ETV Bharat / international

হোটেলৰ ভিতৰত আক্ৰমণৰ বলি এয়াৰ ইণ্ডিয়াৰ ক্ৰু সদস্য - Cabin Crew Member Assaulted

author img

By ETV Bharat Assamese Team

Published : Aug 18, 2024, 11:28 AM IST

Cabin Crew Member Assaulted in London : এয়াৰ ইণ্ডিয়াৰ ক্ৰু সদস্যক দুস্কৃতিকাৰীৰ আক্ৰমণ ৷ কাপোৰ ৰখা হেঙাৰেৰে আক্ৰমণ কৰাৰ লগতে মাটিত চোঁচৰোৱাৰ অভিযোগ ৷ এখন হোটেলত সংঘটিত হৈছে এই ঘটনা ৷

Air India Cabin Crew Member Assaulted in London Hotel, Airline Says 'Working With Local Police'
কাপোৰ ৰখা হেঙাৰেৰে আক্ৰমণ এয়াৰ ইণ্ডিয়াৰ ক্ৰু সদস্যক (ANI)

ইণ্টাৰনেশ্যনেল ডেস্ক, 18 আগষ্ট: এয়াৰ ইণ্ডিয়াৰ এগৰাকী ক্ৰু সদস্যক আক্ৰমণৰ অভিযোগ ৷ চলিত সপ্তাহৰ আৰম্ভণিতে এয়াৰ ইণ্ডিয়াৰ ক্ৰু সদস্য এগৰাকী লণ্ডনত থকা সময়ছোৱাত তেওঁক দুৰ্বৃত্তই হোটেলৰ কোঠাত বলপূৰ্বকভাৱে প্ৰৱেশ কৰি আক্ৰমণ কৰাৰ অভিযোগ উঠিছে । বৃহস্পতিবাৰৰ নিশা হিথ্ৰ’ৰ ৰেডিছন ৰেড হোটেলত একাধিক এয়াৰ ইণ্ডিয়াৰ বিমানৰ ক্ৰু থকাৰ দিনাই সংঘটিত হয় এই ঘটনাটো ।

বলপূৰ্বকভাৱে প্ৰৱেশ কৰি দুস্কৃতিকাৰীয়ে ক্ৰু মেম্বাৰগৰাকীক আক্ৰমণ কৰাৰ চেষ্টা কৰে যদিও তেওঁৰ চিঞৰ শুনি সহকৰ্মীসকল ততাতৈয়াকৈ তেওঁৰ কোঠালৈ আহে । পৰৱৰ্তী সময়ত হোটেলৰ কৰ্মচাৰীয়ে অভিযুক্তক আটক কৰে ।

জানিব পৰা মতে, ক্ৰু সদস্যগৰাকী শুই থকা অৱস্থাতে দুস্কৃতিকাৰীয়ে কোঠাত প্ৰৱেশ কৰি কাপোৰ ৰখা হেঙাৰেৰে সদস্যগৰাকীক আক্ৰমণ কৰে আৰু টানি লৈ যায় । আক্ৰমণৰ ফলত যুৱতীগৰাকী আঘাতপ্ৰাপ্ত হৈছে আৰু বৰ্তমান ভাৰতলৈ উভতি আহি কাউন্সেলিং কৰি আছে । এই কাণ্ডই হোটেলখনৰ নিৰাপত্তা সন্দৰ্ভত সকলোৰে মনত প্ৰশ্ন তুলিছে ৷ ঘটনা সংঘটিত হোৱাৰ পূৰ্বে অপৰ্যাপ্ত ব্যৱস্থা, আন্ধাৰ কৰিডৰ, অভ্যৰ্থনা বিভাগত কৰ্মচাৰীৰ অভাৱ আৰু সন্দেহজনক ব্যক্তিয়ে দুৱাৰত টুকুৰিওৱা বুলি অভিযোগ দাখিল কৰা হৈছিল ।

এয়াৰ ইণ্ডিয়াৰ এগৰাকী মুখপাত্ৰই এই চাঞ্চল্যকৰ কাণ্ড সন্দৰ্ভত এক চমু বিবৃতি প্ৰকাশ কৰি কয় যে পেছাদাৰী পৰামৰ্শকে ধৰি সম্ভৱপৰ সকলো সহায় যুৱতীগৰাকীলৈ আগবঢ়োৱা হৈছে ।

এয়াৰ ইণ্ডিয়াৰ মুখপাত্ৰই কয়, "এয়াৰ ইণ্ডিয়াই স্থানীয় আৰক্ষীৰ প্ৰতি সম্পূৰ্ণ আইনী সহযোগিতা আগবঢ়াইছে ৷ সমান্তৰালভাৱে, হোটেল কৰ্তৃপক্ষৰ সৈতেও যোগাযোগত আছে ৷ এনে ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় লগতে আমি ভুক্তভোগীৰ গোপনীয়তাৰ প্ৰতি সন্মান জনাবলৈ অনুৰোধ জনাইছো ।"

লগতে পঢ়ক: মাংগালোৰ বিমানবন্দৰত কিয় হাহাকাৰ পৰিস্থিতি ?

কোচিৰ পৰা লণ্ডন অভিমুখী বিমান বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি - Bomb threat to Air India flight

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.