ETV Bharat / international

ঢাকাত ছাত্ৰ-ছাত্ৰী আৰু আনছাৰৰ সদস্যৰ মাজত সংঘৰ্ষ, আহত কেইবাজনো - Violent Clashes In Dhaka

author img

By ANI

Published : Aug 26, 2024, 9:42 AM IST

Clashes erupt between students Ansar members: বাংলাদেশত অন্তৱৰ্তীকালীন চৰকাৰ গঠন হোৱাৰ পাছতো শান্তি ঘূৰি অহা নাই । বহু ঠাইত হিংসাত্মক সংঘৰ্ষ সংঘটিত হৈ আছে, য’ত বহুলোক হতাহত হোৱাৰো তথ্য লাভ কৰা হৈছে । দেওবাৰে নিশা পুনৰ ঢাকাত আনছাৰৰ সদস্য আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত সংঘৰ্ষ হয় । এই সংঘৰ্ষত দুয়োপক্ষৰ কেইবাজনো লোক আহত হয় । পাছত আৰক্ষীয়ে কঠোৰ হাতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ৷

Clashes erupt between students Ansar members
ঢাকাত ছাত্ৰ-ছাত্ৰী আৰু আনছাৰৰ সদস্যৰ মাজত সংঘৰ্ষ (ANI)

ইন্টাৰনেশ্যনেল ডেস্ক, ২৬ আগষ্ট: শ্বেখ হাছিনাই ক্ষমতাৰ পৰা আঁতৰি যোৱাৰ পাছতো বাংলাদেশত শান্তি স্থাপন হোৱা নাই৷ বাংলাদেশত দেওবাৰে নিশা পুনৰ হিংসাত্নক ঘটনা সংঘটিত হয় ৷ বাংলাদেশৰ ৰাজধানী ঢাকাৰ সচিবালয়ৰ সমীপত দেওবাৰে নিশা ছাত্ৰ-ছাত্ৰী আৰু আনছাৰৰ সদস্যৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হয় । ঢাকা ট্ৰিবিউনে প্ৰকাশ কৰা অনুসৰি এই সংঘৰ্ষত দুয়োপক্ষৰ কেইবাজনো লোক আহত হয় । আৰক্ষীয়ে বল প্ৰয়োগ কৰি পৰিস্থিতি নিয়ন্ত্ৰণৰ কৰিবলগীয়া হয় ৷

ঢাকা ট্ৰিবিউনৰ তথ্য অনুসৰি, ইয়াৰ পূৰ্বে ঢাকা বিশ্ববিদ্যালয়ৰ বিভিন্ন ছাত্ৰাবাসৰ ছাত্ৰ-ছাত্ৰীসকলে ৰাজু স্মাৰক ভাস্কৰ্যত সমবেত হৈ আনছাৰ সদস্যসকলৰ সৈতে মুখামুখি হ’বলৈ সচিবালয়লৈ যাত্ৰা আৰম্ভ কৰে ৷ ছাত্ৰ-ছাত্ৰীসকলে আনছাৰৰ সদস্যসকলক ‘স্বৈৰাচাৰীৰ এজেণ্ট’ বুলি অভিহিত কৰিছিল ।

লগতে পঢ়ক: বাংলাদেশত হিংসাত্মক পৰিস্থিতি : ঢাকালৈ বৃহৎ সমদল প্ৰতিবাদকাৰীৰ - Bangladesh Violence

ঢাকাত কিহৰ বাবে হৈছিল এই প্ৰতিবাদ?

আচলতে ঢাকাত ছাত্ৰ-ছাত্ৰী আৰু আনছাৰ সদস্যৰ মাজত বিবাদৰ কাৰণ আছিল ‘ছাত্ৰ বৈষম্য বিৰোধী আন্দোলন’ৰ সদস্যসকল । আনছাৰৰ সদস্যসকলে অন্তৱৰ্তীকালীন চৰকাৰৰ উপদেষ্টা তথা ‘ছাত্ৰ বৈষম্য বিৰোধী আন্দোলন’ৰ সমন্বয়ক নাহিদ ইছলামৰ লগতে সমন্বয়ক চাৰ্জিছ আলম, হাছনত আব্দুল্লা আৰু অন্যান্যসকলক সচিবালয়ত আটক কৰি ৰাখিছে । আনছাৰ সদস্যৰ এই কাৰ্যই ছাত্ৰ-ছাত্ৰীক ক্ষুব্ধ কৰি তুলিছিল ।

ছাত্ৰ প্ৰতিবাদী সমন্বয়ক হাছনাত আব্দুল্লাই ফেচবুক পোষ্টযোগে প্ৰতিবাদকাৰী আনছাৰ সদস্যসকলৰ দাবী পূৰণ হোৱাৰ পিছতো সচিবালয়ত অৱৰোধ অব্যাহত ৰখাৰ বাবে আনছাৰৰ প্ৰাক্তন সঞ্চালক প্ৰধান মেজৰ জেনেৰেল এ কে এম আমিনুল হকক দোষাৰোপ কৰে । ঢাকা ট্ৰিবিউনে প্ৰকাশ কৰা অনুসৰি ঢাকা বিশ্ববিদ্যালয়ৰ ৰাজু সোঁৱৰণী ভাস্কৰ্য্যৰ সন্মুখত সকলোকে সমবেত হ’বলৈও হাছনাতে আহ্বান জনায় । এ কে এম আমিনুল হক জলসম্পদ বিভাগৰ প্ৰাক্তন উপমন্ত্ৰী এ কে এম এনামুল হক ছামিমৰ জ্যেষ্ঠ ভাতৃ ।

লগতে পঢ়ক: ভাৰতত আশ্ৰয় হাছিনাৰ: নতুন দিল্লী-ঢাকাৰ সম্পৰ্কত পৰিব নেকি প্ৰভাৱ ? - India Bangladesh relation

চাকৰি ৰাষ্ট্ৰীয়কৰণৰ দাবী জনাইছিল আনছাৰৰ সদস্যসকলে

হাছনাত আব্দুল্লাই নিজৰ ফেচবুক পেজত লিখিছে, "সকলোৱে ৰাজুলৈ আহক । স্বৈৰাচাৰী শক্তিসমূহে আনছাৰ বাহিনীৰ জৰিয়তে পুনৰ উভতি অহাৰ চেষ্টা কৰিছে । তেওঁলোকৰ দাবী পূৰণ হোৱাৰ পিছতো আমাক সচিবালয়ত আবদ্ধ কৰি ৰখা হৈছে ।" ইয়াৰ পূৰ্বৰ দিনটোত অন্তৱৰ্তীকালীন চৰকাৰৰ গৃহ পৰিক্ৰমা উপদেষ্টা লেফটেনেণ্ট জেনেৰেল (অৱসৰপ্ৰাপ্ত) জাহাংগীৰ আলম চৌধাৰীৰ পৰা আশ্বাস লাভ কৰি আনছাৰৰ সদস্যসকলে প্ৰতিবাদৰ অন্ত পেলাইছিল । চাকৰি ৰাষ্ট্ৰীয়কৰণৰ দাবীত দুদিন ধৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল আনছাৰৰ সদস্যসকলে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.