প্ৰতিবছৰে ২৫ জুনৰ দিনটো বিশ্ব ভিটিলিগো দিৱস হিচাপে পালন কৰা হয় ৷ যাৰ লক্ষ্য হৈছে ছালত হোৱা এই ৰোগৰ বিষয়ত সজাগতা বৃদ্ধি কৰা ৷ ছালত থকা ৰঞ্জক হ্ৰাস হোৱাৰ ফলতে বগা দাগ দেখা দিয়ে, যাক ভিটিলিগো বুলি কোৱা হয় ।
ভিটিলিগো কি ?
বিশ্বব্যাপী 1-2 শতাংশ লোকক প্ৰভাৱিত কৰা ভিটিলিগোৱে ছালৰ ৰঙৰ বাবে প্ৰয়োজনীয় ৰঞ্জক মেলানিনৰ উৎপাদনত ব্যাঘাত জন্মায় ৷ যাৰ ফলত শৰীৰৰ বিভিন্ন অংশত বগা দাগ দেখা দিবলৈ ধৰে ৷ প্ৰকৃততে ভিটিলিগো কিহৰ বাবে হয়, সেই সম্পৰ্কে গৱেষকসকলে আজিও অজ্ঞাত ৷ তেওঁলোকে বিশ্বাস কৰে যে, আনুবংশিক আৰু পাৰিপাৰ্শ্বিক কাৰকৰ সংমিশ্ৰণৰ ফলতে ভিটিলিগৰ দৰে ছালৰ ৰোগে শৰীৰত দেখা দিয়ে ।
লগতে পঢ়ক: বাৰিষাত চুলি আৰু ছালৰ যতন কেনেদৰে ল’ব লাগে জানেনে ? - Monsoon Hair and Skin Care
ভিটিলিগো নামৰ ৰোগবিধ শৰীৰৰ যিকোনো অংশতে দেখা দিব পাৰে ৷ সাধাৰণতে ই সূৰ্যৰ পোহৰৰ সংস্পৰ্শলৈ অহা এলেকাবোৰকহে প্ৰভাৱিত কৰে, যেনে : মুখ, হাত, ভৰি আদিৰ লগতে যৌনাংগৰ চাৰিওফাল । ই মুখ আৰু চকুৰ ভিতৰতো দেখা দিব পাৰে ।
ভিটিলিগো যিকোনো বয়স আৰু লিংগৰ লোকৰে শৰীৰত দেখা দিব পাৰে ৷ জাতিগতভাৱে ই যিকোনো ব্যক্তিৰ ক্ষেত্ৰত দেখা দিব পাৰে । যদিও ইয়াৰ সংক্ৰমণৰ কোনো নিৰ্দিষ্ট বয়স নাথাকে, তথাপিও ই প্ৰায়ে 10-30 বছৰৰ বয়সৰ ব্য়ক্তিৰ ক্ষেত্ৰত সহজে দেখা দিয়া পৰিলক্ষিত হয় ৷ পুৰুষ-মহিলা উভয়ৰে ক্ষেত্ৰত এই ৰোগ হোৱা দেখা যায় ৷
বিশ্ব ভিটিলিগো দিৱসৰ ইতিহাস:
প্ৰথমবাৰৰ বাবে এই দিৱস উদযাপন কৰা হৈছিল 2011 চনত । এই দিনটোক প্ৰথমতে ভিটিলিগো সজাগতা দিৱস বা ভিটিলিগো বেঙুনীয়া ধেমালি দিৱস বুলি কোৱা হৈছিল, ইয়াৰ কাৰণ হৈছে বেঙুনীয়া ৰঙটোৱে চৰকাৰী ৰঙক প্ৰতিনিধিত্ব কৰে ।
লগতে পঢ়ক: ৰৈ যোৱা ৰুটি-ভাজিৰে প্ৰস্তুত কৰক সোৱাদযুক্ত-স্বাস্থ্যসন্মত কাটলেট - Roti Vegetable Cutlet
এই দিনটো প্ৰয়াত আমেৰিকান পপ তাৰকা মাইকেল জেকচনৰ নামত উৎসৰ্গিত কৰা হৈছিল, যিয়ে ভিটিলিগো ৰোগত ভূগিছিল । 2009 চনৰ 25 জুনত জেকছনৰ মৃত্যু ঘটে ৷ সেয়েহে তাৰকাগৰাকীৰ সন্মানৰ অৰ্থে 2011 চনৰে পৰা প্ৰতি বছৰে 25 জুনৰ দিনটো বিশ্ব ভিটিলিগো দিৱস হিচাপে পালন কৰা হয় ।
বিশ্ব ভিটিলিগো দিৱসৰ বৈশিষ্ট্য:
বিশ্ব ভিটিলিগো দিৱসৰ মুখ্য উদ্দেশ্য হৈছে ভিটিলিগোৰ বিষয়ে সজাগতা বৃদ্ধি কৰি ইয়াৰ পৰা হ’ব পৰা ৰোগক প্ৰতিৰোধ কৰা ৷ প্ৰায়ে দেখা যায় যে, এই ৰোগে আক্ৰান্ত কৰা ব্যক্তিসকলে মানসিক অন্তৰ্দ্বন্দ্বত ভোগে আৰু বিভিন্ন সমস্যাৰ সৈতে মোকাবিলা কৰে ।
এই দিনটোৰ উদ্দেশ্য হৈছে বিভিন্ন চিকিৎসা বিকল্পৰ বিষয়ে লোকসকলৰ মাজত প্ৰচাৰ কৰা আৰু ভিটিলিগোত ভোগা লোকসকলৰ বাবে নিজৰ স্বাস্থ্যৰ যত্ন লোৱাৰ ক্ষেত্ৰত গুৰুত্ব বৃদ্ধি কৰা ৷ যিয়ে এই ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত ঔষধ আৰু চিকিৎসা বিচাৰি উলিওৱাত সহায় কৰে ।
2024 চনৰ বিশ্ব ভিটিলিগো দিৱসৰ বিষয়বস্তু:
বিশ্ব ভিটিলিগো দিৱস ২০২৪ ৰ বিষয়বস্তু হৈছে 'ছালৰ দ্বাৰা সংযুক্ত'। এই বিষয়বস্তুটোৱে ভিটিলিগোত আক্ৰান্ত ব্যক্তিসকলৰ অনন্য সৌন্দৰ্যক স্বীকৃতি দিয়া আৰু প্ৰশংসা কৰাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে । ই ভিটিলিগোক মানৱ বৈচিত্ৰ্যৰ অংশ হিচাপে উদযাপন কৰিবলৈ উদগনি দিয়ে ।
বিশ্ব ভিটিলিগো দিৱস উদযাপনৰ কাৰ্যকলাপ:
এই দিনটোৰ উদ্দেশ্য হৈছে কু-সংস্কাৰৰ বিৰুদ্ধে যুঁজ দিয়া ৷ সামূহিক সমাৱেশ, আলোচনা চক্ৰ আৰু সজাগতা অভিযানৰ দৰে অনুষ্ঠানৰ সৈতে ইয়াৰ গ্ৰহণযোগ্যতা বৃদ্ধি কৰা ।
ভাৰতৰ দৃশ্যপট:
2022 চনত ইণ্ডিয়ান জাৰ্ণেল অৱ ক্লিনিকেল এণ্ড এক্সপেৰিমেণ্টেল ডাৰ্মাট’লজীৰ দ্বাৰা কৰা এক পৰ্যবেক্ষণ অধ্যয়নত দেখা গৈছিল যে, ভাৰতীয় উপ মহাদেশত বিশ্বৰ ভিতৰতে সৰ্বাধিক লোক ভিটিলিগোৰ দ্বাৰা আক্ৰান্ত হয় ৷ এই পৰিমাণ হৈছে প্ৰায় 8.8 শতাংশ ।
ভিটিলিগোৰ বাবে আয়ুৰ্বেদিক চিকিৎসা:
আয়ুৰ্বেদিক চিকিৎসা পদ্ধতিত ভিটিলিগোৰ চিকিৎসাৰ বাবে বাকুচি (পি কোৰিলিফোলিয়া) বীজ ব্যৱহাৰ কৰা হয় । ভিটিলিগোৰ বাবে টপিকেল আৰু চিষ্টেমিক এপ্লিকেচন হিচাপেও প'ৰেলেন্স ব্যৱহাৰ কৰা হয় ।
লগতে পঢ়ক: মাত্ৰ ১০০ গ্ৰাম জামুৱে আপোনাৰ স্বাস্থ্যক দিব বহুখিনি লাভ - Jamun Benefits