ETV Bharat / international

বাংলাদেশৰ ৪৯ গৰাকী শিক্ষক বাধ্য হ’ল পদত্যাগ কৰিবলৈ : ক্ষোভ উজাৰিছে তছলিমা নাছৰিনে - Bangladesh Crisis

author img

By ETV Bharat Assamese Team

Published : Sep 1, 2024, 10:44 PM IST

Minority in Bangladesh : শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পিচত বাংলাদেশৰ সংখ্যালঘুলোকৰ অৱস্থা অধিক বেয়াৰ ফালে গতি কৰিছে ৷ খবৰ অনুসৰি কমেও ৪৯ গৰাকী শিক্ষকে পদত্যাগ কৰিবলৈ বাধ্য হৈছে ৷ দেশখনৰ পৰিস্থিতিৰ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছে তছলিমা নাছৰীনে ৷

Minority in Bangladesh
বাংলাদেশৰ হিংসাত্মক পৰিস্থিতি (AP)

নিউজ ডেস্ক, ১ ছেপ্টেম্বৰ : বাংলাদেশত শ্বেখ হাছিনা নেতৃত্বাধীন চৰকাৰৰ পতনৰ পিচতে দেশখনৰ সংখ্যালঘু লোকসকল হাৰাশাস্তিৰ সন্মুখীন হোৱাৰ খবৰ নিতৌ লাভ কৰা গৈছে ৷ ৫ আগষ্টত হাছিনা চৰকাৰৰ পতনে দেশখনত বাস কৰা হিন্দুসকলৰ বাবে বাবে এক কঠিন পৰিস্থিতিৰ সৃষ্টি কৰিলে ৷ শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি চৰকাৰৰ পতনৰ পিচৰে পৰা দেশখনৰ সংখ্যালঘু জনগোষ্ঠীৰ কমেও ৪৯ গৰাকী শিক্ষকে পদত্যাগ কৰিবলৈ বাধ্য হৈছে ৷ খবৰ অনুসৰি বাংলাদেশৰ একাংশ হিন্দু লোক শাৰীৰিক আক্ৰমণৰো সন্মুখীন হৈছে ৷

অৱশ্যে পদত্যাগ কৰা ৪৯ গৰাকী শিক্ষকৰ ১৯গৰাকীক পিচত পুনৰ নিযুক্তি প্ৰদান কৰা হয় । ডেইলী ষ্টাৰ বাতৰি কাকতত প্ৰকাশিত বাতৰি অনুসৰি বাংলাদেশ ছাত্ৰ ঐক্য পৰিষদৰ সমন্বয়ক সাজিব সৰকাৰে জনায় যে এই সময়ছোৱাত ধৰ্মীয় আৰু জনগোষ্ঠীয় সংখ্যালঘুসকলে আক্ৰমণ, লুণ্ঠন, মহিলাৰ ওপৰত আক্ৰমণ, মন্দিৰ ধ্বংস, ঘৰ-দুৱাৰ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানত অগ্নিসংযোগ, হত্যা আদিৰ সন্মুখীন হ’বলগীয়া হৈছে ৷

সংখ্যালঘুসকলক লক্ষ্য কৰি লোৱা হৈছে :

উল্লেখ্য যে শেহতীয়াকৈ চাকৰিৰ ক্ষেত্ৰত সংৰক্ষণৰ ব্যৱস্থাৰ সন্দৰ্ভত বাংলাদেশৰ ছাত্ৰ-ছাত্ৰীয়ে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰাৰ পিচতে ৭৬ বছৰীয়া প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই পদত্যাগ কৰিছিল ৷ পৰৱৰ্তী সময়ত প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতলৈ পলায়ন কৰাৰ পিচত বাংলাদেশত সংখ্যালঘুসকলৰ অৱস্থা অধিক বেয়া হৈ পৰে ৷ হিন্দু, বৌদ্ধ, খ্ৰীষ্টানকে ধৰি ধৰ্মীয় আৰু জনগোষ্ঠীয় সংখ্যালঘুসকলক লক্ষ্য কৰি ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদে হিংসাত্মক ৰূপ লয় ৷

১৮ আগষ্টত আজিমপুৰ চৰকাৰী বালিকা বিদ্যালয় আৰু মহাবিদ্যালয়ৰ অধ্যক্ষৰ কার্যালয়ত প্ৰায় ৫০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে দুগৰাকী শিক্ষকক পদত্যাগ কৰিবলৈ দাবী জনায় ৷

তছলিমা নাছৰিনৰ প্ৰতিক্ৰিয়া প্ৰকাশ :

ইফালে বাংলাদেশৰ পৰিস্থিতিৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তছলিমা নাছৰিনে ৷ সংখ্যালঘুসকলক সুৰক্ষা প্ৰদানৰ বাবে পৰ্যাপ্ত পদক্ষেপ গ্ৰহণ নকৰাৰ বাবে নোবেল বিজয়ী মহম্মদ ইউনুছৰ নেতৃত্বত চলি থকা চৰকাৰখনক সমালোচনা কৰে লেখিকাগৰাকীয়ে ৷

এক্সত তেওঁ লিখে, ‘‘বাংলাদেশৰ শিক্ষকসকলক পদত্যাগ কৰিবলৈ বাধ্য কৰোৱা হৈছে ৷ সাংবাদিক, মন্ত্ৰী, প্ৰাক্তন চৰকাৰী বিষয়াক হত্যা কৰা হৈছে, হাৰাশাস্তি কৰা হৈছে, জে’লত ভৰোৱা হৈছে । আহমদিয়া মুছলমানৰ জেন জেড ইণ্ডাষ্ট্ৰীজ জ্বলাই দিয়া হৈছে । চুফী মুছলমানৰ সমাধি আৰু মন্দিৰ ধ্বংস কৰিছে ইছলামিক সন্ত্ৰাসবাদীয়ে ৷

বাংলাদেশৰ হিন্দু, বৌদ্ধ, খ্ৰীষ্টান ঐক্য পৰিষদ আৰু বাংলাদেশ পূজা উদযাপন পৰিষদৰ তথ্য অনুসৰি হাচিনা নেতৃত্বাধীন চৰকাৰৰ পতনৰ পিচত বাংলাদেশৰ ৫২খন জিলাত কমেও ২০৫টা আক্ৰমণৰ ঘটনাৰ সন্মুখীন হৈছে সংখ্যালঘু লোকসকল ৷

লগতে পঢ়ক : বাংলাদেশত স্থগিত হ'ব নেকি দ্বিপাক্ষিক প্ৰকল্পসমূহ ? ভাৰতৰ বাবে চিন্তাৰ কাৰণ কি

ধৰ্ষণকাণ্ড আৰু বাংলাদেশত হিন্দুসকলৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰুদ্ধে হাফলঙত প্ৰতিবাদ

ঢাকাত ছাত্ৰ-ছাত্ৰী আৰু আনছাৰৰ সদস্যৰ মাজত সংঘৰ্ষ, আহত কেইবাজনো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.