ETV Bharat / international

বাংলাদেশত সংখ্যালঘুসকলৰ বিৰুদ্ধে  ৮৮টা হিংসাত্মক ঘটনাৰ কথা স্বীকাৰ ইউনুছ চৰকাৰৰ - BANGLADESH CRISIS

হাছিনা চৰকাৰৰ পতনৰ পিছৰে পৰা ২২ অক্টোবৰলৈকে সংখ্যালঘুসকলৰ বিৰুদ্ধে ৮৮ টা হিংসাত্মক ঘটনা সংঘটিত হৈছে বুলি ইউনুছ চৰকাৰে সদৰী কৰিছে।

ETV Bharat
বাংলাদেশত প্রতিবাদ (ফাইল চিত্র, এপি)
author img

By ETV Bharat Assamese Team

Published : Dec 11, 2024, 12:01 PM IST

ঢাকা, ১১ ডিচেম্বৰঃ বাংলাদেশত সংখ্যালঘু হিন্দুৰ ওপৰত আক্ৰমণ ! শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পিছত, সেই দেশৰ অন্তৱৰ্তীকালীন মহম্মদ ইউনুছ চৰকাৰৰ বিৰুদ্ধে একাধিকবাৰ এনে অভিযোগ উত্থাপিত হৈছে। বাংলাদেশৰ প্ৰেছ সচিব শ্বফিকুল আলমে মঙলবাৰে কয় যে আগষ্ট মাহৰ পৰা হিন্দুকে ধৰি সংখ্যালঘুসকলৰ বিৰুদ্ধে ৮৮ টা হিংসাত্মক ঘটনা সংঘটিত হৈছে আৰু হিংসাৰ সন্দৰ্ভত এই পৰ্যন্ত ৭০ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

বাংলাদেশত অব্যাহত অশান্তিয়ে পৰিৱেশে প্ৰভাৱ পেলাইছে প্ৰতিবেশী ভাৰততো ৷ দুয়ো দেশৰ দ্বিপাক্ষিক সম্পর্কতো তিক্ততা পৰিলক্ষিত হৈছে। এনে পৰিস্থিতিৰ মাজতে সোমবাৰে ঢাকা ভ্ৰমণলৈ গৈছিল ভাৰতৰ বিদেশ সচিব বিক্ৰম মিশ্ৰী ৷ সেই দেশৰ কূটনীতিক তথা বিদেশ সচিবৰ সৈতে বৈঠকত মিলিত হয় তেওঁ ৷ এদিনীয়া ভ্ৰমণৰ সময়চোৱাত বাংলাদেশ চৰকাৰৰ উপদেষ্টা মহম্মদ ইউনুছকো সাক্ষাৎ কৰে মিশ্ৰীয়ে ৷ উচ্চ পর্যায়ৰ এই বৈঠকত প্ৰতিবেশী দেশখনত সংখ্যালঘু হিন্দুসকলৰ নিৰাপত্তাকলৈ উদ্বেগ প্রকাশ কৰে বিক্রম মিশ্ৰীয়ে ৷

ETV Bharat
বিদেশ সচিব বিক্রম মিশ্ৰী (ফাইল চিত্র, এপি)

যদিও বৈঠকৰ পিছত বাংলাদেশৰ বৈদেশিক মন্ত্ৰালয়ে হিন্দুকে ধৰি সংখ্যালঘু সম্প্ৰদায়ৰ ওপৰত হোৱা আক্ৰমণৰ প্ৰতিবেদনক "বিভ্ৰান্তিকৰ আৰু অপপ্ৰচাৰ" বুলি অভিহিত কৰিছিল, এদিন পিছতেই ইউ-টাৰ্ন লয় ইউনুছ চৰকাৰে ৷ মঙলবাৰে নিশা, অন্তৱৰ্তীকালীন চৰকাৰে দেশত সংখ্যালঘুসকলৰ বিৰুদ্ধে হিংসাত্মক ঘটনাৰ কথা স্বীকাৰ কৰে।

প্ৰেছ সচিব শ্বফিকুল আলমে জনায় যে ৫ আগষ্টৰ পৰা ২২ অক্টোবৰলৈ সংখ্যালঘু, বিশেষকৈ হিন্দুসকলৰ বিৰুদ্ধে ৮৮ টা হিংসাত্মক ঘটনা সংঘটিত হৈছিল। তেওঁ কয়, "অৱশ্যে, এই সংখ্যা বাঢ়িব পাৰে কিয়নো শেহতীয়াকৈ গাজীপুৰকে ধৰি কিছুমান অঞ্চলত হিংসাত্মক ঘটনা সংঘটিত হৈছে।" তেওঁ লগতে কয় যে আৱামী লীগৰ কেইবাজনো সদস্যৰ ওপৰত অত্যাচাৰৰ ঘটনা সংঘটিত হৈছে, কিন্তু কেইটামান ঘটনাক বাদ দি ধৰ্মৰ বাবে এই দেশত হিন্দুসকলক আক্ৰমণ কৰা হোৱা নাই।

তেওঁ কয়, "কেৱল ধৰ্মৰ বাবে নহয়, পূৰ্বৰ শাসকীয় দলৰ প্ৰাক্তন সদস্য হোৱা বাবে নাইবা ব্যক্তিগত কাৰণেও কেইবাজনো হিন্দু, হিংসাৰ সন্মুখীন হৈছে। অৱশ্যে এইটো ঠিক যে হিংসাৰ ঘটনা ঘটিছে ৷ পুলিচ প্ৰশাসনৰ তৰফৰ যথাযথ ব্যৱস্থাও গ্ৰহণ কৰা হৈছে ৷ " ঘটনা সন্দৰ্ভত সকলো তথ্য সোনকালেই ৰাজহুৱা কৰা হ'ব বুলিও শ্বফিকুল আলমে জানিবলৈ দিয়ে।

বিগত ৫ আগষ্টত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই দেশ ত্যাগ কৰি ভাৰতত আশ্ৰয় লয় ৷ ইয়াৰ পিছত ৮ আগষ্টত নবেল বঁটা বিজয়ী মহম্মদ ইউনুছৰ নেতৃত্বত এখন অন্তৱৰ্তীকালীন চৰকাৰ গঠন কৰা হয়। তেতিয়াৰ পৰাই বাংলাদেশত সংখ্যালঘুসকলৰ ওপৰত হোৱা ইটোৰ পিছত সিটো অত্যাচাৰৰ ঘটনা সন্মুখলৈ আহি আছে। হিন্দু মন্দিৰ জ্বলাই দিয়া আৰু হিন্দুলোকৰ ঘৰ ভাঙি পেলোৱাৰ দৰে কেইবাটাও ঘটনাৰ ওপৰত নতুন দিল্লীয়ে উদ্বেগ ব্যক্ত কৰিছে।

২৫ নৱেম্বৰত ঢাকাত সনাতনী নেতা প্ৰভু চিন্ময় কৃষ্ণ দাসক গ্ৰেপ্তাৰ কৰাৰ পিছত দুয়োখন দেশৰ মাজৰ সম্পৰ্কত অধিক তিক্ততা আহি পৰে। অৱশ্যে দুয়োখন দেশৰ মাজত বৈদেশিক সচিব পৰ্যায়ৰ আলোচনাৰ পিছত ভাৰতীয় বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে কয় যে ভাৰতে বাংলাদেশৰ সৈতে ইতিবাচক আৰু গঠনমূলক সম্পৰ্ক বজাই ৰাখিব বিচাৰে।

লগতে পঢ়ক: অসমৰ অৰ্থনীতি বহু সময়ত অচিনাক্ত লোকৰ মতে চলে: হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.