ETV Bharat / international

অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানৰ পূৰ্বে ফ্ৰান্সত বোমাৰে বিমানবন্দৰ উৰুৱাই দিয়াৰ ভাবুকি - OLYMPICS 2024

author img

By ETV Bharat Assamese Team

Published : Jul 26, 2024, 8:03 PM IST

Bomb threat in Franco Swiss airport : পেৰিছ অলিম্পিক ২০২৪ ৰ মুকলি অনুষ্ঠানৰ কেইঘণ্টামান পূৰ্বে ছুইজাৰলেণ্ডৰ বেচেলৰ ওচৰৰ সীমান্তৰ ফ্ৰান্সৰ ফালে অৱস্থিত ইউৰো বিমানবন্দৰটো বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি দিয়া হৈছিল ৷ যাৰ বাবে তাৎক্ষণিকভাৱে খালী কৰা হয় বিমানবন্দৰটো । আনকি লগে লগে বিমানবন্দৰটোত নিয়োগ কৰা হয় বোমা নিষ্কাশন বিশেষজ্ঞ লোকক ।

Paris 2024 Olympics
ফ্ৰান্সত বোমাৰে বিমানবন্দৰ উৰুৱাই দিয়াৰ ভাবুকি (AP)

ইন্টাৰনেশ্যনেল ডেস্ক, ২৬ জুলাই : ফ্ৰান্সত আকৌ হুলস্থূল ৷ অলিম্পিকৰ মুকলি অনুষ্ঠানৰ পূৰ্বে ফ্ৰান্সৰ ৰে’ল নেটৱৰ্কত সংঘটিত হৈছে এক অগ্নিসংযোগৰ ঘটনা ৷ এই ঘটনাৰ কেইঘণ্টামানৰ পাচতে শুকুৰবাৰে বোমাৰে ফ্ৰাংকো-ছুইজাৰলেণ্ডৰ এটা বিমানবন্দৰ উৰুৱাই দিয়াৰ ভাবুকি দিয়া হয় ৷ এই ভাবুকিৰ পাচতে সমগ্ৰ বিমানবন্দৰটো সাময়িকভাৱে খালী কৰি দিয়া হয় ।

বেচেলৰ ওচৰৰ সীমান্তৰ ফ্ৰান্সৰ ফালে অৱস্থিত ইউৰোএয়াৰপৰ্টে নিজৰ ৱেবছাইটত উল্লেখ কৰে যে বিমানসেৱাৰ বাবে বিমানবন্দৰটোৰ দুৱাৰ পুনৰ মুকলি কৰা হৈছে আৰু ক্ৰমান্বয়ে বিমান সেৱা পুনৰ আৰম্ভ কৰা হৈছে । ইয়াৰ পূৰ্বে বেচেল-মুলহাউছ বিমানবন্দৰটোৰ কৰ্তৃপক্ষই উল্লেখ কৰিছিল যে নিৰাপত্তাৰ কাৰণত এই বিমানবন্দৰটো সম্পূৰ্ণৰূপে খালী কৰি সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে ।

লগতে পঢ়ক : অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানৰ পূৰ্বে ফ্ৰান্সত ৰে'লসেৱা ব্যাহত - French High speed Rail Network

বিমানবন্দৰটোৰ কৰ্তৃপক্ষই X ৰ এটা পোষ্টত কয়, "নিৰাপত্তাৰ কাৰণে টাৰ্মিনেলটো খালী কৰিবলগীয়া হৈছিল আৰু বৰ্তমানো ইয়াক বন্ধ কৰি থোৱা হৈছে । বিমানৰ কাম সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে । যাত্ৰীসকলক তেওঁলোকৰ বিমান সংস্থাৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে ।"

পৰৱৰ্তী সময়ত স্থানীয় সময় অনুসৰি নিশা ১২:৪২ বজাত হেণ্ডেলটোৱে পোষ্ট কৰিছিল : "বিমানবন্দৰটো পুনৰ মুকলি কৰা হৈছে আৰু বিমান সেৱা ক্ৰমান্বয়ে পুনৰ আৰম্ভ হৈছে । যাত্ৰীসকলক তেওঁলোকৰ বিমানৰ বিষয়ে তথ্যৰ বাবে তেওঁলোকৰ বিমান সংস্থাৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে । আমি আপোনালোকৰ নিৰাপদ আৰু সুখী যাত্ৰা কামনা কৰিছো ।"

ফ্ৰান্সৰ হাউট-ৰাইন বিভাগৰ প্ৰিফেকচাৰে এ এফ পিক জনোৱা মতে, বোমাৰ ভাবুকি দিয়াৰ বাবেই বিমানবন্দৰ খালী কৰা হৈছে ৷ লগতে বোমা বিশেষজ্ঞৰ লোককো নিয়োগ কৰা হৈছে । যোৱা বছৰৰ শেষৰ ফালে ধাৰাবাহিকভাৱে মিচাকৈ কোনো দুষ্টপ্ৰকৃতিৰ মানুহে বোমাৰ ভাবুকি দি আছিল ৷ যাৰ বাবে ইউৰোএয়াৰপৰ্টকে ধৰি ফ্ৰান্সৰ কেইবাটাও বিমানবন্দৰ খালী কৰিবলগীয়া হৈছিল ।

লগতে পঢ়ক : আজিৰে পৰা প্ৰেমৰ চহৰত অনুষ্ঠিত হ’ব বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া অনুষ্ঠান: জানিবলগীয়া কিছু কথা - PARIS OLYMPICS 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.