ETV Bharat / health

অটল সেঁতুৰ পৰা জপিয়াই মহিলাৰ আত্মহত্যাৰ চেষ্টা, আৰক্ষীয়ে ৰক্ষা কৰিলে প্ৰাণ...আত্মহত্যাৰ ঘটনা কেনেকৈ ৰোধ কৰিব পাৰি ? - How To Prevent Suicide - HOW TO PREVENT SUICIDE

How To prevent suicide: ভাৰতত আত্মহত্যাৰ ঘটনা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে, এনে পৰিস্থিতিত আমাৰ চৌপাশে এনে সম্ভাব্য ঘটনা ৰোধৰ বাবে পদক্ষেপ গ্ৰহণ কৰাটো এজন সচেতন নাগৰিক হিচাপে আমাৰ দায়িত্ব ।

Woman Tried To End Life By Jumping Off Atal Setu, how to prevent suicide around you?
অটল সেঁতুৰ পৰা জপিয়াই মহিলাৰ আত্মহত্যাৰ চেষ্টা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Aug 17, 2024, 5:51 PM IST

শুকুৰবাৰে সন্ধিয়া প্ৰায় ৭ বজাত মহাৰাষ্ট্ৰত সংঘটিত হয় এটি ঘটনা ৷ নৱী মুম্বাইৰ অটল সেতুৰ পৰা জপিওৱাৰ চেষ্টা চলাইছিল এগৰাকী মহিলাই ৷ আত্মহত্যাৰ চেষ্টা চলোৱা মহিলাগৰাকীক কেব চালক আৰু যান-বাহন আৰক্ষীয়ে একেলগে মিলি কথমপি প্ৰাণ ৰক্ষা কৰে ৷ মহিলাগৰাকীৰ বয়স প্ৰায় ৫৬ বছৰ বুলি জানিব পৰা গৈছে ৷ ভিডিঅ’টোত দেখা গৈছে যে কেব চালকে কেনেকৈ খৰধৰকৈ মহিলাগৰাকীৰ চুলিত ধৰিলে, একে সময়তে আৰক্ষীয়ে ৰেলিঙৰ ওপৰেৰে উঠি মহিলাগৰাকীৰ প্ৰাণ ৰক্ষা কৰাৰ আপ্ৰাণ চেষ্টা চলোৱা পৰিলক্ষিত হয় ৷ শেহতীয়াকৈ দেশত প্ৰায়ে বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা বৃদ্ধি পাইছে ৷ সেয়ে ইয়াক কেনেকৈ ৰখাব পাৰি সেয়ে বিষয়ে গুৰুত্ব দিয়াটো খুবেই প্ৰয়োজন ৷

আত্মহত্যাৰ ঘটনা কেনেকৈ ৰোধ কৰিব পাৰি ?

আত্মহত্যা এক গুৰুতৰ সামাজিক আৰু মানসিক স্বাস্থ্যজনিত সমস্যা, যিটো আমাৰ সমাজত দিনক দিনে বৃদ্ধি পাইছে ৷ ইয়াক ৰোধ কৰিবলৈ আমি আমাৰ চৌপাশৰ মানুহৰ মানসিক অৱস্থা বুজিবলৈ আৰু তেওঁলোকক সহায় কৰিবলৈ সাজু হোৱা উচিত ৷ আপুনি আপোনাৰ চৌপাশে আত্মহত্যা ৰোধ কৰিবলৈ কিছুমান গুৰুত্বপূৰ্ণ পদক্ষেপ ল’ব পাৰে ৷

১/ সজাগ হৈ থাকক

প্ৰথমে আমি আমাৰ চৌপাশৰ মানুহৰ আচৰণ আৰু মুখৰ ভাবলৈ গুৰুত্ব দিয়া উচিত ৷ যদি কোনো ব্যক্তিক দুখী, হতাশ বা মানসিক চাপত থকা যেন আপুনি প্ৰত্যক্ষ কৰে, তেন্তে তেওঁৰ অনুভৱক আওকাণ নকৰিব ৷ তেওঁৰ সমস্যাবোৰ বুজিবলৈ চেষ্টা কৰক আৰু তেওঁক কথা পতাৰ সুযোগ দিয়ক ৷ যদি কোনো ব্যক্তিয়ে জীৱনৰ প্ৰতি হতাশ হৈ আত্মহত্যাৰ সিদ্ধান্ত ল’বলৈ গৈ আছে, তেন্তে ইয়াক গুৰুত্বসহকাৰে লওক ৷ তেওঁ কোৱা কথাবোৰ ভালদৰে শুনিব আৰু তেওঁক সমৰ্থন কৰিবলৈ চেষ্টা কৰক ৷

২/ কথা-বতৰাৰ আৰম্ভণি কৰা

আত্মহত্যাৰ কথা ভাবি থকা ব্যক্তিৰ লগত কথা পতাটো জৰুৰী ৷ তেওঁক পোনপটীয়াকৈ সুধিব যে তেওঁ আত্মহত্যাৰ কথা ভাবিছে নেকি ? এই প্ৰশ্ন কৰিবলৈ আপুনি কোনো ধৰণৰ ভয়-সংকোচ নকৰিব; এনে ধৰণৰ কথা-বতৰা পাতিলে ব্যক্তিগৰাকীয়ে অনুভৱ কৰিব পাৰে যে তেওঁৰ অনুভৱবোৰ বুজিবলৈ চেষ্টা কৰা হৈছে ৷ তেওঁক জনাওক যে তেওঁ অকলশৰীয়া নহয় আৰু তেওঁৰ সমস্যা সমাধান হ’ব পাৰে ৷

৩/ সমৰ্থন আৰু পৰামৰ্শ প্ৰদান কৰা

এজন হতাশগ্ৰস্ত ব্যক্তিক আৱেগিক সহায় দিয়াটো অতি প্ৰয়োজনীয় ৷ তেওঁক বুজাওক যে প্ৰতিটো সমস্যাৰ সমাধান থাকে আৰু তেওঁৰ জীৱনটো কিমান মূল্যৱান সেয়া তেওঁক অনুভৱ কৰাওক ৷ তেওঁৰ লগত সময় কটাওক, তেওঁক ইতিবাচক কামত জড়িত কৰক আৰু তেওঁক জীৱনৰ ভাল কথাবোৰৰ কথা সোঁৱৰাই দিয়ক ৷ যদি ব্যক্তিজনে অকলশৰীয়া অনুভৱ কৰিছে তেন্তে তেওঁক এয়া আশ্বাস দিয়ক যে আপুনি তেওঁক সহায় কৰিবলৈ সদায় আছে ৷

৪/ আৰ্থিক সহায়

বহু সময়ত আৰ্থিক অভাৱত মানুহে আত্মহত্যাৰ পথ বাছি লয়, এনে পৰিস্থিতিত আপুনি এনে ব্যক্তিক যিমান পাৰে আৰ্থিকভাৱে সহায় কৰাটো গুৰুত্বপূৰ্ণ ৷ আপোনাৰ ফালৰ পৰা অলপ আৰ্থিক সাহায্যই কাৰোবাৰ জীৱন ৰক্ষা কৰিব পাৰে ৷ বিশেষকৈ বন্ধু-বান্ধৱ আৰু আত্মীয়ৰ প্ৰতি আপোনাৰ দায়িত্ব গুৰুত্বপূৰ্ণ হৈ পৰে ৷

৫/ সামাজিক সহায়

প্ৰায়ে আমি দেখিবলৈ পাওঁ কোনো কোনো কামত বিফলতাৰ বাবে এজন ব্যক্তিয়ে নিজৰ জীৱন শেষ কৰিবলৈ চেষ্টা কৰে ৷ এনে পৰিস্থিতিত বন্ধু-বান্ধৱী, পৰিয়াল আৰু সমাজৰ দায়িত্ব তেওঁক সমৰ্থন কৰি বুজাই দিয়া যে এটা বিফলতাই তেওঁৰ ভাগ্য সলনি কৰিব নোৱাৰে, জীৱনত সফল হোৱাৰ তেওঁ বহুতো সুযোগ লাভ কৰিব ৷

সতৰ্কীকৰণ: প্ৰিয় পাঠক, আমাৰ প্ৰতিবেদন পঢ়াৰ বাবে ধন্যবাদ ৷ এই খবৰটো কেৱল আপোনালোকক সজাগ কৰাৰ উদ্দেশ্যে লিখা হৈছে ৷ আমি এই প্ৰতিবেদনত সাধাৰণ তথ্যৰ সহায় লৈছো ৷ কিন্তু প্ৰিয় পাঠক, যদি আপুনি যিকোনো স্বাস্থ্যৰ সৈতে জড়িত কিবা প্ৰতিবেদন পঢ়ে, তেন্তে তাত উল্লেখিত পৰামৰ্শ বা উপায় গ্ৰহণ কৰাৰ পূৰ্বে নিশ্চিতভাৱে বিশেষজ্ঞৰ পৰামৰ্শ ল’বলৈ নাপাহৰিব ৷

(যদি আপোনাৰ মনলৈ আত্মহত্যাৰ চিন্তা আহিছে বা আপুনি কোনো বন্ধুৰ বাবে চিন্তিত বা আপোনাক আৱেগিক সমৰ্থনৰ প্ৰয়োজন হৈছে, তেন্তে স্নেহা ফাউণ্ডেশ্যনলৈ ফোন কৰক – ০৪৪২৪৬৪০০৫০ (২৪x৭ উপলব্ধ) বা আইকল, টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল চায়েন্স হেল্পলাইন – ৯১৫২৯৮৭৮২১ (সোমবাৰৰ পৰা শনিবাৰলৈ পুৱা ৮ বজাৰ পৰা নিশা ১০ বজালৈ উপলব্ধ ।)

লগতে পঢ়ক: সঁচাকৈয়ে ৰবটে আত্মহত্যা কৰিব পাৰেনে ? - robot suicide in south korea

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.