ইন্টাৰনেশ্যনেল ডেস্ক, 28 এপ্ৰিল : কম্বোডিয়াৰ পশ্চিম অঞ্চলৰ এটা ঘাটিত শনিবাৰে বিয়লি সংঘটিত গোলাবাৰুদ বিস্ফোৰণত 20 জন জোৱান নিহত হোৱাৰ লগতে কেইবাজনো জোৱান আহত হয় বুলি জানিব পৰা গৈছে ৷ দেশখনৰ প্ৰধানমন্ত্ৰী হান মানেটে এই কথা জানিবলৈ দিয়ে ৷ হান মানেটে ফেচবুক পোষ্টত কয় যে কাম্পং স্পেউ প্ৰদেশৰ ঘাটিটোত হোৱা বিস্ফোৰণৰ খবৰ পাই তেওঁ স্তম্ভিত হৈ পৰিছে ৷ এই ঘটনাত ওচৰৰ কেইবাটাও অট্টালিকাৰ ক্ষয়-ক্ষতি হয় ৷
বিস্ফোৰণৰ কাৰণ কি সেয়া এতিয়াও স্পষ্ট হোৱা নাই আৰু হান মানেটে ফেচবুক যোগে দিয়া পোষ্টত এই কথা প্ৰকাশ কৰা নাই ৷ তেওঁ নিহত জোৱানসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰি চৰকাৰে তেওঁলোকৰ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলি কোৱাৰ লগতে নিহতৰ পৰিয়াল আৰু আহত উভয়কে ক্ষতিপূৰণ দিব বুলি প্ৰতিশ্ৰুতি দিয়ে ৷ সেই স্থানৰ পৰা পোৱা ছবিত দেখা গৈছে যে এটা ধ্বংসপ্ৰাপ্ত অট্টালিকাৰ পৰা এতিয়াও ধোঁৱা ওলাই আছে আৰু চিকিৎসালয়ত আহত সৈনিক সকলে চিকিৎসা গ্ৰহণ কৰি আছে ৷
ৱেষ্ট পইণ্টৰ আমেৰিকাৰ সামৰিক একাডেমীৰ স্নাতক হান মেনেটে প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিবলৈ নিৰ্বাচিত হোৱাৰ কিছু সময়ৰ পূৰ্বে তেওঁৰ স্বৈৰাচাৰী পিতৃ হান চেনৰ পিচত চাৰি তাৰকা জেনেৰেল হিচাপে পদোন্নতি লাভ কৰিছিল ৷
প্ৰধানমন্ত্ৰী হান মানেটক প্ৰতিনিধিত্ব কৰি প্ৰতিৰক্ষা মন্ত্ৰী চাহ চেইহাই বৌদ্ধ অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠানত উপস্থিত থাকে কৰে, য'ত নিহত সকলৰ আত্মীয় আৰু আন সৈনিকসকলে অংশগ্ৰহণ কৰে ৷ কম্বোডিয়াৰ পতাকাৰে কাঠৰ কফিনবোৰ ঢাকি ৰাখা হৈছিল ৷ ওচৰতে বাস কৰা এজন গাঁৱৰ লোকে দেওবাৰে দ্য এছ’চিয়েটেড প্ৰেছক জনোৱা মতে, বিস্ফোৰণৰ শব্দ শুনি তেওঁ কঁপি উঠিছিল কাৰণ ইয়াৰ পূৰ্বে কেতিয়াও ইমান জোৰেৰে বিস্ফোৰণৰ শব্দ শুনা নাছিল ৷
লগতে পঢ়ক : লোহিত সাগৰত ভাৰত অভিমুখী ৰাছিয়ান জাহাজত হুথী বিদ্ৰোহীৰ আক্ৰমণ - Houthi Rebels Attack