নতুন দিল্লী: ছিৰিয়াত ৰাষ্ট্ৰপতি বাশ্বাৰ আল-আছাদৰ শাসনৰ পতন, ভাৰতৰ বাবে, কেৱল এক আঞ্চলিক ক্ষমতাৰ পৰিৱৰ্তনতকৈ অধিক তাৎপৰ্যপূৰ্ণ। এই পট পৰিবৰ্তনে পশ্চিম এছিয়াত, কৌশলগত স্থিৰতা হ্ৰাস কৰাৰ এক ভাবুকি সৃষ্টি কৰিছে ৷ মন কৰিবলগীয়া যে এই অঞ্চল হৈছে নতুন দিল্লীৰ শক্তি সুৰক্ষাৰ ক্ষেত্ৰৰ লগতে ভূ-ৰাজনৈতিক উচ্চাকাংক্ষাৰ বাবে এক গুৰুত্বপূৰ্ণ অঞ্চল।
উল্লেখ্য যে এই পৰ্যন্ত এক বিতৰ্কিত স্থিতি স্বত্বেও আছাদ চৰকাৰে, ইছলামিক ষ্টেট (আইএছ)ৰ দৰে উগ্ৰপন্থী শক্তিৰ বিৰুদ্ধে জনসমক্ষত এক কঠোৰ স্থিতি গ্ৰহণ কৰি আহিছিল ৷ বিশেষজ্ঞসকলৰ মতে আছাদৰ অপসাৰণৰ ফলত সৃষ্টি হোৱা শূণ্যতাৰ পৰিপ্ৰেক্ষিতত এতিয়া এক অৰাজক পৰিস্থিতিৰ সৃষ্টি হ’ব, মৌলবাদী গোটবোৰ শক্তিশালী হ'ব আৰু বিশ্বব্যাপী সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ আৰু নিজৰ প্ৰবাসীসকলক সুৰক্ষিত কৰাৰ ক্ষেত্ৰত ভাৰতৰ স্বাৰ্থ বিপদাপন্ন হ'ব।
লক্ষণীয়াভাৱে, ভাৰত আৰু পশ্চিম এছিয়াৰ ৰাষ্ট্ৰখনৰ মাজত নতুন দিল্লীত অনুষ্ঠিত বৈদেশিক পৰিক্ৰমা সংক্ৰান্তীয় এক বৈঠকৰ ঠিক এসপ্তাহ পিছতেই দেওবাৰে ছিৰিয়াৰ এই ঘটনাক্ৰম সংঘটিত হৈছে।
২৯ নৱেম্বৰত হোৱা আলোচনাৰ পিছত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জাৰি কৰা এক প্ৰেছ বিজ্ঞপ্তিত কোৱা হৈছিল, "আলোচনাত দুয়োখন দেশৰ মাজত প্ৰতিষ্ঠানগত প্ৰণালীক উজ্জীৱিত কৰাৰ এক নতুন প্ৰতিশ্ৰুতিৰ সৈতে ভাৰত-ছিৰিয়া দ্বিপাক্ষিক সম্পৰ্কৰ সমগ্ৰ পৰিসৰৰ পৰ্যালোচনা কৰা হৈছে ।"
বিবৃতিত লগতে কোৱা হৈছিল, "দুয়োপক্ষই ফাৰ্মাচিউটিকেল, উন্নয়নমূলক অংশীদাৰীত্ব আৰু সক্ষমতা বিকাশৰ দৰে ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰি দ্বিপাক্ষিক সম্পৰ্ক গভীৰ কৰাৰ পথৰ বিষয়েও আলোচনা কৰে।
বিগত সময়ত কি পৰ্যায়ত ভাৰত-ছিৰিয়া দ্বিপাক্ষিক সম্পৰ্ক ?
ইতিহাস আৰু সভ্যতাৰ যোগসূত্ৰক ভিত্তি কৰি ভাৰত আৰু ছিৰিয়াই অতীজৰে পৰা এক বন্ধুত্বসূলভ সম্পৰ্ক উপভোগ কৰি আহিছে। এক ধৰ্মনিৰপেক্ষ, জাতীয়তাবাদী আৰু উন্নয়নমূলক অভিমুখীতাৰ ওপৰিও ভাৰত আৰু ছিৰিয়াই বহু আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়ত একে ধৰণৰ মতবাদ পোষণ কৰে । আৰৱৰ সংহতিৰ প্ৰতি ভাৰতৰ পৰম্পৰাগত সমৰ্থনক, বিশেষকৈ পেলেষ্টাইনী সমস্যা সমাধান আৰু ইজৰাইল অধিকৃত গোলান হাইটছ ছিৰিয়াক হস্তান্তৰ কৰাৰ বিষয়ত, ছিৰিয়াৰ লোকসকলে প্ৰশংসা কৰি আহিছে।
অৰ্থনৈতিক আৰু বাণিজ্যিক সম্পৰ্কৰ ক্ষেত্ৰত ভাৰতে 430 নিযুত ডলাৰ ব্যয়ৰ 20200 মেগাৱাট টিশ্ৰিন থাৰ্মাল পাৱাৰ প্লাণ্ট সম্প্ৰসাৰণ প্ৰকল্পৰ আংশিক বিত্তীয় (52 শতাংশ) সহায়তাৰ লক্ষ্যৰে 2009 চনৰ মে মাহত ছিৰিয়ালৈ 240 নিযুত ডলাৰৰ ঋণ আগবঢ়াইছিল । প্ৰকল্পটো, ছিৰিয়াৰ উদ্যোগ মন্ত্ৰালয়ৰ অধীনস্থ গেকোষ্টীলৰ সৈতে মিলি ভাৰতীয় কোম্পানী এপোলো ইণ্টাৰনেশ্যনেল লিমিটেডে 2017 ৰ মে’ মাহত সম্পূৰ্ণ কৰিছিল।
2004 চনৰ পৰা ছিৰিয়াৰ তেল খণ্ডৰ সৈতে ভাৰতীয় কোম্পানীবোৰৰ দীৰ্ঘদিনীয়া সম্পৰ্ক বজায় আছে, যাৰ ভিতৰ 350 নিযুত ডলাৰৰ দুটা গুৰুত্বপূৰ্ণ বিনিয়োগ উল্লেখনীয় । অ'এনজিচি বিদেশ লিমিটেডে (ওভিএল) 2004 চনত এক্সপ্লোৰেচন ব্লক-24ত 60 শতাংশ অংশগ্ৰহণৰ আগ্ৰহৰ সৈতে ছিৰিয়াত প্ৰৱেশ কৰিছিল। পৰৱৰ্তী সময়ত, ওভিএল-এ 2016 চনৰ জানুৱাৰীত অল-ফুৰাত পেট্ৰ'লিয়াম কোম্পানীত (এএফপিচি) চীন নেচনেল পেট্ৰ'লিয়াম কৰ্পোৰেশ্যন (চিএনপিচি)ৰ সৈতে যুটীয়াভাৱে 37 শতাংশ অংশীদাৰীত্ব অধিগ্ৰহণ কৰে। প্ৰত্যাহ্বানজনক নিৰাপত্তা পৰিস্থিতিৰ বাবে, 2012 চনৰ পৰা ব্লক-24-ত খনন সংক্ৰান্তীয় কাৰ্যকলাপ স্থগিত ৰখা হৈছে।
ভাৰত বিভিন্ন ধৰণে ছিৰিয়াৰ যুৱক-যুৱতীসকলৰ সক্ষমতা বিকাশৰ ক্ষেত্ৰতো সক্ৰিয়ভাৱে জড়িত হৈ আছে। 'ষ্টাডি ইন ইণ্ডিয়া' কাৰ্যসূচীৰ অধীনত, ছিৰিয়াৰ যুৱক-যুৱতীসকলৰ কাৰিকৰী আৰু পৰিচালনা ক্ষমতা বিকাশৰ ওপৰত গুৰুত্ব দি ২০১৭-১৮ বৰ্ষৰ পৰা চাৰিটা পৰ্যায়ত- স্নাতক, স্নাতকোত্তৰ আৰু পিএইচডি কাৰ্যসূচীৰ বাবে ছিৰিয়াৰ শিক্ষাৰ্থীসকলক মুঠ ১,৫০০ খন আসন আগবঢ়োৱা হৈছে।
বৰ্তমান, ভাৰত চৰকাৰে ভাৰতৰ প্ৰতিষ্ঠিত বিশ্ববিদ্যালয়সমূহত বিভিন্ন স্নাতক, স্নাতকোত্তৰ আৰু ডক্টৰেট কাৰ্যসূচী অধ্যয়ন কৰিবলৈ 25 টা ভাৰতীয় সাংস্কৃতিক সম্পৰ্ক পৰিষদ (আইচিচিআৰ) বৃত্তি আগবঢ়াইছে। ভাৰতীয় কাৰিকৰী আৰু অৰ্থনৈতিক সহযোগিতা (আইটিইচি) কাৰ্যসূচীৰ অধীনত ছিৰিয়ালৈ বছৰি মুঠ 90 টা প্ৰশিক্ষণৰ আসন আগবঢ়োৱা হয়, যিবোৰ সাধাৰণতে হ্ৰস্বম্যাদী পেছাদাৰী প্ৰশিক্ষণ কাৰ্যসূচী।
ছিৰিয়াৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত ভাৰতৰ আগ্ৰহ কৌশলগত, অৰ্থনৈতিক, ঐতিহাসিক আৰু ভূ-ৰাজনৈতিক বিবেচনাৰ ওপৰত আধাৰিত। ছিৰিয়াৰ জটিল আভ্যন্তৰীণ গতিবিধি আৰু প্ৰত্যাহ্বানমূলক আঞ্চলিক পৰিৱেশ স্বত্বেও, দামাস্কাচৰ সৈতে সম্পৰ্ক গভীৰ কৰাটোৱে ভাৰতক গুৰুত্বপূৰ্ণ সুযোগ আৰু সুবিধা প্ৰদান কৰে।
ছিৰিয়াৰ সৈতে সম্পৰ্ক সুদৃঢ় কৰি, ভাৰতে পশ্চিম এছিয়াত ইয়াৰ উপস্থিতি শক্তিশালী কৰিব পাৰে আৰু চীন আৰু পাকিস্তানৰ দৰে প্ৰতিদ্বন্দ্বী শক্তি, যিয়ে অঞ্চলটোত তেওঁলোকৰ খোপনি পুতিবলৈ চেষ্টা কৰি আছে, তেওঁলোকৰ প্ৰভাৱক সন্তুলিত কৰি ৰাখিব পাৰে। যদিও উপসাগৰীয় সহযোগিতা পৰিষদ (জিচিচি) ৰাষ্ট্ৰসমূহ আৰু ইৰাণৰ সৈতে ভাৰতৰ ইতিমধ্যেই শক্তিশালী সম্পৰ্ক আছে, ছিৰিয়াক সংযোজিত কৰি ভাৰতে নিজৰ পশ্চিম এছিয়া নীতিত এক নতুন মাত্ৰা যোগ কৰিছে।
সংঘৰ্ষক্ষেত্ৰৰ সৈতে ছিৰিয়াৰ নিকটবৰ্তিতা আৰু ইয়াৰ সন্ত্ৰাসবাদ বিৰোধী অৱস্থানে ভাৰতক বিশ্বব্যাপী সন্ত্ৰাসবাদৰ মোকাবিলা কৰাত সহায় কৰাৰ সম্ভাৱনা আছে, বিশেষকৈ দক্ষিণ এছিয়াত বিৰূপ প্ৰভাৱ পেলাব পৰা উগ্ৰপন্থী কাৰ্যকলাপ আৰু উগ্ৰ মতাদৰ্শৰ বিৰুদ্ধে যুঁজ দিয়াত।
২০১১ চনত চিৰিয়াত গৃহযুদ্ধ আৰম্ভ হোৱাৰ পিছত কি ঘটিছিল?
ছিৰিয়াৰ সৈতে ভাৰতৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক ২০১১ চনত ছিৰিয়াৰ সংকট আৰম্ভ হোৱাৰ সময়ত সময়ৰ পৰীক্ষাৰ সন্মুখীন হৈছিল। ভাৰতে এক নীতিগত স্থিতি গ্ৰহণ কৰি অসামৰিক উপায়েৰে আৰু ছিৰিয়াৰ নেতৃত্বত এক সন্মিলিত ৰাজনৈতিক প্ৰক্ৰিয়াৰ জৰিয়তে সংঘৰ্ষ সমাধানৰ পোষকতা কৰিছিল। সংকট শিখৰত থকা সময়তো ভাৰতে দামাস্কাছত ইয়াৰ দূতাবাসত কাৰ্যকলাপ বজাই ৰাখিছিল। ছিৰিয়াৰ সাৰ্বভৌমত্ব, স্বাধীনতা, ঐক্য আৰু আঞ্চলিক অখণ্ডতাৰ প্ৰতি দৃঢ় প্ৰতিশ্ৰুতি দৰ্শাই নতুন দিল্লীয়ে ইউএনএছচি প্ৰস্তাৱ 2254 অনুসৰি ছিৰিয়াৰ নেতৃত্বত আৰু অধীনত ৰাজনৈতিক সমাধানৰ ওপৰত জোৰ দিয়া অব্যাহত ৰাখিছে।
যোৱা বছৰ জুলাইত, তৎকালীন বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী ভি মুৰলীধৰণে ছিৰিয়া ভ্ৰমণ কৰিছিল। আৰৱ বসন্তৰ বিদ্ৰোহৰ পিছত এই ভ্ৰমণক ভাৰত-ছিৰিয়া সম্পৰ্কৰ এক নতুন আৰম্ভণি হিচাপে বিবেচনা কৰা হৈছিল। সেই ভ্ৰমণকালত দুয়োপক্ষই উন্নয়নমূলক অংশীদাৰীত্বত সহায়, শিক্ষা আৰু সক্ষমতা বিকাশকে ধৰি দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ উপায়ৰ বিষয়ে আলোচনা কৰে।
মুৰলীধৰণৰ ভ্ৰমণৰ পিছত, ২০২৩ চনৰ নৱেম্বৰত, ভাৰতে ইৰশাদ আহমেদ নামৰ এজন আৰবী পণ্ডিতক ছিৰিয়াত ইয়াৰ নতুন ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি দিছিল, যিটো পদ ইয়াৰ পূৰ্বে দুবছৰ ধৰি খালী হৈ আছিল। লগতে, ২০২৩ চনৰ ফেব্ৰুৱাৰীত ছিৰিয়াত হোৱা প্ৰচণ্ড ভূমিকম্পৰ পিছত, ভাৰতে অপাৰেচন দোস্তৰ অংশ হিচাপে কেইবাটনো সাহায্য সামগ্ৰী প্ৰেৰণ কৰিছিল।
আছাদ প্ৰশাসনক বহিষ্কাৰৰ ফলত ভাৰতৰ ক্ষেত্ৰত প্ৰভাৱ?
বিশেষজ্ঞসকলৰ মতে, আছাদৰ অপসাৰণে পশ্চিম এছিয়াত নিহিত ভাৰতৰ স্বাৰ্থবোৰত গুৰুতৰ প্ৰভাৱ পেলাব।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ পশ্চিম এছিয়া ডেস্কত সেৱা আগবঢ়োৱা তথা ইৰাক আৰু জৰ্ডানৰ প্ৰাক্তন ভাৰতীয় ৰাষ্ট্ৰদূত আৰ দয়াকাৰে ইটিভি ভাৰতক কয়, "জেহাদী বিৰোধী শক্তিৰ হাতত দামাস্কাছৰ পতন আৰু ছিৰিয়াত শাসন পৰিৱৰ্তনৰ ফলত পশ্চিম এছিয়া আৰু বিশেষকৈ লেভাণ্টৰ কৌশলগত পৰিস্থিতি আমূল পুনৰ নিৰ্ধাৰণ কৰা হ'ব।"
আৰ দয়াকাৰৰ মতে, "ই পশ্চিম এছিয়াৰ 'শিয়া ভূখণ্ড' ভাঙি পেলাইছে যি পূৱ ভূমধ্যসাগৰৰ পৰা লেবানন, ছিৰিয়া আৰু ইৰাকৰ মাজেৰে পাৰস্য উপসাগৰীয় অঞ্চললৈ বিস্তৃত। ই ৰাছিয়া, ইৰাণ আৰু ইৰাকৰ ৰাজনৈতিক, কূটনৈতিক আৰু সামৰিক বিফলতাও দৰ্শায়। শাসন পৰিৱৰ্তনৰ ফলত মধ্য প্ৰাচ্যত ভূ-ৰাজনৈতিক সমীকৰণ পুনৰ গঠন পাৰে।"
দয়াকাৰৰ ধাৰণা মতে, আছাদৰ পিছৰ পৰ্যায়ত ছিৰিয়াত গৃহযুদ্ধৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। "হায়াত তাহৰিৰ আল-শ্বাম (এইচটিএছ) হৈছে এক জেহাদী সংগঠন যি ইয়াৰ মূল অনুপ্ৰেৰণা ইছলামিক ষ্টেট (আইএছ) সন্ত্ৰাসবাদী সংগঠনৰ পৰা আহৰণ কৰে আৰু সংগঠনটো এতিয়া তুৰ্কীৰ সমৰ্থনপুষ্ট। লক্ষণীয়ভাৱে, সপ্তাহজোৰা সামৰিক কাৰ্যকলাপৰ অন্তত এইচটিএছৰ দামাস্কাছ দখল কৰাৰ ঘটনাই ২০১৪ চনত আইএছৰ দ্ৰুত গতিত পশ্চিম ইৰাকৰ মছুল চহৰ আৰু অল আনবাৰ দখলৰ কথা মনত পেলাই দিয়ে।"
দয়াকাৰে কয় যে আমেৰিকাৰ হস্তক্ষেপে সেইসময়ত ইৰাকক আইএছৰ পৰা ৰক্ষা কৰিছিল। তুৰ্কীয়ে নিজা সশস্ত্ৰ সামৰিক বাহিনী থকা আৰু আমেৰিকাৰ পৰা সুৰক্ষা লাভ কৰা ছিৰিয়ান কুৰ্দসকলৰ ৰাজনৈতিক আৰু সামৰিক সৱলীকৰণৰ বিৰোধিতা কৰে ।
আছাদ বিৰোধী ছিৰিয়ান সেনাৰ প্ৰাক্তন সদস্যক লৈ গঠিত ফ্ৰী চিৰিয়ান আৰ্মীয়েও তেওঁৰ সৈন্যসকলৰ সৈতে যুঁজ দিছিল। পৰাজিত আছাদ সেনাবাহিনীৰ অৱশিষ্ট দেশখনত সিঁচৰিত হৈ আছে।
"এই সকলোবোৰে তেওঁলোকৰ বিদেশী পৃষ্ঠপোষকসকলক, ক্ষমতাৰ ভাগ-বাটোৱাৰা আৰু শোষণৰ লক্ষ্যৰে বাবে যুঁজ দিয়াৰ বাবে এক প্ৰকৃত মঞ্চ প্ৰদান কৰে। গৃহযুদ্ধই আঞ্চলিক স্থিৰতাৰ ক্ষেত্ৰত গুৰুতৰ পৰিণাম বহন কৰিব," দয়াকাৰে কয়।
অৱশ্যে, তেওঁ এইচটিএছ ৰ মুৰব্বী আবু মহম্মদ আল-জোলানীয়ে নিজৰ সামৰিক বাহিনীক অসামৰিক লোক আৰু প্ৰতিষ্ঠানসমূহৰ ক্ষতি কৰিব নালাগে বুলি দিয়া বাৰ্তাৰ কথাও উল্লেখ কৰে আৰু কয় যে শান্তিপূৰ্ণ পৰিৱৰ্তনৰ বাবে এয়া এক ভাল লক্ষণ। ৰাষ্ট্ৰীয় পৰিৱৰ্তন পৰিষদে এইচটিএছ আৰু ছিৰিয়াৰ প্ৰধানমন্ত্ৰী মহম্মদ আল-জালালিৰ বিবৃতিৰ দ্বাৰা ঘোষণা কৰিছে যে তেওঁ ক্ষমতাৰ সুশৃংখল পৰিৱৰ্তনৰ বাবে জনসাধাৰণে বাছনি কৰা যিকোনো নেতৃত্বৰ সৈতে সহযোগিতা কৰিবলৈ সাজু।
ভাৰতৰ ক্ষেত্ৰত, দয়াকাৰে অনুভৱ কৰে যে ছিৰিয়াৰ সাম্প্ৰতিক পৰিস্থিতিয়ে ভাৰতক অপেক্ষাৰত দৰ্শকৰ দৃষ্টিভংগী গ্ৰহণৰ বাবে আহ্বান জনায়।
উছানাছ ফাউণ্ডেশ্যনথিংক টেংকৰ প্ৰতিষ্ঠাপক, সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া অভিনৱ পাণ্ডিয়াইয়ো এই ধাৰণা ব্যক্ত কৰে যে ছিৰিয়াত এতিয়া সম্পূৰ্ণ অৰাজকতাৰ সৃষ্টি হ'ব।
"ইছলামবাদী গোট এইচটিএছ অল কায়দাৰ এটা শাখা আৰু আইএছৰ সৈতেও ইয়াৰ সম্পৰ্ক আছে," পাণ্ডিয়াই ই টিভি ভাৰতক কয় ৷ তেওঁ লগতে কয়, "তাত মানৱীয় সংকটৰ অধিক অৱনতি ঘটিব। ছিৰিয়া আন এখন আফগানিস্তানত পৰিণত হ'ব। সংগঠিত অপৰাধ, ড্ৰাগছ সৰবৰাহ আৰু অস্ত্ৰৰ চোৰাং ব্যৱসায় বৃদ্ধি পাব।"
তেওঁ আৰু কয় যে মৌলবাদী ইছলামবাদী গোটসমূহৰ দ্বাৰা মৌলবাদী কাৰ্যকলাপ আৰু যুৱসকলৰ নিযুক্তি বৃদ্ধি পাব।
পাণ্ডিয়াই কয়, "এনে ঠাইবোৰ বহিৰাগত গোট আৰু আন্তঃৰাষ্ট্ৰীয় অপৰাধী দলৰ বাবে আশ্ৰয়স্থল হৈ পৰিছে। ভাৰতীয় মুছলমান যুৱক-যুৱতীসকল কট্টৰপন্থী হৈ পৰাৰ আৰু অস্ত্ৰ-শস্ত্ৰৰ প্ৰশিক্ষণ লাভ কৰাৰ আশংকা আছে। ভাৰতত উগ্ৰপন্থী ইছলামবাদী উপাদানসমূহৰ মনোবল বৃদ্ধি পাব।"
তেওঁ আৰু কয় যে তুৰ্কী আৰু পাকিস্তানী চোৰাংচোৱা সংস্থাসমূহে ছিৰিয়াত প্ৰৱেশ কৰাৰ সুযোগ পাব আৰু তাৰ পৰা ভাৰতৰ ক্ষতি কৰাৰ চেষ্টা কৰিব পাৰে। তেওঁ কয়, "তেওঁলোকে ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা ধ্বংস কৰিব পাৰে।"
পাণ্ডিয়াৰ মতে, প্ৰস্তাৱিত ভাৰত-মধ্য প্ৰাচ্য-ইউৰোপ অৰ্থনৈতিক কৰিডৰ (আইএমইইচি) ৰ সম্ভাৱনাও এতিয়া বিপদত । আই.এম.ই.ই.চি. হৈছে এক পৰিকল্পিত অৰ্থনৈতিক কৰিডৰ যাৰ উদ্দেশ্য হৈছে এছিয়া, পাৰস্য উপসাগৰ আৰু ইউৰোপৰ মাজত সংযোগ আৰু অৰ্থনৈতিক একত্ৰীকৰণ ৰক্ষা কৰি অৰ্থনৈতিক বিকাশক শক্তিশালী কৰা।
ইয়াত ভাৰতক উপসাগৰীয় অঞ্চলৰ সৈতে সংযোগ কৰা এটা পূব কৰিডৰ আৰু উপসাগৰীয় অঞ্চলক ইউৰোপৰ সৈতে সংযোগ কৰা এটা উত্তৰ কৰিডৰ অন্তৰ্ভুক্ত আছে। ইয়াত অন্তৰ্ভুক্ত থাকিব ৰে'ল আৰু জাহাজ-ৰেল পৰিবহন নেটৱৰ্ক আৰু পথ পৰিবহন পথ। ১০ ছেপ্টেম্বৰত ভাৰত, আমেৰিকা যুক্তৰাষ্ট্ৰ, সংযুক্ত আৰৱ আমিৰশ্বাহী (ইউএই), চৌদি আৰৱ, ফ্ৰান্স, জাৰ্মানী, ইটালীৰ চৰকাৰ আৰু ইউৰোপীয় ইউনিয়নে, ২০২৩ চনৰ জি-২০ নতুন দিল্লী সন্মিলনৰ সময়ত স্বাক্ষৰিত বুজাবুজি চুক্তিখন, উন্মোচন কৰে।
পাণ্ডিয়াই কয়, "ছিৰিয়া এতিয়া সন্ত্ৰাসবাদৰ প্ৰজননৰ বাবে উৰ্বৰ দেশসমূহৰ অংশ হৈ পৰিব।"