ETV Bharat / international

ভাৰত চৰকাৰৰ নিৰ্দেশত কানাডাত সক্ৰিয় লৰেন্স বিষ্ণৈ গেং: কানাডা চৰকাৰ

India Canada relation: ভাৰতৰ বিৰুদ্ধে এটাৰ পিছত আন এটা অভিযোগ কানাডা আৰক্ষীৰ । ভাৰতে লৰেন্স বিষ্ণৈ গেঙৰ সহায়ত অপৰাধ সংঘটিত কৰাৰ অভিযোগ ।

author img

By ETV Bharat Assamese Team

Published : Oct 15, 2024, 10:13 AM IST

India Canada Diplomatic Row
ভাৰত চৰকাৰৰ নিৰ্দেশত কানাডাত সক্ৰিয় লৰেন্স বিষ্ণৈ গেং (ETV Bharat)

ইণ্টাৰনেশ্যনেল ডেস্ক,১৫ অক্টোবৰ : খালিস্তানী নেতা হৰদীপ নিজ্জাৰৰ হত্যাক লৈ ভাৰত আৰু কানাডাৰ কূটনৈতিক সম্পৰ্কৰ যথেষ্ট পতন হোৱা দেখা গৈছে । নিজ্জাৰৰ হত্যাত ভাৰতীয় এজেণ্ট জড়িত থকাৰ কানাডাৰ অভিযোগৰ বাবে দুয়োখন দেশৰ সম্পৰ্কৰ স্খলন হৈছে । এইবাৰ ভাৰতৰ বিৰুদ্ধে কানাডাৰ আন এক গুৰুতৰ অভিযোগ । কানাডাই অভিযোগ কৰিছে যে লৰেন্স বিষ্ণৈ গেঙে ভাৰত চৰকাৰৰ নিৰ্দেশত 'খালিস্তান পন্থী উপাদান'ক লক্ষ্য কৰি লৈছে ।

কানাডাত কি কৰিছে লৰেন্স বিষ্ণৈ গেঙে ?

ৰয়েল কানাডিয়ান মাউণ্টেড পুলিচৰ সহকাৰী আয়ুক্ত ব্ৰিগিট গৌভিনে এক সংবাদমেলত কয় যে ভাৰতৰ এজেণ্টসকলে সংগঠিত অপৰাধৰ উপাদানক ব্যৱহাৰ কৰি 'খালিস্তান পন্থী' লোকসকলক লক্ষ্য কৰি আছে ।

গৌভিনে কয়, "এই উপাদানবোৰে দক্ষিণ এছিয়াৰ সম্প্ৰদায়ক, বিশেষকৈ খালিস্তান পন্থী লোকসকলক ব্যৱহাৰ কৰি আছে । আমাৰ অনুসন্ধানৰ অখণ্ডতা আৰু গোপনীয়তা ৰক্ষা কৰি আমি ইয়াতকৈ বেছি তথ্য প্ৰকাশ কৰিব নোৱাৰো । তথাপিও, আমি ক'ব পাৰোঁ যে সংগঠিত অপৰাধী উপাদান হৈছে বিশেষকৈ কানাডাৰ বিষ্ণৈ গেং ।" তেওঁ দৃঢ়তাৰে কয় যে এই সংগঠিত অপৰাধ গোটটোৰ ভাৰত চৰকাৰৰ এজেণ্টসকলৰ সৈতে সম্পৰ্ক আছে, যাৰ ফলত চলিত কূটনৈতিক বিবাদত ইন্ধন যোগাব ।

কূটনীতিবিদক বহিষ্কাৰ

উল্লেখ্য যে শেহতীয়াকৈ ৰয়েল কানাডিয়ান মাউণ্টেড পুলিচৰ আয়ুক্ত মাইক ডুহেমৰ এক অভিযোগৰ পিছতে দুয়োখন দেশৰে একাংশ কূটনীতিবিদক বহিষ্কাৰ কৰা হৈছে । তেওঁ দাবী কৰিছিল যে তেওঁলোকৰ হাতত ভাৰত চৰকাৰৰ এজেণ্টৰ দ্বাৰা কৰা কিছুমান অপৰাধমূলক কাৰ্যকলাপৰ বিষয়ে তথ্য আছে ।

কানাডাৰ আৰক্ষীৰ এনে অভিযোগৰ পিছতে ভাৰতে সোমবাৰে ৬ গৰাকী কানাডিয়ান কূটনীতিবিদক বহিষ্কাৰ কৰে । কানাডাৰ প্ৰধানমন্ত্ৰী ট্ৰুডোৱে দেশখনৰ আৰক্ষীৰ সুৰতে সুৰ মিলাই কৈছে যে ভাৰত চৰকাৰৰ বিষয়াসকল ৰাজহুৱা সুৰক্ষাৰ প্ৰতি ভাবুকি সৃষ্টি কৰা কাৰ্যকলাপত জড়িত আছিল । যাৰ বাবে দেশখনে ভাৰতৰ ৬ গৰাকী কূটনীতিবিদক বহিষ্কাৰ কৰিছে ।

লগতে পঢ়ক :ভাৰত আৰু কানাডাৰ কূটনৈতিক সম্পৰ্কৰ পতন; উভয়ৰে কূটনীতিবিদক বহিষ্কাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.