Corona মহামাৰীৰ ভয়াৱহ দৃশ্য এতিয়াও মানুহৰ মন-মগজুত ভাঁহি আছে ৷ আজিও সেই ভয়ংকৰ সময়ছোৱাৰ কথা কোনোও পাহৰিব পৰা নাই ৷ এই মহামাৰীয়ে সমগ্ৰ বিশ্বতে বহু লোকৰ প্ৰাণ কাঢ়ি লৈ গৈছিল ৷ আজিলৈকে বহুতে ইয়াৰ বিষৰ পৰা আৰোগ্য লাভ কৰিব পৰা নাই ৷ আজিও এই ভাইৰাছৰ নতুন প্ৰজাতিয়ে মানুহৰ চিন্তা বৃদ্ধি কৰে ৷
ইফালে, বিজ্ঞানীসকলে এতিয়া আন এটা ভাইৰাছক লৈ উদ্বেগ প্ৰকাশ কৰিছে ৷ শেহতীয়াকৈ বিজ্ঞানীসকলে ‘জম্বি ভাইৰাছ’ৰ বিষয়ে এক আচৰিত ধৰণৰ তথ্য প্ৰকাশ কৰিছে ৷ ইয়াৰ বিষয়ে বিতংভাৱে জানো আহক-
নতুন মহামাৰীৰ ভাবুকি
আৰ্কটিকত বৰফৰ তৰপৰ তলত পুতি থোৱা ‘জম্বি ভাইৰাছ’ নতুন মহামাৰীৰ কাৰণ হ’ব পাৰে বুলি সকীয়াই দিছে বিজ্ঞানীসকলে ৷ নিত্য বৃদ্ধি পোৱা উষ্ণতাৰ বাবে এই ভাবুকি আৰু অধিক বৃদ্ধি পাইছে ৷ কিয়নো গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত বৰফবোৰ গলিবলৈ ধৰিছে ৷ ইয়াৰ বাবে ‘জম্বি ভাইৰাছ’ নিৰ্গত হোৱাৰ ফলত নতুন মহামাৰীৰ জন্ম হ’ব পাৰে বুলি বিজ্ঞানীসকলে জানিবলৈ দিয়ে ৷
বৰফ গলি যোৱাটো চিন্তাৰ বিষয়
বিজ্ঞানীসকলৰ মতে, উষ্ণতা বৃদ্ধিৰ বাবে পৃথিৱীৰ উষ্ণতা বৃদ্ধিৰ বাবে আৰু জাহাজ, খনন আদি মানুহৰ কাম-কাজ বৃদ্ধিৰ বাবে আৰ্কটিক পাৰ্মাফ্ৰষ্টত আবদ্ধ হৈ থকা পুৰণি ‘জম্বি ভাইৰাছ’ ওলাই আহিব পাৰে ৷ যাৰ ফলত আন এক নতুন মহামাৰীৰ সৃষ্টি হ’ব পাৰে ৷ পাৰ্মাফ্ৰষ্ট হৈছে পৃথিৱীৰ পৃষ্ঠত বা তলত স্থায়ীভাৱে জমা হৈ থকা স্তৰ ৷ মাটি, শিলগুটি আৰু বালিৰে গঠিত এই স্তৰটো সাধাৰণতে বৰফে একেলগে ধৰি ৰাখে ৷
বিজ্ঞানীসকলে কি কয়
বিগত বৰ্ষত এজন বিজ্ঞানীয়ে চাইবেৰিয়াৰ পাৰ্মাফ্ৰষ্টৰ পৰা লোৱা নমুনাৰ ওপৰত গৱেষণা কৰি এই বৃহৎ ভয়াৱহতাৰ উমান লাভ কৰিছিল ৷ এই গৱেষণাৰ আধাৰত তেওঁ আৰ্কটিকত তলত পুতি থোৱা ভাইৰাছৰ বিষয়ে উল্লেখ কৰে ৷ বিজ্ঞানীসকলৰ মতে, আৰ্কটিকত উপস্থিত থকা এই ভাইৰাছবোৰ হাজাৰ হাজাৰ বছৰ ধৰি ফ্ৰীজত ৰখাৰ লগতে পাৰ্মাফ্ৰষ্টত নিষ্ক্ৰিয় হৈ আছে যদিও ইয়াৰ ফলত ৰোগ বিয়পি পৰা আৰু বিয়পোৱাৰ আশংকা থাকে ৷
আইক্স-মাৰ্চেইল বিশ্ববিদ্যালয়ৰ বিজ্ঞানী জিন-মিচেল ক্লেভেৰীৰ মতে, হাজাৰ হাজাৰ বছৰ ধৰি সংৰক্ষিত হৈ থকা এই ভাইৰাছবোৰ নতুন ৰোগ বিয়পোৱাৰ সম্ভাব্য কাৰক ৷ এনে পৰিস্থিতিত আৰ্কটিকৰ পৰা বৰফ নোহোৱা হোৱাৰ বাবে বৰফত পুতি থোৱা এই ভাইৰাছ বৃদ্ধি পাব পাৰে আৰু বিশ্বৰ বাবে বিপৰ্যয়জনক বুলি প্ৰমাণিত হ’ব পাৰে ৷