ETV Bharat / health

আপোনাৰ স্বাস্থ্যৰ বাবে বৰদানস্বৰূপ কেঁচা নাৰিকল...জানি লওক উপকাৰিতা - World Coconut Day 2024 - WORLD COCONUT DAY 2024

Eating Raw Coconut In Summers Benefits: আমাৰ স্বাস্থ্যৰ । কেঁচা নাৰিকলত মেগনেছিয়ামৰ দৰে উপাদান থাকে, যিবোৰ বহু দিশত হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে উপকাৰী বুলি বিবেচিত হয় । গ্ৰীষ্মকালত কিয় খাব লাগে জানো আহক-

World Coconut Day 2024: Eating Raw Coconut In Summers Benefits
আপোনাৰ স্বাস্থ্যৰ বাবে বৰদানস্বৰূপ কেঁচা নাৰিকল...জানি লওক উপকাৰিতা (ETV Bharat Assam)
author img

By ETV Bharat Health Team

Published : Sep 1, 2024, 5:10 PM IST

গৰমৰ দিনত নাৰিকলৰ পানী বহুত বিক্ৰী হোৱা দেখিছে চাগে ৷ মানুহে ইয়াক খাবলৈ বৰ ভাল পায় ৷ এতিয়া ভাদ মাহ চলি আছে আৰু বৰ্তমান বুটমাহ প্ৰসাদতো কেঁচা নাৰিকল খুবেই ব্যৱহাৰ কৰা হয়৷ কিন্তু আপুনি কেতিয়াবা কেঁচা নাৰিকল খোৱাৰ উপকাৰিতাৰ কথা কেতিয়াবা শুনিছেনে ? যদি নাই আজি আমি আপোনালোকক জনাম গৰমৰ দিনত কেঁচা নাৰিকল খালে আপোনাৰ শৰীৰে কেনেধৰণৰ উপকাৰিতা লাভ কৰে ৷ ইয়াৰ বিশেষ কথাটো হ’ল কেঁচা নাৰিকলত প্ৰচুৰ পৰিমাণে ৰুক্ষ আৰু আঁহ থাকে ৷ ইয়াৰ বাহিৰেও বহু কাৰণত কেঁচা নাৰিকল খোৱা স্বাস্থ্যৰ বাবে যথেষ্ট উপকাৰী বুলি গণ্য কৰা হয় ৷ কিয় আজি জানো আহক-

কেঁচা নাৰিকল খোৱাৰ উপকাৰিতা-

১) হজম শক্তিৰ বাবে ভাল

যদি আপোনাৰ পাচনতন্ত্ৰ দুৰ্বল হয়, তেন্তে কেঁচা নাৰিকল খোৱাটো আপোনাৰ বাবে উপকাৰী হ’ব পাৰে ৷ দৰাচলতে ই দুটা ধৰণে কাম কৰে ৷ প্ৰথমে ই পাচন এনজাইম বৃদ্ধি কৰে আৰু তাৰ পিছত ভোক বৃদ্ধি কৰে ৷ ইয়াৰ ফলত পাচনতন্ত্ৰ ক্ষীপ্ৰ হয় আৰু বিপাকীয় হাৰ বৃদ্ধি পায় ৷ গতিকে নিশ্চিতভাৱে গৰমত কেঁচা নাৰিকল খাব লাগে৷

২) ওজন কমাবলৈ সহায়ক

যদি আপুনি ওজন কমাব বিচাৰে তেন্তে কেঁচা নাৰিকল খাবলৈ আৰম্ভ কৰক ৷ ই আচলতে চৰ্বিৰ লিপিড বান্ধি শৰীৰৰ পৰা আঁতৰোৱাত সহায় কৰে ৷ ইয়াৰ উপৰিও ই চৰ্বি হ্ৰাস কৰাটো সহায় কৰে, যিয়ে ওজন কমাবলৈ সহায় কৰে ৷

৩) হৃদৰোগীয়ে কেঁচা নাৰিকল খাওক

কেঁচা নাৰিকল খোৱাটো হৃদৰোগীৰ বাবে অতি উপকাৰী৷ ইয়াৰ মেগনেছিয়ামে ৰক্তবাহী নলীবোৰ সুস্থ কৰি ৰাখে যদিও পটাছিয়ামে ৰক্ত সঞ্চালনৰ সঠিক গতি বজাই ৰখা আৰু বি পি পৰিচালনা কৰাত সহায় কৰে ৷ গতিকে, হৃদৰোগীয়ে কেঁচা নাৰিকল সেৱন কৰাটো খুবেই জৰুৰী ৷

৪) কোষ্ঠকাঠিন্য সমস্যাত উপকাৰী

যদি গ্ৰীষ্মকালত কোষ্ঠকাঠিন্যৰ সমস্যা হয়, তেন্তে নিশ্চিতভাৱে কেঁচা নাৰিকল খাব ৷ ই মলত্যাগ ক্ষীপ্ৰ কৰে ৷ প্ৰথমতে ই অন্ত্ৰৰ গতি দ্ৰুত কৰে, দ্বিতীয়তে ই মল কোমল কৰে আৰু তাৰ পিছত ই পেট পৰিষ্কাৰ কৰাত সহায় কৰে ৷

লগতে পঢ়ক: পেটৰ চৰ্বি গলোৱাত সহায় কৰিব নাৰিকল পানীয়ে...জানি লওক ইয়াক পান কৰাৰ সঠিক সময় - Weight Loss

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.