ETV Bharat / health

World Compliment Day ত আপোনজনলৈ প্ৰেৰণ কৰক প্ৰশংসাৰে ভৰা এইসমূহ বাৰ্তা

World Compliment Day 2024 : আমাৰ জীৱনত এনে বহু আছে যাক আমি প্ৰশংসা কৰিবটো বিচাৰো ৷ কিন্তু দ্বিধাবোধৰ বাবে কেতিয়াবা আমি ইয়াক প্ৰকাশ কৰিব নোৱাৰো । এনে পৰিস্থিতিত বিশ্ব প্ৰশংসা দিৱসে আপোনালোকৰ বাবে ভাল সুযোগ কঢ়িয়াই আনিছে ।

author img

By ETV Bharat Assamese Team

Published : Mar 1, 2024, 12:08 PM IST

World Compliment Day 2024: Why Do We Celebrate This Day? Here are some Best Compliments messages To Make Someone's Day
World Compliment Dayত আপোনজনলৈ প্ৰেৰণ কৰক প্ৰশংসাৰে ভৰা এইসমূহ বাৰ্তা

প্ৰতি বছৰে ১ মাৰ্চৰ দিনটোত বিশ্ব প্ৰশংসা দিৱস হিচাপে পালন কৰা হয় ৷ এই দিৱস বিশ্বজুৰি উদযাপন কৰা হয় ৷ য'ত সকলোৱে প্ৰকৃত অন্তৰৰ পৰা নিজকে ইতিবাচকতাৰ দিশে আগুৱাই লৈ যায় ৷ যাতে প্ৰশংসাৰ দ্বাৰা আপোনাৰ বন্ধু-বান্ধৱী, আত্মীয়-স্বজন আৰু ঘনিষ্ঠ মানুহৰ মাজৰ সম্পৰ্ক সুদৃঢ় হ’ব পাৰে ৷

কিয় উদযাপন কৰা হয় এই দিৱস ?

বিশ্ব প্ৰশংসা দিৱসৰ লক্ষ্য হৈছে ইজনে আনজনক পৰিপূৰক কৰি সুখ বিয়পোৱা । আপোনাৰ চৌপাশৰ কোনোবা এজন ব্যক্তিক সুখী আৰু কৃতজ্ঞতা প্ৰকাশ কৰাৰ প্ৰচেষ্টা চলোৱাৰ বাবে আজিৰ দিনটো উদযাপন কৰা হয় । আপুনি কাৰোবাক কোনো উপহাৰ, চাৰপ্ৰাইজতকৈ প্ৰশংসাৰ সৰু ইংগিত এটাই তেওঁক সুখী আৰু উৎসাহিত কৰিব ।

বিশ্ব প্ৰশংসা দিৱস উদযাপনৰ উদ্দেশ্য হৈছে মানুহে নিজকে ভাল অনুভৱ কৰা আৰু আত্মবিশ্বাসী অনুভৱ কৰোৱা । জনাই দিও যে এই দিৱস পোন প্ৰথমে ২০১৯ চনত নেদাৰলেণ্ডৰ হান্স প’ৰ্টভলিটে প্ৰৱৰ্তন কৰিছিল ।

সেয়ে এই বিশেষ দিনটোত আপোনাৰ আপোনজনক স্মৰণ কৰি ম’বাইলৰ জৰিয়তে তলত উল্লেখিত এই বিশেষ বাৰ্তাসমূহ প্ৰেৰণ কৰিব পাৰে-

  1. প্ৰশংসাৰ কেইটামান শব্দই এই পৃথিৱীখনক বসবাসৰ বাবে এক উন্নত ঠাই কৰি তুলিব পাৰে ৷ বিশ্ব প্ৰশংসা দিৱসত আপোনালোকলৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ ৷
  2. ভাল কামৰ বাবে কাৰোবাৰ প্ৰশংসা কৰিছো, তেনেহ’লে প্ৰকৃততে আপুনি তেওঁক উৎসাহ দি আছে ৷ বিশ্ব প্ৰশংসা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ ৷
  3. আমাৰ চৌপাশৰ যিসকল লোকে আমাৰ বাবে সৰু-সৰুকৈ ভাল কাম কৰিছে তেওঁলোকৰ বাবে এইটো এটা বিশেষ বিশ্ব প্ৰশংসা দিৱস হিচাপে উদযাপন কৰোঁ আহক ৷ ২০২৪ চনৰ বিশ্ব প্ৰশংসা দিৱসৰ শুভেচ্ছা জনালোঁ ৷
  4. প্ৰশংসা দিবলৈ কেতিয়াও লাজ নকৰিব, কিয়নো ই আপোনাৰ চৌপাশৰ কোনোবা এজনৰ বাবে বহুত বুজাব পাৰে ৷ মোৰ প্ৰিয় বন্ধু, আপোনাক বিশ্ব প্ৰশংসা দিৱসৰ শুভেচ্ছা জনালোঁ ৷
  5. প্ৰকৃত প্ৰশংসাই এজন ব্যক্তিক অতি সুখী আৰু ভাল অনুভৱ কৰাব পাৰে আহক আমি আমাৰ হৃদয়ৰ পৰা পোনে পোনে অহা প্ৰশংসাৰে World Compliment Day উদযাপন কৰোঁ ৷
  6. আপোনাৰ সৃষ্টিশীলতা আৰু কলাত্মক প্ৰতিভাই মোক সদায় আচৰিত কৰি তোলে ৷ এনেদৰেই আপুনি নিজৰ মনৰ প্ৰতিভা দেখুৱাই যাওক ৷ ২০২৪ চনৰ বিশ্ব প্ৰশংসা দিৱসৰ শুভেচ্ছা জনালোঁ ৷

লগতে পঢ়ক: ক’ভিডে ভাৰতীয়ৰ হাওঁফাওঁৰ গুৰুতৰ ক্ষতিসাধন কৰিছে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.