ETV Bharat / international

পৰীক্ষাত অনুত্তীৰ্ণ হোৱাৰ বাবেই ভগ্নীক গুলীয়াই হত্যা - Killed by brother - KILLED BY BROTHER

Brother shot his sister : বিদ্যালয়ৰ পৰীক্ষাত অনুত্তীৰ্ণ হ’ল ভগ্নী ৷ সেই কথাতে ভীষণ খং উঠিল জ্যেষ্ঠ ভাতৃৰ ৷ ফলত শাস্তিৰূপে ভগ্নীক কৰা হ’ল হত্যা ৷ গুলীয়াই হত্যা কৰা হ’ল ভগ্নীক ৷

Brother shot his sister
পৰীক্ষাত অনুত্তীৰ্ণ হোৱাৰ বাবেই ভগ্নীক গুলীয়াই হত্যা (ANI)
author img

By ANI

Published : Aug 11, 2024, 8:53 PM IST

নিউজ ডেস্ক, 11 আগষ্ট : ভাতৃ-ভগ্নীৰ যতন লোৱাটো এক ধৰ্ম ৷ কনিষ্ঠ ভগ্নী অথবা ভাতৃৰ কেৰিয়াৰ, শিক্ষিত জীৱনত তীক্ষ্ণ দৃষ্টি ৰখাটো স্বাভাৱিক কথা ৷ বহুসময়ত বিদ্যালয়ত বেয়া ফলাফল লাভ কৰিলে জ্যেষ্ঠ ভাতৃ-ভগ্নীয়ে শাস্তি প্ৰদান কৰাটোও অস্বাভাৱিক নহয় ৷ কিন্তু সেই শাস্তি কিমান পৰ্যায়লৈকে যাব পাৰে ?

পাকিস্তানৰ সংবাদ মাধ্যমত প্ৰচাৰিত এক বাতৰিয়ে যিকোনো লোককে শিহৰিত কৰোৱাব ৷ দেশখনৰ সংবাদ প্ৰতিষ্ঠান এ আৰ আই নিউজে প্ৰকাশ কৰা বাতৰি অনুসৰি এগৰাকী ভাতৃয়ে তেওঁৰ ভগ্নীক গুলীয়াই হত্যা কৰে ৷ পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ ওকাৰা জিলাৰ দেপালপুৰ তহচিলত সংঘটিত হয় ঘটনাটো ৷ আটাৰী ৰোড এলেকাত সংঘটিত ঘটনাটোৰ মূল কাৰণ হ’ল ভগ্নীগৰাকীয়ে নৱম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ নোহোৱাটো ৷

পৰীক্ষাত অনুত্তীৰ্ণ হোৱাৰ বাবেই ভাতৃয়ে তেওঁৰ ভনীয়েকক গুলীয়াই হত্যা কৰে ৷ আৰক্ষীয়ে জনোৱা অনুসৰি অভিযুক্তগৰাকীয়ে ঘটনা সংঘটিত কৰিয়েই উক্ত স্থানৰ পৰা পলায়ন কৰে ৷ ইয়াৰ পিচতে ভুক্তভোগী ছাত্ৰীগৰাকীৰ মাতৃ কাষ চাপে আৰক্ষীৰ ৷ মৃত ছাত্ৰীগৰাকীৰ মাতৃৰ অভিযোগৰ ভিত্তিত অভিযুক্তৰ সন্ধানত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ৷

আনহাতে পাকিস্তানৰ পঞ্জাৱত সংঘটিত আন এক পৃথক ঘটনাত পাৰিবাৰিক সংঘাতৰ ফলতে এজন যুৱকে দুই ভাতৃক হত্যা কৰে ৷ আৰক্ষীয়ে জনোৱা অনুসৰি মৃত দুই যুৱকৰ নাম কাইজাৰ আব্বাছ আৰু নাছিৰ আব্বাছ৷ অভিযুক্ত মুনীৰ আহমেদে চুৰিৰে আঘাত কৰি হত্যা কৰে দুই ভাতৃক ৷ প্ৰত্যক্ষদৰ্শীয়ে জনোৱা অনুসৰি মুনীৰ আহমেদে ৰাস্তাৰ মাজেৰে খেদি খেদি চুৰিকাঘাত কৰিছিল ভাতৃক ৷ পৰৱৰ্তী সময়ত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ভাতৃহন্তা যুৱকজনক গ্ৰেপ্তাৰ কৰে ৷

লগতে পঢ়ক : জেৰাৰ সময়তে আৰক্ষীক ছুৰিকাঘাত হত্যাকাৰীৰ !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.