ETV Bharat / health

কি হয় হেপাটাইটিছ ? ইয়াৰ কাৰণ, লক্ষণ তথা প্ৰতিৰোধৰ ব্যৱস্থা জানি লওক - World Hepatitis Day 2024

author img

By ETV Bharat Health Team

Published : Aug 28, 2024, 11:30 AM IST

World Hepatitis Day 2024: হেপাটাইটিছৰ বাবে যকৃতে সঠিকভাৱে কাম কৰিব নোৱাৰে, যাৰ ফলত শৰীৰত বহু ধৰণৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে । প্ৰতি বছৰে প্ৰায় ১৩ লাখ লোকে এই লিভাৰ সম্পৰ্কীয় সংক্ৰমণ, হেপাটাইটিছৰ বাবে প্ৰাণ হেৰুৱাবলগীয়া হয় । সেয়ে প্ৰতি বছৰে ২৮ জুলাইৰ দিনটোত জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে বিশ্ব হেপাটাইটিছ দিৱস পালন কৰা হয় ৷

World Hepatitis Day 2024: What is hepatitis? Know its symptoms, causes and prevention measures
কি হয় হেপাটাইটিছ ? ইয়াৰ কাৰণ, লক্ষণ তথা প্ৰতিৰোধৰ ব্যৱস্থা জানি লওক (CANVA)

প্ৰতি বছৰে ২৮ জুলাইৰ দিনটোত সমগ্ৰ বিশ্বতে বিশ্ব হেপাটাইটিছ দিৱস হিচাপে পালন কৰা হয় । সংক্ৰামক ৰোগ হেপাটাইটিছৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে এই বিশেষ দিনটো পালন কৰা হয় । অতি কম সংখ্যক লোকেহে জানে যে প্ৰতি বছৰে প্ৰায় ১৩ লাখ লোকে এই লিভাৰ সম্পৰ্কীয় সংক্ৰমণ, হেপাটাইটিছৰ বাবে প্ৰাণ হেৰুৱাবলগীয়া হয় । এনে পৰিস্থিতিত এই ৰোগ হেপাটাইটিছ দৰাচলতে হয় কি ? তথা এই ৰোগৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ ব্যৱস্থা সম্পৰ্কে জানো আহক-

হেপাটাইটিছ হৈছে এনে এক ৰোগ যিয়ে শৰীৰৰ এক অপৰিহাৰ্য অংগ যকৃতক আক্ৰান্ত কৰে ৷ ই এটা ভাইৰাছৰ দ্বাৰা হয় যিয়ে যকৃতৰ কোষৰ ক্ষতি কৰে ৷ যকৃতে শৰীৰৰ বাবে বহুতো গুৰুত্বপূৰ্ণ কাম কৰে, যেনে বিষাক্ত পদাৰ্থ আঁতৰোৱা, খাদ্য হজম কৰাত সহায় কৰা আৰু শক্তি উৎপাদন কৰা ৷ হেপাটাইটিছৰ বাবে যকৃতে সঠিকভাৱে কাম কৰিব নোৱাৰে, যাৰ বাবে শৰীৰত বহু ধৰণৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷

হেপাটাইটিছৰ প্ৰকাৰ

হেপাটাইটিছ ৫ প্ৰকাৰৰ ৷ A, B, C, D আৰু E৷ ইয়াৰে A আৰু E প্ৰকাৰ সাধাৰণতে বেছি দিনলৈ শৰীৰক আক্ৰান্ত কৰা দেখা নাযায়, অৰ্থাৎ কিছু সময়ৰ পিচত ই নিজাববীয়াকৈ নিৰাময় হয় ৷ আনহাতে B, C আৰু D প্ৰকাৰ বেছি দিন টিকি থাকিব পাৰে আৰু যকৃতৰ ৰোগ বা কেন্সাৰ হ’ব পাৰে ৷

হেপাটাইটিছ A: সাধাৰণতে দূষিত খাদ্য বা পানীৰ জৰিয়তে বিয়পে ৷

হেপাটাইটিছ B: আক্ৰান্ত ব্যক্তিৰ তেজ, লেলাউটি বা শৰীৰৰ অন্যান্য তৰল পদাৰ্থৰ সংস্পৰ্শলৈ আহি ই বিয়পে ৷

হেপাটাইটিছ C: সাধাৰণতে সংক্ৰমিত তেজৰ সংস্পৰ্শৰ দ্বাৰা বিয়পে ৷

হেপাটাইটিছ D: হেপাটাইটিছ বিৰ লগতে এই ৰোগ হয় ৷

হেপাটাইটিছ E: দূষিত খাদ্য বা পানীৰ জৰিয়তেও এই ৰোগ বিয়পে ৷

হেপাটাইটিছৰ লক্ষণ

  • ভাগৰ
  • হালধীয়া চকু আৰু ছাল (জণ্ডিচ)
  • পেটৰ বিষ
  • জ্বৰ
  • বমি বা ওকট-পাকত লগা
  • ভোক কমি যোৱা
  • ক'লা প্ৰস্ৰাৱ
  • পাতল ৰঙৰ মল
  • গাঁঠিৰ বিষ

হেপাটাইটিছৰ কাৰণ

ভাইৰাছ: বিভিন্ন ধৰণৰ হেপাটাইটিছ ভাইৰাছে যকৃতক সংক্ৰমিত কৰে ৷

দূষিত খাদ্য বা পানী: হেপাটাইটিছ A আৰু E সাধাৰণতে দূষিত খাদ্য বা পানীৰ জৰিয়তেও বিয়পিব পাৰে ৷

সংক্ৰমিত তেজ: সাধাৰণতে আক্ৰান্ত তেজৰ সংস্পৰ্শৰ দ্বাৰা হেপাটাইটিছ B আৰু C বিয়পে ৷

দূষিত বেজী: দূষিত বেজীৰে ড্ৰাগছ বা মাদক দ্ৰব্য গ্ৰহণ কৰা লোকসকলৰ দেহত হেপাটাইটিছ B আৰু C বিয়পাৰ আশংকা অধিক৷

অসুৰক্ষিত যৌন সম্পৰ্ক: অসুৰক্ষিত যৌন সম্পৰ্কৰ জৰিয়তে হেপাটাইটিছ B আৰু C বিয়পিব পাৰে ৷

হেপাটাইটিছ প্ৰতিৰোধৰ উপায়

  • হেপাটাইটিছ B আৰু Cৰ বাবে এন্টিভাইৰেল ঔষধ উপলব্ধ ৷
  • গুৰুতৰ ক্ষেত্ৰত লিভাৰ ট্ৰান্সপ্লাণ্টৰ প্ৰয়োজন হ’ব পাৰে ৷
  • যকৃত সুস্থ হ’বলৈ পৰ্যাপ্ত জিৰণি লোৱাৰ প্ৰয়োজন ৷
  • স্বাস্থ্যসন্মত খাদ্যই যকৃত সুস্থ হোৱাত সহায় কৰে ৷
  • মদ্যপানে যকৃতৰ ক্ষতি কৰে, গতিকে মদ্যপান পৰিহাৰ কৰাটো অতি প্ৰয়োজনীয় ৷
  • হেপাটাইটিছ A আৰু Bৰ ভেকচিন উপলব্ধ ৷
  • কণ্ডম ব্যৱহাৰ কৰিলে অসুৰক্ষিত যৌন সম্পৰ্ক স্থাপন কৰাৰ ফলত হোৱা সংক্ৰমণৰ পৰা হাত সাৰিব পাৰি ৷
  • সদায় পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ যত্ন লোৱা উচিত আৰু সিদ্ধ কৰা খাদ্যহে খাব লাগে ৷
লগতে পঢ়ক: Hepatitis disease: এইডছতকৈও অধিক মাৰাত্মক হেপাটাইটিছ ৰোগ; ইয়াৰ লক্ষণসমূহ কেনেকৈ চিনাক্ত কৰিব ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.