ETV Bharat / health

কেৱল ৰাজপথতে নহয় ডিজিটেল জগততো সুৰক্ষা গুৰুত্বপূৰ্ণ; এনেদৰে সুৰক্ষিত ৰাখক নিজকে

author img

By ETV Bharat Assamese Team

Published : Mar 8, 2024, 11:28 AM IST

Women Safety Tips: যদিও মহিলাসকলক আগুৱাই নিবলৈ আৰু তেওঁলোকক সুৰক্ষিত ৰখাৰ বাবে বহু পদক্ষেপ গ্ৰহণ কৰা হৈছে, তথাপিও কিছুমান কথা আছে যিবোৰ আপুনি নিজকে সুৰক্ষিত ৰাখিবলৈ মনত ৰাখিব পাৰে । নাৰী দিৱসত মহিলা সম্পৰ্কীয় বহু বিষয়ত মুকলিকৈ কথা পতাৰ সুযোগ পোৱা যায় । এনে পৰিস্থিতিত আজি আমি ডিজিটেল জগতৰ মহিলাসকলৰ সুৰক্ষাৰ বাবে কিছু গুৰুত্বপূৰ্ণ কথা জানো আহক-

Womens day 2024: Do follow these tips to Staying Safe in Increasingly Digital World
কেৱল ৰাজপথতে নহয় ডিজিটেল জগততো সুৰক্ষা গুৰুত্বপূৰ্ণ; এনেদৰে সুৰক্ষিত ৰাখক নিজকে

আজি সমগ্ৰ বিশ্বতে নাৰী দিৱস হিচাপে পালন কৰা হয় ৷ প্ৰতি বছৰে ৮ মাৰ্চৰ দিনটো আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস হিচাপে পালন কৰা হয় ৷ নাৰীক নিজৰ অধিকাৰৰ প্ৰতি সচেতন কৰি সমাজত সমতা প্ৰদান কৰাৰ উদ্দেশ্যেৰে উদযাপন কৰা হয় এই দিৱস ৷ নাৰী সম্পৰ্কীয় বহুতো বিষয় বিশ্ব পৰ্যায়ত আলোচনাৰ বিষয় হৈয়ে আছে ৷ নিৰাপত্তা এই গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ভিতৰত অন্যতম ৷ যাৰ সন্দৰ্ভত আজিকালি বহু পদক্ষেপ গ্ৰহণ কৰা হৈছে ৷ ডিজিটেল সুৰক্ষাও এটা গুৰুত্বপূৰ্ণ বিষয়, য’ত মহিলাসকলৰ বাবে সুৰক্ষিত হৈ থকাটো গুৰুত্বপূৰ্ণ ৷

শেহতীয়াকৈ চাইবাৰ আক্ৰমণ আৰু অপৰাধ দ্ৰুতগতিত বৃদ্ধি পাইছে ৷ বিশেষকৈ এআইৰ আবিৰ্ভাৱৰ পিচৰে পৰা ইয়াৰ ভুক্তভোগীৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে ৷ এনে পৰিস্থিতিত ডিজিটেল জগতখন ব্যৱহাৰ কৰাৰ সময়ত কিছুমান গুৰুত্বপূৰ্ণ কথা মনত ৰখাটো জৰুৰী ৷ আজি নাৰী দিৱস উপলক্ষে আমি আপোনালোকক এনে কিছুমান টিপছৰ বিষয়ে জনাম যিয়ে আপোনাক ডিজিটেল জগতত সুৰক্ষিত কৰি ৰাখিব ৷

যদি আপুনি নিজাববীয়াকৈ অনলাইন একাউণ্ট চলায়, তেন্তে ইয়াক সুৰক্ষিত কৰিবলৈ অ’টিপি, বায়’মেট্ৰিক প্ৰমাণীকৰণ আদিৰ দৰে দুটা কাৰক প্ৰমাণীকৰণ ব্যৱহাৰ কৰক ৷

অনলাইন গোপনীয়তা ছেটিংছ

আজিকালি ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰ বহুত বাঢ়িছে ৷ এনে পৰিস্থিতিত সেইবোৰ সুৰক্ষিতভাৱে ব্যৱহাৰ কৰিবলৈ ছ’চিয়েল মিডিয়াকে ধৰি অন্যান্য অনলাইন একাউণ্টত আপোনাৰ ব্যক্তিগত তথ্য সুৰক্ষিত কৰিবলৈ গোপনীয়তা ছেটিংছ (Online Privacy Settings) ৰাখক ৷

অনলাইন বজাৰ কৰাৰ সময়ত সাৱধান হওক

আজিকালি সকলোৱে সময় ৰাহি কৰিবলৈ আৰু ভাল বস্তুৰ সন্ধানত অনলাইন শ্বপিং ব্যৱহাৰ কৰি আছে ৷ বিশেষকৈ মহিলাসকলে প্ৰতিদিনে অনলাইন বজাৰ কৰি থাকে ৷ এনে পৰিস্থিতিত যেতিয়াই আপুনি অনলাইনত কিবা এটা ক্ৰয় কৰে তেতিয়াই মনত ৰাখিব যে আপুনি যি ৱেবচাইট ব্যৱহাৰ কৰি আছে সেয়া নিৰ্ভৰযোগ্য আৰু সুৰক্ষিত হয় নে নহয় ৷

শিশুৰ ওপৰত চকু ৰাখিব

আজিকালি শিশুসকলেও ম’বাইল ফোন বহুত ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে ৷ এনে পৰিস্থিতিত ল’ৰা-ছোৱালী, বিশেষকৈ কন্যা সন্তানৰ ওপৰত চকু ৰখাটো জৰুৰী কাৰণ প্ৰায়ে শিশুৱে অজ্ঞানতা আৰু তথ্যৰ অভাৱত ভুল কৰে ৷

চিন্তা-চৰ্চা কৰি তথ্য ভাগ-বতৰা কৰক

ছ’চিয়েল মিডিয়াৰ ক্ৰমবৰ্ধমান ধাৰাটোৰ বাবে আজিকালি মানুহে নিজৰ জীৱনৰ লগত জড়িত প্ৰতিটো আপডেট অনলাইনযোগে বন্ধু-বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰে ৷ এনে পৰিস্থিতিত এনেকুৱা সময়ো আহে যেতিয়া সেইবোৰৰ অপব্যৱহাৰ হ’ব পাৰে ৷ এনে পৰিস্থিতিত ছ’চিয়েল মিডিয়াত কিবা পোষ্ট কৰাৰ আগতে ভালদৰে চিন্তা কৰক ৷

বাৰ্তা চিনাক্ত কৰা

আজিকালি ছ’চিয়েল মিডিয়া প্লেটফৰ্মবোৰ মানুহৰ লগত সংযোগ স্থাপনৰ এক সুন্দৰ আৰু সহজ উপায় হৈ পৰিছে ৷ ইয়াৰ বাবেই আমি প্ৰায়ে বহুতো অচিনাকি মানুহৰ লগত জড়িত হৈ পৰো, যিটো আমাৰ বাবে বিপদজনক কেতিয়াবা হ’ব পাৰে ৷ এনে পৰিস্থিতিত এনে লোকৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰক আৰু যিকোনো সন্দেহজনক ব্যক্তিক ব্লক কৰি সাৱধানে ৰিপৰ্ট কৰিবলৈ চেষ্টা কৰক ৷

সুৰক্ষিত সামাজিক মাধ্যম ব্যৱহাৰ কৰক

যদি আপুনি বাহিৰত ৰাজহুৱা ৱাই-ফাই ব্যৱহাৰ কৰে তেন্তে ইয়াক ব্যৱহাৰ কৰাৰ সময়ত সাৱধান হওক ৷ লগতে আপোনাৰ ব্যক্তিগত হটস্পট যিমান পাৰি ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰক ৷

ৱেবকেমৰ ছেটিংছ পৰীক্ষা কৰক

আমাৰ ফোন, লেপটপৰ দৰে ডিভাইচত উপস্থিত ৱেবকেমে প্ৰায়ে আমাৰ অজ্ঞাতে আমাৰ ওপৰত চকু ৰাখে ৷ এনে পৰিস্থিতিত যিকোনো এপ বা ৱেবছাইটত প্ৰৱেশৰ অনুমতি দিয়াৰ আগতে ইয়াক ক্ৰছ-চেক কৰক আৰু লগতে আপোনাৰ ৱেবকেমটো যিমান পাৰি কভাৰ কৰি ৰাখক ৷

লগতে পঢ়ক: কিয় আন্তৰ্জাতিক নাৰী দিৱস কেৱল ৮ মাৰ্চতহে পালন কৰা হয় ? ইয়াৰ আঁৰৰ কাৰণ জানেনে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.