ETV Bharat / international

গ্লেচিয়াৰ ৰাষ্ট্ৰীয় উদ্যানত উদ্ধাৰ ভাৰতীয় যুৱকৰ মৃতদেহ - Indian youth Drowned in US - INDIAN YOUTH DROWNED IN US

Body of Drowned Indian Recovered in US: বিগত 6 জুলাইত গ্লেচিয়াৰ ৰাষ্ট্ৰীয় উদ্যানৰ এভালেঞ্চ লেক ট্ৰেইলত উটি গৈছিল মহাৰাষ্ট্ৰৰ 26 বছৰীয়া যুৱক সিদ্ধান্ত বিঠাল পাটিল । আই টি ক্ষেত্ৰত কৰ্মৰত যুৱকজনৰ মৃতদেহটো 27 জুলাইৰ দিনা উদ্ধাৰ কৰা হয় । ডি এন এ বা দন্ত চিকিৎসা পদ্ধতিৰ জৰিয়তে পৰিচয় নিশ্চিতকৰণ প্ৰক্ৰিয়া চলি আছে ।

Body of Drowned Indian Techie Recovered in US National Park: Reports
গ্লেচিয়াৰ ৰাষ্ট্ৰীয় উদ্যানত উদ্ধাৰ ভাৰতীয় যুৱকৰ মৃতদেহ (Getty Image)
author img

By ETV Bharat Assamese Team

Published : Aug 5, 2024, 1:30 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, 5 আগষ্ট: যোৱা 6 জুলাইত আমেৰিকাৰ বিখ্যাত গ্লেচিয়াৰ ৰাষ্ট্ৰীয় উদ্যানত উটি যোৱা ভাৰতীয় আই টি ক্ষেত্ৰত কৰ্মৰত এজন 26 বছৰীয়া যুৱকৰ মৃতদেহ উদ্যানখনৰ ৰেঞ্জাৰসকলে উদ্ধাৰ কৰিছে বুলি দেওবাৰে সংবাদ মাধ্যমত প্ৰকাশ কৰিছে । 6 জুলাইত এভালেঞ্চ লেক ট্ৰেইলত এটা ঘাটৰ ওপৰত হাইকিং কৰি থকা অৱস্থাত এটা বৃহৎ শিলৰ পৰা এভালেঞ্চ ক্ৰিকত পৰি ডুব গৈছিল ভাৰতীয় সিদ্ধান্ত বিঠাল পাটিল ।

উদ্যানৰ বিষয়াসকলৰ মতে, শনিবাৰৰ পুৱা প্ৰায় 10.30 বজাত প্ৰত্যক্ষদৰ্শীয়ে মৃতদেহটো দেখা পাই কৰ্তৃপক্ষক খবৰ দিয়ে ৷ ইয়াৰ পিছতে ৰেঞ্জাৰসকলে মৃতদেহটো উঠাই আনে বুলি এনবিচি মন্টানাই প্ৰকাশ কৰিছে । কাণ্ডটো সংঘটিত হোৱাৰ সময়ত পাটিলে পিন্ধি থকা কাপোৰ-কানিও উদ্ধাৰ কৰা হৈছে ।

ফ্লেটহেড কাউন্টিৰ ক’ৰ’নাৰে ডি এন এ বা দন্ত চিকিৎসাৰ ৰেকৰ্ডৰ জৰিয়তে পৰিচয় নিশ্চিতকৰণৰ কাম কৰি আছে বুলিও জানিব পৰা গৈছে । জানিব পৰা মতে, পানীৰ গভীৰতা আৰু বগা পানীৰ বাবে ৰেঞ্জাৰসকলে অনুসন্ধান চলোৱাত প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল ।

পানীৰ স্তৰ কমি যোৱাৰ লগে লগে উদ্ধাৰকাৰী দলে ঘাটটোৰ বৃহৎ অংশত অনুসন্ধান চলাইছিল যদিও আটাইতকৈ গভীৰ আৰু বিপজ্জনক অংশলৈ যাব পৰা নাছিল । দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সময়ত পাটিলৰ লগত থকা বন্ধুসকলে পাটিলক সহায় কৰাৰ পূৰ্বেই পাটিল সোঁতত উটি গৈ গভীৰলৈ সোমাই যোৱা দেখিবলৈ পাইছিল বুলি জনায় ।

উল্লেখ্য যে, মূলতঃ মহাৰাষ্ট্ৰৰ পাটিলে এই ঘটনাটো সংঘটিত হোৱাৰ সময়ত কেলিফৰ্ণিয়াত কৰ্মৰত হৈ আছিল আৰু বন্ধু-বান্ধৱীৰ সৈতে বন্ধৰ সময় উপভোগ কৰি আছিল ।

লগতে পঢ়ক: পুনৰ আমেৰিকাত মৃত্যু ভাৰতীয় ছাত্ৰৰ; পোহৰলৈ অহা নাই মৃত্যুৰ কাৰণ - Indian Student Death In US

জাহ্নৱী কান্দুলাৰ মৃত্যুৰ গোচৰ, খুন্দিয়াই থৈ যোৱা আৰক্ষীৰ বিৰুদ্ধে নাই কোনো প্ৰমাণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.