ETV Bharat / international

বাল্টিমোৰ দলং দুৰ্ঘটনাত শোক প্ৰকাশ ভাৰতৰ; ৬ জনৰ মৃত্যুৰ সন্দেহ - Baltimore bridge tragedy - BALTIMORE BRIDGE TRAGEDY

Francis Scott Key Bridge Collapse : দুৰ্ঘটনাটো সন্দৰ্ভত মেৰিলেণ্ডৰ গভৰ্ণৰে কয় যে দুৰ্ঘটনাত ফ্ৰান্সিছ স্কটৰ মুখ্য দলংখন ধ্বংসৰ হোৱাৰ কিছু মুহূৰ্ত পূৰ্বে জাহাজখনৰ কৰ্মচাৰীসকলে এটা মে'ডে' কল জাৰি কৰিছিল । যাৰ ফলত কৰ্তৃপক্ষই দলংখনৰ ওপৰত বাহনৰ যাতায়াত সীমিত কৰিবলৈ সক্ষম হৈছিল ।

বাল্টিমোৰ দলং দুৰ্ঘটনাত শোক প্ৰকাশ ভাৰতৰ

author img

By PTI

Published : Mar 27, 2024, 9:35 AM IST

ইণ্টাৰনেচনেল ডেস্ক, ২৭ মাৰ্চ : মেৰিলেণ্ড দলং দুৰ্ঘটনাত শোক ব্যক্ত কৰিছে ৱাশ্বিংটনৰ ভাৰতীয় দূতাবাসে । মঙলবাৰে এখন মালবাহী জাহাজে শক্তি হেৰুৱাই এখন ডাঙৰ দলঙত খুন্দা মৰাৰ পিছত সংঘটিত এই 'দুৰ্ভাগ্যজনক দুৰ্ঘটনা'ত ভাৰতীয় দূতাবাসে শোক প্ৰকাশ কৰে ।

আনহাতে, মেৰিলেণ্ডৰ গভৰ্ণৰে প্ৰকাশ কৰা অনুসৰি জাহাজখনৰ মুঠ ২২ জন কৰ্মচাৰীৰ আটাইকেইগৰাকীয়ে ভাৰতীয় । ছিংগাপুৰৰ পতাকাযুক্ত কণ্টেইনাৰ জাহাজ ডালিৰ মালিক আৰু মেনেজাৰসকলে জনাইছে যে জাহাজখন ২৬ মাৰ্চত স্থানীয় সময় অনুসৰি প্ৰায় ১.৩০ বজাত বাল্টিমোৰৰ ফ্ৰান্সিছ স্কট কী ব্ৰীজৰ এটা স্তম্ভৰ সৈতে সংঘৰ্ষৰ সৃষ্টি হয় । আনহাতে, জাহাজ ব্যৱস্থাপনা কোম্পানী চিনাৰ্জি মেৰিন গ্ৰুপে এক বিবৃতিত কয় যে জাহাজখনত দুজন কেপ্টেইন আছিল ।

মঙলবাৰে পুৱতি নিশা এখন মালবাহী জাহাজে শক্তি হেৰুৱাই বাল্টিমোৰৰ এখন ডাঙৰ দলঙত খুন্দা মাৰে । যাৰ ফলত মাত্ৰ কেইছেকেণ্ডমানৰ ভিতৰতে দলংখনৰ কেইবা মিটাৰ ধ্বংস হয় আৰু নদীৰ পানীত ডুব যায় । এই ভয়ংকৰ দুৰ্ঘটনাৰ ফলত ছয়জন লোক সন্ধানহীন হয় আৰু তেওঁলোক নিহত হোৱা বুলি সন্দেহ কৰা হৈছে । অৱশ্যে তেওঁলোকৰ সন্ধান অভিযান চলি আছে ।

দুৰ্ঘটনাটো সন্দৰ্ভত মেৰিলেণ্ডৰ গভৰ্ণৰে কয় যে দুৰ্ঘটনাত ফ্ৰান্সিছ স্কটৰ মুখ্য দলংখন ধ্বংসৰ হোৱাৰ কিছু মুহূৰ্ত পূৰ্বে জাহাজখনৰ কৰ্মচাৰীসকলে এটা মে'ডে' কল জাৰি কৰিছিল । যাৰ ফলত কৰ্তৃপক্ষই দলংখনৰ ওপৰত বাহনৰ যাতায়াত সীমিত কৰিবলৈ সক্ষম হৈছিল ।

জাহাজখনে দলংখনৰ এটা সমৰ্থনৰ খুঁটাত আঘাত কৰাৰ ফলত গাঁথনিটো পুতলাৰ দৰে খহি পৰে । দলংখনৰ এটা অংশ জাহাজখনৰ ওপৰত লাগি হোৱা সংঘৰ্ষৰ ফলত তাত জুই লাগে ।

  • " class="align-text-top noRightClick twitterSection" data="">

সন্ধিয়া মেৰিলেণ্ড প্ৰদেশ আৰক্ষীৰ অধীক্ষক কৰ্ণেল ৰোলেণ্ড এল বাটলাৰ জুনিয়ৰে ঘোষণা কৰে যে অনুসন্ধান আৰু উদ্ধাৰ অভিযান তীব্ৰ গতিত চলি আছে যদিও নিশাৰ ভাগত অনুসন্ধান স্থগিত ৰখা হৈছে । ডুবাৰুসকলে বুধবাৰে পুৱা ৬ বজাৰ পৰা অভিযান পুনৰ আৰম্ভ কৰিব । নিশাৰ প্ৰত্যাহ্বানজনক পৰিস্থিতিৰ বাবে অভিযান বন্ধ ৰখা বুলি তেওঁ কয় ।

উল্লেখ্য যে ২.৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই দলংখন এখন অতি ব্যস্ত দলং আৰু যোৱা বছৰ এই দলংখনৰ ওপৰেৰে ১২ নিযুত বাহনে যাতায়াত কৰিছিল । ৰাজ্যখনৰ পৰিবহণ সচিব পল ৱিডেফেল্ডে কয় যে এতিয়াও সন্ধানহীন লোককেইজন দলংখনৰ মেৰামতিৰ কামত জড়িত এটা নিৰ্মাণ সংস্থাৰ কৰ্মী আছিল ।

আনহাতে, শ্ৰমিকসকলক নিযুক্তি দিয়া কোম্পানীটোৰ এগৰাকী জ্যেষ্ঠ কাৰ্যবাহীয়ে মঙলবাৰে আবেলি কয় যে পানীৰ গভীৰতা আৰু দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পৰা সময়ৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকক মৃত বুলি ধাৰণা কৰা হৈছে ।

ব্ৰাউনাৰ বিল্ডাৰ্ছৰ কাৰ্যবাহী উপ-সভাপতি জেফ্ৰি প্ৰিটজকাৰে কয় যে দলংখন ভাঙি যোৱাৰ সময়ত দলংখনৰ মাজত কৰ্মীসকলে কাম কৰি আছিল । কোনো মৃতদেহ উদ্ধাৰ কৰা হোৱা নাই । উদ্ধাৰকাৰীসকলে সন্ধিয়ালৈকে অনুসন্ধান অব্যাহত ৰাখে ।

ব্ৰাউনাৰ বিল্ডাৰৰ বাবে দলংখনত কাম কৰা আৰু কৰ্মচাৰীসকলৰ সদস্যসকলৰ বিষয়ে অৱগত যীচু কেম্পোছে কয় যে দলংখন তললৈ খহি পৰাৰ সময়ত তেওঁলোক বিৰতি লৈ আছিল আৰু কিছুমানে ট্ৰাকৰ ওপৰত বহি আছিল ।

"এমাহ পূৰ্বে মই তাত আছিলোঁ আৰু সেয়ে মই জানো যে ট্ৰেইলাৰবোৰ পাৰ হ'লে দলংখনত কেনেকুৱা অনুভৱ হয় ।" কাম্পোছে কয় ।

উল্লেখ্য যে উদ্ধাৰকাৰীসকলে দুজন লোকক পানীৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় । ইয়াৰে এজন ব্যক্তিক এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আৰু কেইঘণ্টামান পিছত তেওঁক যাবলৈ দিয়া হয় । আনহাতে, বহুতো বাহন বাহন নদীত উটি যায় । অৱশ্যে কৰ্তৃপক্ষৰ মতে গাড়ীবোৰৰ ভিতৰত কোনো লোক নাই ।

বাল্টিমোৰৰ মেয়ৰ ব্ৰেণ্ডন স্কটে এই ঘটনাক 'এক অকল্পনীয় ট্ৰেজেডী' বুলি অভিহিত কৰি কয়, "এইটো এখন একচন ছবিৰ কিবা এক দৃশ্য যেন লাগিছে ।"

মেৰিলেণ্ড পৰিবহণ কৰ্তৃপক্ষই Broadcastify.com আৰ্কাইভৰ পৰা লাভ প্ৰথম সঁহাৰি দাতা ৰেডিঅ' ট্ৰেফিক অনুসৰি, এজন আৰক্ষী প্ৰেৰণকাৰীয়ে দলংখন ভাঙি পৰাৰ ঠিক পূৰ্বে এখন জাহাজে ইয়াৰ ষ্টিয়েৰিঙৰ নিয়ন্ত্ৰণ হেৰুওৱা বুলি কৈ ফোন কৰিছিল আৰু বিষয়াসকলক দলংখনৰ ওপৰেৰে সকলো যান-বাহনৰ চলাচল বন্ধ কৰিবলৈ কৈছিল ।

লগতে পঢ়ক :বাল্টিমোৰত জাহাজৰ খুন্দাত খহি পৰিল বৃহৎ দলং - Francis Scott Key Bridge Collapse

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.