ETV Bharat / international

দুৰ্বৃত্তৰ লক্ষ্য ভাৰতীয় নৃত্যশিল্পী; উদ্বেগ প্ৰকাশ অভিনেত্ৰী দেৱলীনা ভট্টাচাৰ্যৰ

author img

By ANI

Published : Mar 2, 2024, 2:17 PM IST

আমেৰিকাত দুৰ্বৃত্তৰ লক্ষ্য ভাৰতীয় নৃত্যশিল্পী ৷ সন্ধি ভ্ৰমণৰ সময়তে গুলীয়াই হত্যা নৃত্যশিল্পীগৰাকীক ৷ টুইটাৰযোগে উদ্বেগ প্ৰকাশ কৰিছে সৰু পৰ্দাৰ অভিনেত্ৰী দেৱলীনা ভট্টাচাৰ্যই ৷

অভিনেত্ৰী দেৱলীনা ভট্টাচাৰ্য
Dancer from Kolkata shot dead in US; Indian consulate says following up probe

ইণ্টাৰনেশ্যনেল ডেস্ক, 2 মাৰ্চ: পুনৰ আমেৰিকাত দুৰ্বৃত্তৰ লক্ষ্য হৈ পৰিল ভাৰতীয় ৷ আমেৰিকাৰ মিছৌৰীৰ ছেইণ্ট লুইছত এজন ভাৰতীয় নৃত্যশিল্পীক সন্ধিয়া ভ্ৰমণৰ সময়তে গুলীয়াই হত্যা কৰাৰ খবৰ শেহতীয়াকৈ পোহৰলৈ আহিছে । আক্ৰমণৰ মুখামুখি হোৱা ভাৰতীয় নৃত্যশিল্পীজন অমৰনাথ ঘোষ বুলি জানিব পৰা গৈছে ৷ জানিব পৰা মতে, আমেৰিকাত গৱেষণাৰত হৈ আছিল কলকাতাৰ নৃত্যশিল্পীগৰাকীয়ে ৷

সৰু পৰ্দাৰ অভিনেত্ৰী দেৱলীনা ভট্টাচাৰ্যই ভাৰতীয় দূতাবাস আৰু বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী এছ জয়শংকৰক বিষয়টোৰ তদন্ত কৰিবলৈ আহ্বান জনাই টুইটাৰত পোষ্ট শ্বেয়াৰ কৰিছে । আমেৰিকাত ভাৰতীয় নাগৰিক বা ভাৰতীয় মূলৰ লোকৰ সৈতে জড়িত একাধিক মৃত্যু আৰু আক্ৰমণৰ ঘটনা বৃদ্ধি পাবলৈ ধৰিছে বুলিও উদ্বেগ প্ৰকাশ কৰে অভিনেত্ৰী দেৱলীনাই ।

আমেৰিকাৰ মিছৌৰীৰ ছেইণ্ট লুইছত দুৰ্বৃত্তই গুলীওৱাৰ ফলত মৃত্যু ঘটা ভাৰতীয় নৃত্যশিল্পী অমৰনাথ ঘোষৰ মৃত্যুত চিকাগোস্থিত ভাৰতীয় দূতাবাসে শোক প্ৰকাশ কৰিছে । মৃত অমৰনাথ ঘোষৰ পৰিয়াল আৰু আত্মীয়লৈ গভীৰ সমবেদনা জনায় ভাৰতীয় মিছনে । দেৱলীনাই X যোগে কয়, "ঘোষ জন্মসূত্ৰে কলকাতাৰ আৰু তেওঁৰ পিতৃ-মাতৃ দুয়োৰে মৃত্যু হৈছে । ছেইণ্ট লুইছ একাডেমী এলেকাত সন্ধিয়া খোজ কাঢ়ি থকাৰ সময়ত ঘোষক কোনো অজ্ঞাত আক্ৰমণকাৰীয়ে একাধিকবাৰ আক্ৰমণ কৰে ৷" এই ঘটনা সন্দৰ্ভত ভাৰত চৰকাৰৰ লগতে আমেৰিকাত থকা ভাৰতীয় দূতাবাসৰ পৰাও সহাৰি আহ্বান কৰে অভিনেত্ৰীগৰাকীয়ে ।

উল্লেখযোগ্য যে শেহতীয়াকৈ আমেৰিকাৰ পৰা ভাৰতীয় নাগৰিক বা ভাৰতীয় মূলৰ লোকৰ সৈতে জড়িত একাধিক দুখজনক ঘটনাৰ খবৰ পোহৰলৈ আহিছে । 2024 চনৰ প্ৰথম দুমাহত পৃথক পৃথক ঘটনাত পাঁচজন ভাৰতীয় ছাত্ৰৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে । এনেবোৰ ঘটনাই দেশখনত বাস কৰি থকা প্ৰবাসী ভাৰতীয়সকলক নিৰাপত্তাহীনতাত ভুগোৱা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক: চিকাগোত ভাৰতীয় ছাত্ৰক নিৰ্মমভাৱে আক্ৰমণ; সহায়ৰ আশ্বাস ভাৰতীয় মিছনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.