ৰমণৰ পৰা ৰক্ষা পৰা কাৰমেল এফ্ৰনে কয়, "মই যে ইয়াত জীয়াই আছোঁ, তাৰ বাবে ভগৱানক ধন্যবাদ জনাইছোঁ ।"

"মই বিশ্বাস কৰোঁ যে অন্ধকাৰক পৰাজিত কৰি পোহৰে জয়লাভ কৰিব, সন্তই দুষ্টৰ ওপৰত জয়লাভ কৰিব আৰু মই এতিয়াও শান্তি আৰু প্ৰেমত বিশ্বাস কৰোঁ ।" তেওঁ লগতে কয় ।

অষ্ট্ৰেলিয়াৰ ইহুদী সম্প্ৰদায়ৰ সদস্যসকলে ছিডনীত এক সজাগতা অনুষ্ঠানৰ বাবে একত্ৰিত হয় আৰু ইজৰাইলী পতাকাৰ আকৃতিত মমবাতি জ্বলায় ।

৪৮ বছৰীয়া জেক শ্বাচাৰে কয়, "আজিৰ দিনটো অতি আৱেগিক ।" উল্লেখ্য যে তেওঁৰ সম্পৰ্কীয় ভাতৃ নামা লেভিক ৭ অক্টোবৰত বন্দী কৰা হৈছিল ।

"যোৱা এবছৰ ধৰি আমি যিকোনো অনুষ্ঠানত অংশগ্ৰহণ কৰিছোঁ, আমি প্ৰতি সপ্তাহত চহৰখনৰ বেলেগ ঠাইত বন্দীসকলৰ নাম পঢ়িছোঁ আৰু তেওঁলোক সকলোৱে ঘৰলৈ উভতি অহালৈকে আমি এইটো অব্যাহত ৰাখিম ।"

বন্দী অৱস্থাত মৃত্যুবৰণ কৰা এগৰাকী পণবন্দী তথা পোলেণ্ড-ইজৰাইলী নাগৰিক এলেক্স ডেনচিগৰ স্মৃতিত সোমবাৰে তেওঁৰ পৰিয়ালে ৱাৰ্ছত এখন স্মৃতি ফলক উদ্বোধন কৰে ।

"আমি আমাৰ পিতৃক স্মৰণ কৰিবলৈ ইয়ালৈ আহিব লাগিব । লগতে পুনৰ বন্দীসকলৰ কথা উল্লেখ কৰিব লাগিব, কিয়নো এতিয়া সেইটোৱেই গুৰুত্বপূৰ্ণ কথা ।" এলেক্স ডেনচিগৰ পুত্ৰ য়ুভাল ডেনচিগে কয় ।

"আমাৰ এতিয়াও এগৰাকী সদস্য বন্দী হৈ আছে, তেওঁ হৈছে আমাৰ খুৰা । তেওঁ এতিয়াও তাত আছে । আমি এতিয়াও উৎকণ্ঠিত পৰিস্থিতিত আছোঁ ।" তেওঁ লগতে কয় ।

গণহত্যা সমাপ্ত কৰক

অষ্ট্ৰেলিয়া, ভাৰত, পাকিস্তান আৰু য়েমেনকে ধৰি সমগ্ৰ বিশ্বতে পেলেষ্টাইপন্থীসকলে প্ৰতিবাদ সাব্যস্ত কৰে ।

আনহাতে, হাজাৰ হাজাৰ লোকে কৰাচীত সমদল উলিয়াই 'গণহত্যা বন্ধ কৰক', 'পেলেষ্টাইনৰ সৈতে থিয় হ'বলৈ আপুনি মুছলমান হোৱাৰ প্ৰয়োজন নাই, আপুনি কেৱল মানুহ হ'ব লাগিব' লিখা প্লেকাৰ্ড প্ৰদৰ্শন কৰে । কিছুমানে আনকি ইজৰাইলী পতাকাকো অপমান কৰে ।

ছিডনীত এগৰাকী প্ৰতিবাদকাৰীয়ে কয় যে তেওঁ আশা কৰিছে যে অষ্ট্ৰেলিয়াকে ধৰি বিশ্বৰ চৰকাৰসমূহে এই সংঘৰ্ষৰ প্ৰতি তেওঁলোকৰ মনোভাব সলনি কৰিব ।

২৪ বছৰীয়া য়াছমিন জনছনে কয়, "তেওঁলোকে এতিয়াও ইজৰাইলক কূটনৈতিক সমৰ্থন আগবঢ়োৱা অব্যাহত ৰাখিছে । আমি সেই মনোভাব সলনি কৰিবলৈ আৰু ইজৰাইলৰ সৈতে সম্পৰ্ক ছিন্ন কৰিবলৈ, অস্ত্ৰ-শস্ত্ৰ ৰপ্তানি বন্ধ কৰিবলৈ আৰু গণহত্যা বন্ধ কৰিবলৈ বিচাৰিছোঁ ।"

নতুন দিল্লীত প্ৰায় 150 গৰাকী প্ৰতিবাদকাৰীয়ে পেলেষ্টাইনী লোকসকলৰ সমৰ্থনত এক শান্তিপূৰ্ণ সমদলত একত্ৰিত হয় ।

সমাজকৰ্মী ভাৱনা শৰ্মাই কয়, "প্ৰতিদিনে মানুহ মৰি আছে, তেওঁলোকৰ বাবে খাদ্য নাই, তেওঁলোক ভোকত আছে ।"

৫২ বছৰীয়া শৰ্মাই 'গণহত্যা বন্ধ কৰক' বুলি লিখা এখন প্লেকাৰ্ড প্ৰদৰ্শন কৰি কয় যে তেওঁ অস্ত্ৰ বিক্ৰীকে ধৰি ইজৰাইলক প্ৰদান কৰা ভাৰতৰ সমৰ্থনক গৰিহণা দিয়ে ।

"আমি কিয় ইজৰাইললৈ অস্ত্ৰ প্ৰেৰণ কৰিছোঁ ?" তেওঁ প্ৰশ্ন কৰে- "আমি কিয় ইজৰাইলক যিকোনো ধৰণে সমৰ্থন কৰি আছোঁ ?"

লগতে পঢ়ক :এতিয়াও জীৱিত হামাছৰ মষ্ট ৱান্টেড নেতা য়াহায়া সিনৱাৰ
লগতে পঢ়ক :কৰাচী বিমানবন্দৰৰ বোমা বিস্ফোৰণৰ লগত জড়িত অভিযুক্তক চিনাক্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.