ETV Bharat / international

বৃহস্পতিবাৰে নিশা শপতগ্ৰহণ কৰিব বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে - Bangladesh crisis

author img

By PTI

Published : Aug 7, 2024, 9:05 PM IST

Bangladesh interim government : বৃহস্পতিবাৰে নিশা ৮ বজাত শপতগ্ৰহণ কৰিব বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে ৷ দেশখনৰ সেনাপ্ৰধানে এই কথা জানিবলৈ দিছে ৷ অন্তৱৰ্তীকালীন চৰকাৰখনৰ মুৰব্বী হিচাবে শপত ল’ব নোবেল বঁটা বিজয়ী অধ্যাপক মহম্মদ ইউনুছে ৷

Bangladesh interim government
নোবেল বিজয়ী মহম্মদ ইউনুছ (AP PHOTO)

নিউজ ডেস্ক, 7 আগষ্ট : প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পদত্যাগৰ পিচতে বাংলাদেশ আগবাঢ়িল অন্তৱৰ্তীকালীন চৰকাৰ গঠনৰ দিশে ৷ অন্তৱৰ্তীকালীন চৰকাৰখনৰ মুৰব্বী হিচাবে মঙলবাৰে মনোনীত কৰা হৈছিল শান্তিৰ নোবেল বঁটা বিজয়ী অধ্যাপক মহম্মদ ইউনুছক ৷

দেশখনৰ সেনাপ্ৰধান জেনেৰেল ৱাকাৰ-উজ-জামানে বুধবাৰে ঘোষণা কৰে যে অন্তৱৰ্তীকালীন চৰকাৰখনে বৃহস্পতিবাৰৰ নিশা প্ৰায় ৮ বজাত শপতগ্ৰহণ কৰিব ৷ সেনাপ্ৰধানগৰাকীয়ে জানিবলৈ দিয়ে যে অন্তৱৰ্তীকালীন চৰকাৰখনৰ পৰামৰ্শদাতা পৰিষদত ১৫ গৰাকী সদস্য থকাৰ সম্ভাৱনা আছে ৷ জেনেৰেল জামানে কয় যে সশস্ত্ৰ বাহিনীয়ে ইউনুছক সম্ভৱপৰ সকলোধৰণৰ সহযোগিতা কৰিব ৷

বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মনোনীত মুৰব্বী মহম্মদ ইউনুছে বুধবাৰে দেশখনৰ জনতাক আহ্বান জনাই যাতে সকলো শান্ত হৈ থকাৰ লগতে সকলোধৰণৰ হিংসাৰ পৰা বিৰত থাকে ৷ কিয়নো শ্বেখ হাছিনা চৰকাৰ ভংগৰ পিচতে দেশখনৰ নিৰাপত্তা দিশটোলৈ বৃহৎ পৰিৱৰ্তন আহে ৷

উল্লেখ্য যে বৈষম্যৰ বিৰুদ্ধে আন্দোলন কৰা শিক্ষাৰ্থীসকলক সাহসী শিক্ষাৰ্থী হিচাবে অভিহিত কৰি অভিনন্দন জনাইছিল নোবেলজয়ী মহম্মদ ইউনুছে ৷ হাছিনাৰ পদত্যাগৰ পিচতে তেওঁ কৈছিল যে এয়া দ্বিতীয় বিজয় দিৱস ৷

পেৰিছৰ পৰা স্বদেশলৈ উভতি শাসনৰ দায়িত্ব ল’বলগীয়া ৮৪ বছৰীয়া অৰ্থনীতিবিদজনে নতুন বিজয়ৰ সৰ্বশ্ৰেষ্ঠ ব্যৱহাৰৰ বাবেও সকলোৰে প্ৰতি আহ্বান জনায় ৷ সকলো শিক্ষাৰ্থী, ৰাজনৈতিক দল আৰু অৰাজনৈতিক লোকসকলক শান্ত থাকিবলৈ আহ্বান জনাই মহম্মদ ইউনুছে ৷

তেওঁ কয়, ‘‘ এইখন এখন সম্ভাৱনাময় ৰাষ্ট্ৰ ৷ হিংসাত লিপ্ত হৈ সুযোগ হেৰুৱাব নালাগে । হিংসা আমাৰ শত্ৰু । শান্ত হওক আৰু দেশ নিৰ্মাণৰ বাবে সাজু হওক ৷ যদি আমি হিংসাৰ পথ লওঁ, তেন্তে সকলো ধ্বংস হ’ব ৷’’

উল্লেখ্য যে দেশখনৰ নিৰাপত্তা বিভাগত বৃহৎ সাল-সলনি কৰা হৈছে ৷ সেই অনুসৰি অতিৰিক্ত আৰক্ষী মহাপৰিদৰ্শক এ কে এম শ্বাহিদুৰ ৰহমানক অপৰাধবিৰোধী ৰেপিড এক্সন বেটেলিয়নৰ সঞ্চালক প্ৰধান হিচাপে নিযুক্তি দিয়া হৈছে ৷

লগতে পঢ়ক : বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী হ’ব নোবেল বিজয়ী মহম্মদ ইউনুছ

আৱামী লীগৰ নেতা-কৰ্মীক ধাৰাবাহিক আক্ৰমণ: দুস্কৃতিকাৰীয়ে জ্বলাই দিছে ঘৰ-কাৰ্যালয়-আৰক্ষী চকী

বাংলাদেশত আছে প্ৰায় ১৯ হাজাৰ ভাৰতীয় : আছে ৯ হাজাৰ ভাৰতীয় শিক্ষাৰ্থী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.